মোৰ সাহিত্য জীৱনৰ আলি কেঁকুৰীত
স্মৃতিৰ পাপৰি মেমিলেই খোদিত হয়
এটি নাম-এটি স্তম্ভ-এটি ক্ষণ
মুখত হাঁহিভৰা গাম্ভীৰ্যতা সনা
পায়জামা পাঞ্জাবী পৰিহিত
কান্ধত জোলোঙাৰে তুমি
দুৱাৰত টোকৰ পৰে
কথাৰ মাজতে গিলাচত চাহ আহে
জোলোঙাত ভৰি থাকে খবৰ বিভিন্ন সভা সমিতিৰ
তাৰে এটি খবৰ হব পাৰে সমবেত সংগীতৰ বাবে
হয়তো মহিলাৰ দল এটি লাগে
এদিনৰ জোলোঙাত আছিল
গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ সম্পাদকৰ বাব
কান্ধপতাৰ দিনৰে পৰা সাহিত্যৰ কৰ্ষণ
জীৱনৰ দিশ সলনি খুপি খুপি
মানুহৰ মাজে মাজে সাহিত্যৰ পোহৰ
আমাৰ বাবে
এটি অনুষ্ঠান তুমি
সদা জাগ্ৰত এটি সপোন
তাৰো ওপৰত এটি আদৰ্শ
হ’ব পাৰে জীৱন মৃত্যুৰ খেলাত তোমাৰ পৰাজয়
সকলোৱে হাৰিব এদিন শাসত প্ৰথা মানি
বিজয়ী তুমি সমাজৰ
বিজয়ী তুমি হৃদয়ৰ
এনেদৰেই থাকিবা অথবা আহিবা
ডোল হৈ সমাজৰ
দিশ হৈ বতাহৰ
কাৰণ
তুমি এটি বিশেষ ক্ষণ