থাৰ্টি-চেভেন……..ডিফেণ্ডেড

pc.- istock

থাৰ্টি-চেভেন……..ডিফেণ্ডেড

বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰতি বছৰেই আমাৰ প্ৰধান দুটা কাম থাকে। দিনে-ৰাতি ক্ৰিকেট খেলা আৰু মাৰ্বল খেলা। তাৰ মাজতে বেলেগৰ বাৰীৰ পৰা চুৰ কৰি বগৰী, জলফাই আদি খোৱা আৰু ৰাতিহ’লে কাৰোবাৰ আলুৰ খেতিৰ পৰা আলু চুৰ কৰি মনে মনে ভাজি খোৱা পৰ্ব আদিও নচলা নহয়। কিন্তু এক নম্বৰ স্থান পোৱা মূখ্য বিষয়টো হ’ল ক্ৰিকেট। ধান দাই নিয়াৰ পিছত পথাৰখনৰ পৰা নৰাবোৰ যিমান পাৰি উভালি পেলোৱা হয়। হালবাই ওখোৰা-মোখোৰা কৰি থৈ যোৱা পথাৰখন পাৰ্যমানে কোৰেৰে সমান কৰি মাজভাগত পিটচ্ এখন ৰেডী কৰা হয় প্ৰতি বছৰেই পৰীক্ষা শেষ হোৱাৰ ঠিক পিছদিনাই। আমাৰ গাত তৰণি নাথাকে। শচীন, দ্ৰাবিড়, গাংগুলী, শ্ৰীনাথ, প্ৰভাকৰ, প্ৰসাদ আদিৰ নিচিনা হোৱাৰ বাসনাই উদ্বাউল কৰি ৰাখে। ভাত-পানী, ভোক-পিয়াহ উৰি যায় অচিন দেশলৈ। আমাৰ চিনিয়ৰ ডিউচ বলৰ পাকৈত খেলুৱৈ মাণিক, ৰূপম, টুটু, দেবুহঁতে আমাক টীপছ্ দিয়ে। কেতিয়াবা ডা: নিখিল শৰ্মাদা আহে গুৱাহাটীৰ পৰা বিভিন্ন নতুন টেকনিক আৰু টীপছ্ লৈ। আউট ছুইং-ইন ছুইং আদিৰ লগতে, ফ্ৰন্ট ফুট্, ব্যাক ফুট্, স্কোৱেৰ কাট, ফ্লিক, গ্লান্স আদিৰো শিক্ষা দিয়ে। আমি আপ্লুত হও। ইন্ডিয়ান ক্ৰিকেট টীমে হাতবাউলি মাতি থকা যেন অনুভৱ হয়। মন চঞ্চল হয়। উৰি ফুৰে নাচনী পখিলাৰ দৰে।

দুদিনমান যোৱাৰ পিছত আমি পিটছ্ ইন্সপেকছন কৰো। ওখোৰা মোখোৰাবোৰ থাকি যোৱাত ইন ছুইং, আউট ছুইংবোৰ জধে-মধে হয়। দুই এজনৰ নাকৰ বাউন্ডেৰী খহে। উপায়ন্তৰ হৈ ওচৰতে থকা টংকেহঁতৰ ঘৰৰ পৰা গিৰমিছ্ লৈ আহোঁ। কেতিয়াবা আকৌ জিতুহঁতৰ ঘৰৰ পৰা গৰুক পানী খুৱাবলৈ চিমেন্টেৰে বনোৱা ৰিংটো লৈ আহোঁ। ‘টীম ইন্ডিয়া’ৰ পিটচ্ নিমজ কৰিবলৈ ৰোলাৰ থাকে। ‘টীম পশ্চিমহাটী’ৰ পিটচ্ নিমজ কৰিবলৈ অনুৰূপ ধৰনে গিৰমিছ্ আৰু গৰুক পানী খুউৱা ৰিং ৰোলাৰ হিচাপে ব্যৱহাৰ হয়। এইবাৰ আমাৰ পিটচ্ মোটামুটি মসৃণ হয়। খেল চলে পূৰ্ণগতিত। ধূলি লাগি, নৰাই কাটি হাত ভৰি ছিৰাল ফাট দিয়ে। মা-দেউতাহঁতে ঘৰত যে কিমান ডবা কোবায়! পিছে কাৰো এইবোৰ তুচ্ছ কথালৈ কেৰেপ-ভ্ৰুক্ষেপ কৰি থাকিবৰ আহৰি নাথাকে? মাক-দেউতাকবোৰ পৃথিবীলৈ আহেই কেবল বাচ্ছাক পিটন দিবৰ বাবে; আমি মানি ল‌ও এই চিৰন্তন সত্য। গতিকে এইবোৰ সাধাৰণ প্ৰাকৃতিক দুৰ্যোগ আমাৰ অন্তৰায় নহয়। গাংগুলীৰ দৰে অসাসাধাৰণ কেপ্তেইন, শচীনৰ দৰে বিশ্ববিশ্ৰুত বেটছমেন আৰু দ্ৰাবিড়ৰ লেখীয়া ধৈৰ্য্যৰে বেটিং ক্ৰীজত ঠিয় দি থকা বাসনাই গ্ৰাস কৰি থাকে আমাৰ মন-প্ৰাণ। শ্ৰীনাথ, প্ৰভাকৰ, প্ৰসাদৰ দৰে বল দলিওৱাৰ হেপাঁহ‌ ‌ও হয় দুৰ্বাৰ। খেলৰ প্ৰেকটিচ্ চলি থাকোঁতে কেতিয়াবা বতাহী ছোৱালীজাক পাৰ হৈ যায় খিলখিলাই। বিভিন্ন ৰ‌ঙৰ লেডীবাৰ্ড চাইকেল চলাই যেতিয়া কাষৰ ৰাস্তাটোৰে পাৰ হৈ যায় আমাৰ মনবোৰত সাতোৰঙী সপোনে ৰামধেনু আঁকে। এনে লাগে যেন ঠিক সেই সময়তে বলটো চিক্সাৰ মাৰি পঠাই চাইকেলৰ ওচৰত পেলাই দিম। সিহঁত ৰখিব, বলটো কুন্দত কটা লাহী আঙুলি কেইটাৰে চুব আৰু চুমা এটি আকি ওভতাই দিব। ফূৰ্তিত আমি কিৰিলি পাৰিম। পিছে ছোৱালীৰ জাকটো কেতিয়াও নৰয়, উৰনীয়া মৌৰ নিচিনা চো-চোৱাই অন্তৰ্ধান হয় নিমিষতে। ৰঙা,নীলা,বেঙুনীয়া ৰবৰেৰে চুলিকোচা গাঠি মসৃণ গতিত সমদল কৰি আমাৰ বুকুত তানপূৰাৰ সুৰ তুলি গুছি যায়। ফুলৰ অমৃতসম মৌ চুপিবৰ বাবে উৰি ফুৰা মৌপিয়াৰ লেখীয়া হৃদয়ত প্ৰেমৰ দুৰ্বাৰ বাসনা লৈ আমি তধা লাগি চাই ৰ‌ও।

দহদিনমান প্ৰেকটিচ কৰাৰ পিছত আমাৰ নেজত জুই লাগে। নতুন গলিয়া, পুৰণ গলিয়া, দক্ষিণ হাটী, মাহতলী আদি ওচৰ চুবুৰীয়া গাওঁবোৰৰ লগত আমাৰ ক্ৰিকেট মেচৰ বাজী আৰম্ভ হয়। কেতিয়াবা সিহঁতে আমাক নিমন্ত্ৰণ দিয়ে আৰু কেতিয়াবা আমি সিহঁতক নিমন্ত্ৰণ দিওঁ। বাজী সাধাৰণতে টকা-পইচাৰ হয়। প্ৰত্যেকে যদি আঠ‌অনাকৈ দিব পাৰোঁ তেন্তে চাৰে-পাঁচ টকীয়া বাজী নাইবা দিনকাল ভাল থাকিলে প্ৰত্যেকে এক টকাকৈ দি এঘাৰ টকীয়া বাজী। আম্পায়াৰৰ হাতত দুই দলে প‌ইচাখিনি জমা দিয়ে আৰু জিকা পাৰ্টিটোৱে খেল সামৰাৰ পিছত লৈ যায়। এনেকুৱা খেলবোৰত আকৌ আম্পায়াৰ চাহাব অবৈতনিক হিচাপে আহে। ৰাউন্ড ব’গা ৰঙৰ হেট পিন্ধি ধূলিৰ লগতে দুই দলৰ খেলুৱৈৰ গালি খাই দুই-তিনি ঘন্টা ৰ’দত বিনা প‌ইচাই ঠিয় দি এই ধৰনৰ আম্পায়াৰ বিলাকে কি যে শান্তি পাইছিল মোৰ হ’লে এতিয়াও বোধগম্য নহ’ল। মুঠতে এনে খেলবোৰত প্ৰায়েই অৰ্থৰ অভাৱ হ’লেও ফ্ৰী আম্পায়াৰৰ অভাৱ কোনো কালেই কোনো গাওঁতেই হোৱা নাছিল। খেল থকা বুলি শুনিলেই আম্পায়াৰ নামৰ প্ৰাণীবিধ নিজে নিজেই গজালি ওলোৱা বুটমাহৰ নিচিনা প্ৰকট হৈ যায় ক’ৰবাৰ পৰা।

ক্লাছ ছেভেন নে এইটত থাকোঁতেই কোনে কি ভাবি জানো গাওঁৰ জুনিয়ৰ ক্ৰীকেট টীমৰ কেপ্তেইন মোকেই পাতি দিলে। বানপানীত উটি অস্হি-চৰ্মসাৰ দেহাটোৰে কিবাকৈ বাচি উশাহ লৈ থকা নেউলটোৰ নিচিনা আছিলোঁ যদিও মূৰত ঘি অকন বেছি আছিল বুলি ভাবিয়েই চাগৈ মোক কেপ্তেইন পাতি দিছিল। অবশ্যে এনেকুৱা জুনিয়ৰ টীমৰ ক্ৰিকেট কেপ্তেইনৰ খেলৰ আগত টচ্ কৰা বাদ দি আন কোনো কাম নাই। কেপ্তেইনৰ কথা কোনেও নুশুনে। বেটখন যাৰ সি পাৰিলেও বা নোৱাৰিলেও প্ৰথম বেট ধৰিব‌ই আৰু যাৰ বল সি প্ৰথমে বল দিবই। এনেকুৱা টীমত টীম মিটিং, স্ট্ৰেটেজী মেকিং আদি শব্দ নাথাকে। থাকে মাথোন দুৰ্বাদল কাজিয়া আৰু মেচ হাৰাৰ পিছত ইটোৱে সিটোক কৰা অপমান। টীমৰ ভাইচ্ কেপ্তেইন আছিল মোৰ আটাইতকৈ বিশ্বাসী বন্ধু ধনজিত। বুদ্ধিত বৃহস্পতি আৰু টীমৰ একমাত্ৰ বাওঁহতীয়া বেটছমেন। লগতে উইকেট কীপিঙৰ দ্বায়িত্ব‌ও আছিল তাৰেই। দিগেশ, চুনু আৰু নিখিল আছিল মিডল অৰ্ডাৰ শুৱনি কৰা কিছু নিৰ্ভৰযোগ্য সদস্য। টীমৰ একমাত্ৰ ব্লাইন্ডাৰ আছিল নিহাৰ। ভাওনাত গদা ঘূৰোৱা দি বেট ঘূৰাই দিয়ে। নিহাৰে জীৱনৰ কোনো এখন খেলতেই চাগে চাৰি-পাঁচটাতকৈ বেছি বল খেলা নাই। সাধাৰণতে সি দহ-বাৰ ৰান প্ৰায় সদায়েই কৰে। আমাৰ বলি‌ং বিভাগৰ মূল সদস্য আছিল জিতু। গাৰ জোৰত বল দলিয়াব পাৰে। কিন্তু কেতিয়াবা উত্তেজনা বাঢ়িলে তাৰ মুখেৰে ‘হু…উ’….বুলি অদ্ভুত শব্দ এটা ওলায়। এই ‘হু…উ’….ওলালেই সব গন্দগোল। তাৰ আৰু ওভাৰ শেষ নহয়। ‘হু….উ’…মানে ৱাইড বলৰ বৰষুণ; একোটা ওভাৰ হয়গৈ বাইশ-তেইশ বলৰ। আমাৰ বলিং ডিপাৰ্টমেন্টৰ আন এক উল্লেখযোগ্য সদস্য হ’ল নগেশ। নগেশৰ ক্ৰিকেটৰ অবচেছন অলপ বেলেগ। প্ৰত্যেকটো বলতেই নগেশক একোটা উইকেট লাগে। হাত ঘূৰাই বল ডেলিভাৰী নৌহৌতেই আম্পায়াৰ মহোদয়ক আপীল- হাউচ্! বাকী ৰৈ যোৱা ‘ডেট ছাৰ’ অংশটো ক’ব নাপায়, বল বাউন্ডেৰী পাৰ হয় ইতিমধ্যে। আন দুজন সদস্য আছিল গৌতম সিঙ আৰু মনজিত বিহাৰী। গৌতমৰ আকৌ খঙটো চুলিৰ আগত কণা-বাদুলিৰ নিচিনা ওলমি থাকে। ফীল্ডৰ শেষৰ পৰা ‘হিলি-দুলি’ লাৱনী বিহুৱতীৰ নিচিনা বুকু কপাই দৌৰি আহে। প্ৰতিপক্ষৰ বেটছমেনে চিক্স-ফ’ৰ যদি কিবা কোবালে হ’ল আৰু। খঙৰ ভমকত পৰবৰ্তী ক’ত বল পৰে ঠিক নাই। একো ক’ব বা বুজাব‌ও নোৱাৰি। কেপ্তেইন, ভাইচ্ কেপ্তেইন কাৰো কথা নুশুনে। মনজিত বিহাৰী আকৌ ‘কূল এজ এ কুকুম্বাৰ’। নিৰ্দিষ্ট গতিত নিজৰ ওভাৰটো শেষ কৰিব লাগে। চিক্স,ফ’ৰ, ৱিকেট এইবোৰ মতলব নাই। টীম হৰা-জিকাও মতলব নাই। চিৰদিন উদাসীন! আমাৰ টীমৰ শেষৰজন হ’ল ৰিংকু ওৰফে এল বালা। মূখমন্ডলৰ গঢ়ৰ লগতে দেখাত এল বালাজীৰ নিচিনা ওখ আৰু সমানেই ক’লা বাবে কোনোবাই নামাকৰন কৰিলে এল বালা। বেঞ্চ স্ট্ৰেনংথ ও আমাৰ কম নাছিল। চন্দন ওৰফে ধনো, মনোজ, ৰিকি ওৰফে পন্টিং, বিকাশ , পোনা ওৰফে ভোলা আদিবোৰ আছিল আমাৰ টীমৰ এঘাৰৰ পিছৰ বাকীবোৰ নম্বৰৰ খেলুৱৈ।

সেইদিনা ৰবিবাৰ আছিল। ৰাতিপুৱাই আমি পুৰণ গলিয়া ফীল্ডত হাজিৰ। পুৰণ গলিয়াৰ লগত এঘাৰ টকাৰ বাজী। আগদিনাই পান-তামোলেৰে নিমন্ত্ৰণ দি থৈ গৈছিল পুৰণ গলিয়াৰ দুই দুৰন্ত ফাষ্ট বলাৰ সপা আৰু ডনাই(সপা মানে বটলৰ সাঁফৰ আৰু ডনা মানে কলৰ দোৰোল)। এই দুই বলাৰ আছিল আমাৰ সৰুকালৰ ত্ৰাস। কোনে জানো ইমান সুন্দৰকৈ দুয়োকে গননা কৰি জাউতিযুগীয়া নাম কেইটা ৰাখিছিল নাজানো কিন্তু সিহঁতৰ আচল নাম আমি কাহানিও নাজানিলো। সপা আৰু ডনা বুলি মাতিলেই সিহঁতে হাঁহি হাঁহি মাতিছিল বাবে আমিও দুয়োকে সেই নামেৰেই মাতিছিলো। পুৰণ গলিয়াৰ আন দুজন অলৰাউন্ডাৰ আছিল নিপন আৰু পুনীল।সুন্দৰ বলিং আৰু বেটিং কৰে উভয়ে। তাৰ লগতে অচিন্ত্য, ডিম্বে, নাউধন, ভাস্কৰ, ৰমেন, ৰাতুল, হেমন্ত, পিংকু আদিৰে পুৰণ গলিয়াও এটা উচ্চমানৰ টীম আছিল। ধনজিত আৰু মই পিটচ্ ইন্সপেকছন কৰিব গ’লো। ঘাঁহ, ম‌ইশ্বৰ চাবলৈ নহয়! ক’ত ক’ত খলাবমা আছে চাবলৈহে কাৰণ আমি দুয়ো অপেনিং কৰিম। সপা আৰু ডনাই কু-কুৱাই বিজুলী গতিত প্ৰেৰন কৰা ৰঙা মাৰুটী বল প্ৰথম চাৰি ওভাৰ খেলিম আমি দুয়ো। আমাৰ দুয়োৰে যিহে মৰাপাটৰ কাঈ সদৃশ মস্ত-মস্ত নোদোকা ভৰি। ঠেঁটুৱৈ লগা জাৰত ফ্ৰন্ট ফুটট খেলোতে ভৰিত বল লগা অংশটো মোটামূটি উৱঁলি যোৱাৰ উপক্ৰম হয়। তলপেটৰ তলত দুই ভৰিৰ মাজত হাড়নোহোৱা মাংসপিন্ড ডোখৰত লাগিলে আৰু কোনে পায়? কলিজাটো কোনোবাই মোহাৰি চিঙি পেলোৱা যেন লাগে। পেডচ্, গাৰ্ড আদি বস্তু আমাৰ বাবে আছিল সপোন।

নিৰ্দিষ্ট সময়ত আম্পায়াৰ চাহাবে পুৰণ গলিয়াৰ কেপ্তেইন নিপন আৰু মোক মাতি নি টচ্ কৰিলে। ষোল্ল ওভাৰৰ খেল। টচত জিকা মানেই বেটিং কৰাটো নিয়ম। টচত জিকি ফীল্ডি‌ঙৰ অপছন যে থাকে আমি আচলতে নাজানিছিলোঁ। সেইদিনা আমিয়েই টচত জিকিলো আৰু অবধাৰিতভাবেই বেটিং অপছনটো ললোঁ। ড্ৰেছিংৰূম মানে খেলপথাৰৰ ইটো মূৰত আমি বহিছো আৰু আম্পায়াৰৰ চিগনেলৰ বাবে ৰৈ আছোঁ। মোৰ দাদাৰ ল’ৰা বাবলু আহি ওলাল গুৱাহাটীৰ পৰা। পৰীক্ষাৰ বন্ধৰ বাবে ককাকৰ ঘৰলৈ আহিছে। কোনোবাই হেনো খবৰ দিলে আমাৰ মেচ আছে। গতিকে উধাতু খাই ফীল্ড পালেহি। আহিয়েই ক’লে যে সিও খেলিব। ইফালে আমাৰ টীম ৰেডী। কাক বলি দিয়া যায় ভাবি-চিন্তি মনজিত বিহাৰীক অফাৰটো দিয়া হ’ল। এনেয়ে একো কথা নোকোৱা ‘কূল কুকুম্বাৰ’ মনজিত সেইদিনা আকৌ নাচৰ বান্দা। নাই খেলিব‌ই। আমি বোলো বাবলু গুৱাহাটীৰ প্লেয়াৰ। আমাৰ জিকাৰ চাঞ্চ অলপ বাঢ়িলেহেঁতেন সি খেলিলে। সপা আৰু ডনাৰ প্ৰতিটো বল বাউন্ডেৰীৰ বাহিৰ কৰি দিলেহেঁতেন। নাই মনজিতে নামানিলে। অবশেষত খেল আৰম্ভ হ’ল। বেটিং ক্ৰীজত স্ট্ৰাইকিং এন্ডত মই আৰু নন-স্ট্ৰাইকিং এন্ডত ধনজিত। প্ৰথম ওভাৰ কৰিব ডনাই। মোৰ বুকু দুৰুদুৰুকৈ কপিছে। খেলপথাৰ মানুহেৰে ভৰি পৰিছে। সৰ্বশক্তিমানক প্ৰাৰ্থনা জনাইছোঁ যে কিবাকৈ আউট নোহোৱাকৈ ৰাখিবা। তেৰা-বেকা হৈ ‘দন্ত্য দ’ ৰূপ লৈ হলেও বেটৰ চুকে-কোনে কৰবাত লগাই দুই-চাৰি ৰান কৰিব পাৰিলেই ৰক্ষা। ডনাৰ প্ৰথম তিনিটা বল মই দেখা নাপালোঁ। ৰঙা ৰশ্মিৰ আভা এটি পাৰ হৈ যায় কু-কুৱাই। বাউন্ডেৰীৰ বাহিৰৰ পৰা কোনোবা মস্তান দৰ্শকে চিঞঁৰিলে- ‘হেৰৌ হৰকান্তৰ পুতেক মৰমৰ মাউলামুৱা, বল দেখা পোৱা নাই নেকি ঐ বাপু? মাৰক সৰু মাছ আৰু সেউজীয়া পাঁচলি খুৱাব ক’বি বোপাই।’ মই নুশুনাৰ ভাও জুৰি পুনৰ খেলত মনোনিবেশ কৰিলোঁ। চাৰি নম্বৰ বলটো মই গম নোপোৱাকৈয়ে বেটৰ চাইডত লাগি ৱিকেট কীপাৰ আৰু ফাৰ্ষ্ট স্লীপৰ মাজেৰে পাৰ হৈ বাউন্ডেৰী পালেগৈ। বাকী দুটা বল কিবাকৈ ডীফেন্ড কৰি উশাহ ললোঁ। পিছৰ ওভাৰ ধনজিতে খেলিব। এইবাৰ বল হাতত লৈ সপা ৰেডী। ছয়টা বল কিবাকৈ খেলি সেই ওভাৰত সি দুই ৰান কৰিলে। আকৌ মোৰ পাল। ডনা ৰেডী বলিং এন্ডত। প্ৰথম বল কোন ফালেৰে পাৰ হ’ল দেখা নাপালোঁ। মিডল স্টাম্প উফৰি গ’ল মোৰ। সেই ওভাৰতে দিগেশ আৰু চুনুও পেভিলিয়নমুখী হ’ল। পিছৰ ওভাৰ ধনজিতে কিবাকৈ খেলি আৰু তিনিৰান যোগ দিলে। কেপ্তেইন নিপনে ডনাৰ স্পেল শেষ নকৰি আকৌ বল কৰিব ক’লে। ওভাৰৰ শেষৰটো বলত ধনজিত আউট হ’ল। স্কৰ পিছে একেই থাকিল। নিহাৰে বেটিং ক্ৰীজত ঠিয় দিয়েই পুনিলৰ পৰবৰ্তী ওভাৰৰ প্ৰথম তিনিটা বলত চিক্সাৰ কোবাই চাৰি নম্বৰ বলটোত ক্লীন ব’ল্ড হৈ উভটিল। আমাৰ অবস্থা কাহিল হ’ল। শেষত চুচৰি-বাগৰি ‘টীম পশ্চিমহাটী’ৰ স্কৰ হ’লগৈ সাতত্ৰিশ। ইংৰাজী মিডিয়াম স্কুলত পঢ়া বাবলুয়ে সুধিলে সাতত্ৰিশ মানে কিমান? মই ক’লো যে থাৰ্টি-চেভেন! সি হাঁহিলে আৰু ক’লে যে থাৰ্টিচেভেন ডীফেন্ড কৰিব পাৰিবি জানো? মোৰ আৰু ধনজিতৰ মূৰত কি পোকে কামূৰিলে নাজানোঁ কিন্তু মৰসাহ কৰি সমস্বৰে ক’লো দুয়ো- ‘থাৰ্টিচেভেন ৱিল বি ডীফেন্ডেড!’

পোন্ধৰ মিনিট ব্ৰেকৰ পিছত পুৰণ গলিয়াৰ বেটিঙৰ পাল। আমি ফীল্ডৰ মাজত ৰৈ পুৰা টেনছনত মাথা মাৰিছো। কি কৰা যায়? মনজিত বিহাৰীক প্ৰথম ওভাৰৰ বাবে বাছনি কৰিলোঁ। টীমৰ শ্ৰেষ্ঠ বলাৰদ্বয় জিতু আৰু নগেশক পিছলৈ ৰাখিলোঁ যাতে ক্ৰাইছিছৰ মূহুৰ্তত কামত আহে। ভাগ্যৰবি সুপ্ৰসন্ন আছিল। বিহাৰীৰ বল নিখুঁত ঠাইত পৰিল। প্ৰথম ওভাৰত সিহঁতৰ অপেনাৰ পিংকু আৰু কেপ্তেইন-অলৰাউন্ডাৰ নিপন পেভিলিয়নমুখী হ’ল। স্কৰ কৰিব নোৱাৰিলেই। পৰবৰ্তী ওভাৰ কৰিবলৈ আহিল গৌতম সিঙ। সেই ওভাৰত আচৰিত ধৰনে এটা উইকেটৰ পতন হ’ল আৰু দুই ৰান স্কৰ কৰিলে। বিহাৰীৰ পৰবৰ্তী ওভাৰ এখোপ চৰা হ’ল। এটা ফ’ৰ মাৰিলে যদিও অচিন্ত্য আৰু ডিম্বে পেভিলিয়নমুখী হ’ল। আমি আশাৰ হেঙুলীয়া কিৰন দেখা পালোঁ। গৌতমৰ পৰবৰ্তী ওভাৰত চাৰিৰান সংগ্ৰহ কৰিলে অলৰাউন্ডাৰ পুনিলে। চাৰি ওভাৰৰ পিছত পাঁচটা ৱিকেট হৰুৱাই দহ ৰান। মেটচ ইভেনলী প‌ইজড্! আমাৰ শ্ৰেষ্ঠ বলাৰ জিতুৰ পাল। পুনিলক আউট কৰিব পাৰিলেই মেচ আমাৰ হাতত। উত্তেজনা বাঢ়ি বুকুত মাদল বাজিছে সকলোৰে। জিতুৰো বুকুত চাগৈ মাধূৰী দিক্ষিতৰ দৰে ধক্ ধক্। প্ৰথম বল দিবলৈ আহিয়েই তাৰ মুখৰ পৰা ওলাল…’হু…উ্’! আমি বোলো সৰ্বনাশ। নেক্সট বল….’হু…উ’! আৰম্ভ ৱাইডৰ বৰষুণ। চাৰিটা ৱাইড বল দিয়াৰ পিছত আমি জিতুক বুজাইছো। এল বালা ওৰফে ৰিংকুএ আহি জিতুৰ সোঁহাতখন টানিও দিলে দুবাৰমান। ক’লে ‘হু…উ’….চাউন্ড হোৱাৰ সময়ত হেনো তাৰ হাতখন বেকা হয়। জিতু ৰেডী পুনৰ। এইবাৰো ওলাল….’হু…উ’….! আমি চকু মুদি দিলোঁ। এইবাৰ পিছে বল চিধাই গ’ল আৰু পৰিল ঠিক পুনিলৰ বেটৰ আগত। ধুপ কৈ শব্দ এট উঠি বল নীল গগন ভেদি কাষৰ জংগলত সোমাল। সঠিককৈ হিচাপ কৰিলে সেইটো আচলতে ছয় নহয় বাৰমান হ’লহেতেন। সকলোৱে বল বিচাৰোতে পাঁচ-ছয় মিনিট গ’ল। জিতুক বুজালো যে তাৰ ওভাৰেই আমাৰ ভাগ্য নিয়ন্তা হ’ব। বাবলু ফীল্ডৰ ভিতৰলৈ আহিল পানীৰ বটল লৈ। আমাতকৈ টেনছন বেছি হৈছে তাৰ। জিতুক পুৰা উৎসাহ দি সি বাহিৰলৈ গ’ল। পৰবৰ্তী বলত ‘হু….উ’ আৱাজ নোলাল যদিও পৰাক্ৰমী পুনিলে কোবাই বল আকাশ মাৰ্গেৰে বাউন্ডেৰী পাৰ কৰিলে। আমি মূৰে-কপালে হাত দিলোঁ। জিতু আকৌ ৰেডী ৰান‌আপত। মিচিকিয়া হাঁহি এটা মোৰ পিনে মাৰি ক’লে যে চাই থাক….এইবাৰ আউট কৰিমে‌ই। মই চকু মুদি থাকিলোঁ। নাই এইবাৰ ‘হু….উ’ নুশুনিলো। পুনিলৰ তিনিওদাৰ স্টাম্প উফৰি গ’ল। আমি গগনফালি চিঞঁৰিলো। পুৰন গলিয়া ছয় উইকেটট ছাব্বিশ ৰান। টেইল আৰম্ভ। এতিয়াও বাৰ ৰান কৰিব বাকী। আমাৰ ক্ষীণ আশা আছে এতিয়াও। জিতুৰ পৰবৰ্তী তিনিটা বলত আৰু দুটা উইকেট। পুৰন গলিয়া আঠ ৱিইকেটত ছাব্বিশ ৰান। ধনজিত আৰু মই ভাবিলোঁ যে মনজিত বিহাৰীৰ বল যেতিয়া লাইন-লেংথত পৰি আছে, তাৰ দাৰাই পাৰিলে খেল শেষ কৰোঁ। পিছে কেপ্তেইন আৰু ভাইচ কেপ্তেইনৰ এইবোৰ অনাহক দখল‌আন্দাজি প্ৰতিবাৰেই চলিব জানো? নগেশে আহি ক’লে যে সিও বাহৰ ‘খুপলি’ ভাঙি টকা এটি দিছে সমানে। গতিকে সি বল দিব আৰু খেলখন সিয়েই জিকাব। আমি উপায়ন্তৰ হ’লো। এল বালা ওৰফে ৰি‌ংকু আৰু নিহাৰে নালাগে বুলি ক’লে। পিছে নগেশে নামানে। খেল এৰি আধাতে গুছি অহাৰ হুংকাৰ দিলে আৰু ক’লে আমাৰ গাঁৱৰ পিটচ্ খনো গৈয়েই খান্দি পেলাব হেনো। উপায় নোহোৱাত নগেশক বলটো দিলোঁ। নগেশ বলিং ৰান‌আপত ৰেডী। আমি বুঢ়াগোসাঁইক প্ৰাৰ্থনা কৰিছোঁ যে জিকাই দিবা আৰু কিবাকৈ। আম্পায়াৰৰ ওচৰত জাপ মাৰি হাত ঘূৰাই বল ডেলিভাৰী নৌহৌতেই চিঞৰিলে….’হাউচ’! সম্মুখত ডনা ‘দ্য স্পীডস্টাৰ’। মুখখন বিকটাই চকু মুদি দিলে বেট ঘূৰাই। বল বাউন্ডেৰী পাৰ। পুৰন গলিয়া আঠ ৱিইকেটত বত্ৰিশ ৰান। আমি বোলো বেপাৰ শেষ। তথাপি নগেশক হাতে-ভৰিয়ে ধৰি বুজনি দিলো। কিজানি শেষ ৰক্ষা হয়েই! পৰবৰ্তী বলত ডনাৰ তীব্ৰ কোব। বল চিধাই ওপৰলৈ উঠি গৈছে। নগেশে চিঞঁৰিলে- কোনো আহিব নালাগে মই ধৰিম। নগেশে বলৰ তলত অবস্থান কৰিছে। আগতে ক’বলৈ পাহৰিছো যে নগেশৰ আগদাঁত পাৰি অকন বাহিৰৰ ফালে হাতবাউলি থকা ধৰনৰ। দুই হাতৰ লগতে মুখখনো উত্তেজনাতে মেলি ৰৈছে। আমিবোৰে চিঞঁৰিছো….কেটচ্! ৰঙা মাৰুটী ব’ল হনুমান গতিত নামি আহি নগেশৰ ওচৰ পাঁওতেই বেচেৰাৰ অলপ জোটাপোটা লাগিল আৰু বলটোৱে শব্দ কৰিলে….থক! বল নগেশৰ হাতত নালাগি লাগিল ওলাই থকা আগ দাঁতপাৰিত। কেটচ্ মিচ্! ডনাই একৰান দৌৰি ল’লে ইতিমধ্যে। আমি গৈ নগেশৰ ওচৰ পাই শুশ্ৰুষাত লাগিলোঁ। অলপ তেজ ওলাইছে যদিও বিশেষ একো হোৱা নাই। নগেশে প্ৰকৃতিস্হ হৈ পৰবৰ্তী চাৰিটা বলত এক ৰানো খৰচ নকৰাকৈ সপাক পেভিলিয়নমুখী কৰি ওভাৰ শেষ কৰিলে। পুৰন গলিয়া ন ৱিইকেটৰ বিনিময়ত তেত্ৰিশ। পুৰা টেনছনত আমি। এটা ৱিকেট লাগে মাথোন। কিন্তু স্ট্ৰাইকিং এন্ডত ডনা। ছয় এটা মাৰিলেই শেষ। জিতুক লৈ ৰিক্স ল’ব নোৱাৰি। ‘হু….উ…..’ কৰি থাকিলে ৱাইডেৰে খেল শেষ হ’ব। মনজিত বিহাৰী আৰু গৌতম সিঙ ও অলপ টেনছনত যেন লাগিল। এল বালা ওৰফে ৰি‌ংকু এনে সময়ত সদায়েই বিন্দাছ। টেনছন নামৰ জিনিচ তাৰ গাওঁলীয়া অভিধানত নাই! ধনজিত আৰু মই ভাবিলোঁ এল বালাই আমাৰ নাও পাৰ লগাব। এল বালাৰ ওৰফে ৰিংকুৰ হাতত বল দি মোটামুটি গোটেই প্লেয়াৰ বিলাক বাউন্ডেৰী লাইনত সষ্টম কৰি ৰাখিলোঁ। এল বালাই দৌৰি গৈ ডনালৈ টোৱাই বল কৰিলে। ডনাই গাৰ জোৰেৰে বেট ঘূৰাই দিলে। ধুপকৈ শব্দ এটা কৰি বল উৰি গ’ল। শব্দটো শুনিয়েই কলিজাটো খহি যোৱাৰ উপক্ৰম হ’ল। ভাবিলোঁ আকাশলংঘী চিক্স! ৰাতিপুৱা আহি থাকোতে বাটত যোৰা-শালিকা এহাল আৰু প্ৰকান্ড দঁতাল হাতী এটা আমি সকলোৱে দেখি আহিছিলোঁ। ধনজিতে হেনো জিকিলে চিনি এপোৱা বুঢ়াগোঁসাইক ভেটি দিম বুলিও মানস কৰি আহিছিল। প্ৰভু ঈশ্বৰ পুৰাই সন্তুষ্ট আছিল সেইদিনা ‘টীম পশ্চিমহাটী’ৰ ওপৰত। বাউন্ডেৰীত নিহাৰে ছয়-সাত ফুট দীঘলীয়া জাপ এটা মাৰি সকলোকে স্তম্ভিত কৰি এক হাতেৰে বলটো ঠাপকৈ ধৰি নিজেও বিশ্ময়ত ক’ব নোৱাৰা হৈ চিঞৰি দিলে….জিকিলো! আমি যেন নিজৰ চকুকেই বিশ্বাসেই কৰিব পৰা নাই। সকলোৱে কিৰিলি পাৰি আম্পায়াৰৰ পৰা টকা বাইশটা ল’লো। বাহিৰত আহি দেখোঁ সকলোতকৈ সুখী মানুহজন বাবলু। ফূৰ্তিত নাচি আছে আৰু চিঞঁৰিছে….হুৰাহ! থাৰ্টিচেভেন….ডিফেন্ডেড!! থাৰ্টিচেভেন….ডিফেন্ডেড!!

দিগন্ত তালুকদাৰ