ড্ৰু বেৰীমোৰে ভাৰতক কোভিড-১৯ সংকটৰ মাজত শক্তিশালী হৈ থাকিবলৈ আহ্বান জনাইছে

বাৰ্তাসেৱা- হলিউড তাৰকা ড্ৰু বেৰীম’ৰে সমগ্ৰ বিশ্বৰ লোকসকলক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত ভাৰতক সহায় কৰিবলৈ অনুৰোধ জনাইছে আৰু দেশখনত তেওঁৰ অনুৰাগীসকলক “শক্তিশালী” হৈ থাকিবলৈ আহ্বান জনাইছে।

৪৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় যে দেশত কোভিড-১৯ ৰ ঘটনাবৃদ্ধিৰ মাজতে “একেলগে ধৰি ৰাখিবলৈ” কঠোৰ চেষ্টা কৰি থকা ভাৰতৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ হৃদয়ত সদায় শ্ৰদ্ধা আছে। ভাৰতবাসীক এই মহামাৰী ৰোগৰ মাজতে তেওঁ সকলোকে কঠোৰ আৰু শক্তিশালী হবলৈ আহ্বান কৰিছে।