দিল্লী উচ্চ ন্যায়ালয়ে UPPA গোচৰৰ দেৱঙ্গনা কলিতাক জামিন প্ৰদান কৰে

pc OpIndia

অনলাইন বাৰ্ত্তাসেৱা – দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ সংঘৰ্ষৰ গোচৰৰ সন্দৰ্ভত কঠোৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত গ্ৰেপ্তাৰ কৰা দেৱঙ্গানা কলিতা আৰু নাতাশা নাৰৱালক জামিন প্ৰদান কৰে।

         ২০২০ চনৰ ২৩ মে’ত মহিলা মানৱ অধিকাৰ ৰক্ষক আৰু মহিলা আন্দোলন ‘পিঞ্জৰা টোড’ৰ প্ৰতিষ্ঠাপক সদস্যা, দেৱঙ্গনা কলিতা আৰু নাতাশা নাৰৱাল নামৰ দুজন শিক্ষাৰ্থীক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

        ২০২০ চনৰ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰুদ্ধে জাফৰাবাদৰ প্ৰতিবাদৰ সন্দৰ্ভত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছদিনা দুয়োজন জামিন দিয়া হৈছিল কিন্তু ‘কা’ বিৰোধী প্ৰতিবাদৰ সৈতে জড়িত আন এখন এজাহাৰৰ অধীনত আটক কৰা হৈছিল আৰু তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল।

        উল্লেযোগ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে জামিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ‘আচিফ ইকবাল তানহাক’ও জামিন প্ৰদান কৰে।

        লক্ষণীয়ভাৱে, দেৱঙ্গনাই ২০১৯ চনৰ ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল যাৰ বাবে অসমৰ একাংশ লোকে মহিলা আন্দোলন ‘পিঞ্জৰা টোড’ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যা দেবাঙ্গনা কলিতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।