দিল্লী চৰকাৰে পাঁচ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়াব অক্সিজেনৰ অভাৱত মৃত্যু ঘটা কোভিড সংক্ৰমিত লোকৰ পৰিয়ালক

PC Zee News


অনলাইন বাৰ্ত্তাসেৱা –
অক্সিজেনৰ অভাৱত মৃত্যু ঘটা কৰ’নাত সংক্ৰমিত ব্যক্তিৰ পৰিয়ালক পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিব দিল্লী চৰকাৰে। এই ক্ষতিপূৰ্ণ দিয়াৰ উদ্দেশ্যে দিল্লী চৰকাৰে গঠন কৰি দিছে ছজনীয়া চিকিৎসকৰ এখন পেনেল। আপ চৰকাৰে ক্ষতিপূৰণ দিয়াৰ উদ্দেশ্যে বৃহস্পতিবাৰে জাৰি কৰা এক নির্দেশনাত দিল্লীত শেহতীয়াভাৱে অক্সিজেনৰ অভাৱত মৃত্যু ঘটা কোভিড ৰোগীৰ তালিকা প্রস্তুত কৰাৰ দায়িত্ব অর্পণ কৰিছে চিকিৎসকৰ এই কমিটীখনক। এই কমিটীয়ে চিকিৎসালয়ৰ বিধি অনুসৰি চিকিৎসাধীন কৰ’নাত আক্রান্ত ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যু ঘটাটো নিশ্চিত কৰিব। কমিটীয়ে সাপ্তাহিক হিচাপত দিল্লীৰ স্বাস্থ্য বিভাগৰ মুখ্য সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব। উল্লেখ্য যে চলিত মাহত দিল্লীৰ বাত্ৰা চিকিৎসালয়ত এগৰাকী জ্যেষ্ঠ চিকিৎসকসহ ১২জন ৰোগীৰ অক্সিজেনৰ অভাৱত মৃত্যু ঘটিছে। দিল্লী চৰকাৰে গঠন কৰি দিয়া এই কমিটীখনত বিভিন্ন চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক অন্তর্ভুক্ত কৰা হৈছে।