দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ পাঁচ গৃহকৰ্মীক সম্বৰ্ধনা

দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ পাঁচ গৃহকৰ্মীক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-   সততাৰে কাম কৰি জীৱন যুঁজত অগ্ৰসৰ হোৱাৰ লগতে নিজ সন্তানকো সুশিক্ষিত কৰি তোলাৰ প্ৰয়াস কৰা মহানগৰীৰ পাঁচ গৰাকী গৃহকৰ্মীক আজি দিছপুৰ অনুভূতি নাগৰিক মঞ্চই সম্বৰ্ধনা জনায়। দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এক মনোজ্ঞ অনুষ্ঠানত গৃহকৰ্মী কেইগৰাকীক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। মানুহে মানুহৰ বাবে শীৰ্ষক সমবেত গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সভাপতি মানসী আদিলে সভাপতিত্ব কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা পাৰবীন হুছেইনে। মুন গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে শিক্ষাবিদ নীলিমা শৰ্মা, লেখিকা সংস্থা অসমৰ সভানেত্ৰী মৃদুলা শৰ্মা, লেখিকা সংস্থা অসমৰ সম্পাদিকা, শিক্ষাবিদ বিজয়া দেব দাস, লেখক-জ্যেষ্ঠ সাংবাদিক আজিজুৰ ৰহমান শইকীয়া আৰু সমাজসেৱী মৃণালী ভৰালী। অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙনি যোগোৱা বেবী দাস, শেৱালি লেখাৰু, কনিকা কলিতা, উৎপলা বৰা, স্বপ্না ৰায়মেধি, দীপা বৰা দত্ত, নিজৰা জন্নত, আছিয়া বেগমক মঞ্চই সম্বৰ্ধনা জনায়। সভাত সংগীতানুষ্ঠান পৰিৱেশন কৰে ইণ্ডিয়ান আইডলৰ প্ৰতিযোগী চেমিম চুলতানাই। আবৃত্তিৰ অনুষ্ঠান পৰিৱেশন কৰে ইউচুফ আলম চৌধুৰীয়ে। অনুষ্ঠানত সম্বৰ্ধিত পাঁচ গৰাকী গৃহকৰ্মী হ’ল আয়েছা বেগম, অজুফা বেগম, আহিয়া বিবি, চানৰুপী বেগম আৰু আছিদা বেগম। আবেগ বিধুৰ পৰিৱেশৰ মাজত অনুষ্ঠিত গৃহকৰ্মী সকলৰ সম্বৰ্ধনাৰ সময়ত সকলোৰে চকু সেমেকাই তোলে। প্ৰতিগৰাকী বক্তাই দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে।