ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান – এক শক্তিশালী পদক্ষেপ – পুলিন ডেকা

pc rehab Adviser

ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান এক শক্তিশালী পদক্ষেপ

পুলিন ডেকা

“জেক কেৰাওকে” নামৰ গ্ৰন্থখনত আমেৰিকাৰ একাংশ যুৱ প্রজন্মই ডাগ্‌ছৰ কৰাল গ্লাসত পৰি কিদৰে বিপন্ন হৈ পৰিছিল তাৰ সুন্দৰ অৱলোকন কৰি ইয়াৰ ভয়াৱহতা উন্মোচন কৰিছিল। আমেৰিকাৰ পৰিবর্তনমুখী যারা পথৰ সময়ত ড্ৰাগ্ছৰ কবলত পৰি বহুসংখ্যক যুৱক হয় সমাজৰ পৰা বিচ্ছিন্ন হৈছিল অথবা কর্মক্ষমতা হেৰুৱাই পেলাইছিল। গ্ৰন্থখনত যুৱ প্রজন্ম আৰু সংস্কৃতিৰ মাজত লেখকে এক সম্পর্ক স্থাপন কৰিছে। শ্বাজিয়া ওমৰে “লাইক এ ডায়মণ্ড’ গ্রন্থত থাইলেণ্ডৰ পৰা অহা ড্ৰাগ্ছে বাংলাদেশৰ যুৱ প্ৰজন্মক কিদৰে বিপৰ্যয়ৰ মাজলৈ ঠেলি দিছে তাৰ আভাস দিছে। সমাজ জীৱনৰ ঘটনা-পৰিঘটনাৰ আলমত বর্ণিত এই গ্রন্থসমূহে প্ৰমাণ কৰিছে যে ড্ৰাগ্ছ সমাজ জীৱনৰ বাবে কিমান ভয়ংকৰ, বিপজ্জনক।

ড্ৰগ্ছ এক সামাজিক ব্যাধিয়ে নহয়, মনোবৈজ্ঞানিক বিশ্লেষণৰো বিষয়বস্তু। কাৰণ ইয়ে যুৱপ্ৰজন্মৰ চিন্তন-মনন, জগতক বাৰুকৈয়ে প্রভাৱিত কৰে। এই কথা স্বার্থহীনভাৱে কোৱাৰ প্রয়োজন আছে যে আত্ম অৱক্ষয় মান সম্পদ উত্তৰণৰ পৰিপন্থী। ব্যক্তিৰ ধ্বংসাত্মক কার্যকলাপে এটা পৰিয়ালকে নহয়, সমাজ এখনক প্ৰদূষিত কৰে। জীৱন দৰ্শন অবিহনে কেৱল আত্মতুষ্টি, সহজলভ্যতা আৰু সামাজিক ক্ষেত্ৰৰ পৰা আঁতৰি মানুহে যিবোৰ কাৰ্যত জড়িত হৈ পৰে, তেনেবোৰ কার্যকলাপে সামাজিক প্রত্যাহ্বাৰ সূচনা কৰে। আচৰণ, মনস্তাত্ত্বিক অভিব্যক্তিয়ে নতুন প্ৰজন্মৰ সন্মুখত যেতিয়া ধূসৰ পৰিৱেশৰ সূচনা কৰে, তেতিয়া সামাজিক বিকাশত নেতিবাচক প্রভাব পৰাটো নিতান্তই স্বাভাৱিক। ভবিষ্যতৰ ৰাষ্ট্ৰ নিৰ্মাতাৰ বুজনসংখ্যকে সামাজিক সত্তাটোৰ পৰা বিচ্ছিন্ন হ’লে, আর্থ-সামাজিক বিকাশমূখী যাত্ৰাৰ সম্মুখত বাধাৰ প্ৰাচীৰৰ সূচনা হয়। মানৱ সভ্যতাই বিভিন্ন কঠিন সময় অতিক্ৰমি আজি একবিংশ শতিকাত প্রৱেশ কৰিছে। কিন্তু বহু বিপজ্জনক সমস্যাই সমান্তৰালভাৱে গতি কৰাৰ বাবেই বিকাশৰ ধাৰাটো স্বাচ্ছন্দ্যভাৱে আগুৱাই যাব পৰা নাই। তেনে এক প্রধান সমস্যা হৈছে ড্ৰাগ্ছ তথা নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন। ড্ৰাগ্ছে কেৱল নতুন প্রজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়াই নহয়, স্বাস্থ্য, শিক্ষা, ৰাজনৈতিক এজেণ্ডালৈ প্রত্যাহ্বান নমাই আনিছে। ড্ৰাগছৰ সৈতে জৈৱিক, মনস্তাত্ত্বিক আৰু সামাজিক কাৰণসমূহ জড়িত হৈ থাকে। যাক ৰিস্ক ফেক্টৰ হিচাপে অভিহিত কৰিব পাৰি। সমগ্র বিশ্বজুৰি ড্ৰাগছ এক গুৰুতৰ সমস্যা হিচাপে চিহ্নিত হৈছে। কাৰণ যুৱপ্ৰজন্মৰ মাজত ই যিমানেই প্ৰসাৰিত হ’ব, সিমানেই মানব সম্পদ অপচয় ভয়াৱহ হৈ পৰিব। ড্ৰাগ্ছ আসক হোৱাটো বাক্তি পৰ্যায়ৰ পৰা সামাজিক স্তৰলৈ গতি কৰে। সেইবাবেই ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত শক্তিশালী স্থিতিৰ প্রয়োজনীয়তাক অস্বীকাৰ কৰাটো এক সামাজিক অপৰাধ। দৈনন্দিন জীৱনত ড্ৰগ্ছৰ প্রচলনে যুৱপ্ৰজন্মৰ কেৰিয়াৰ, সামাজিক সম্পর্ক আৰু ভবিষ্যমুখী দর্শনক প্রত্যক্ষভাৱে প্রভাৱিত কৰে। ড্ৰাগ্ছৰ এখন বৃহৎ বজাৰে অর্থনৈতিক ক্ষেত্রখনকো ক্ষতিগ্ৰস্ত কৰি আহিছে। অসমৰ দৰে ৰাজ্য এখনত চাৰিশৰ পৰা পাঁচশ কোটি টকাৰ প্ৰচলন হৈ থকাটো কিমান বিপজ্জনক সেই কথা সহজে অনুমেয়। অবৈধ ড্ৰাগ্ছৰ বজাৰ, ড্ৰাগছ উৎপাদন, বিতৰণ প্ৰক্ৰিয়াটোৰ মাজত যিসকল জড়িত হৈ আছে, সেইসকলে অনৈতিক প্রত্যাহ্বানো নমাই আনিছে। ড্ৰাগ্ছে অকল পৰিয়ালগত অশান্তিৰে সূচনা নকৰে। ড্রাগছ আসক্তৰ কৰ্মবিমুখিতা, সমাজ-বিৰোধী আচৰণ আৰু অপৰাধ প্রৱণতাই সামাজিক স্থিৰতাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। ছিটেমেটিক, ইকন’মিক আৰু ফার্মাকোলজিকেল- এই তিনি প্ৰক্ৰিয়াৰ সংযুক্তিকৰণৰে ড্ৰাগ্ছ আসক্ত আৰু হিংসাৰ মাজত সম্পর্ক নির্ণীত হয়। আনহাতে ড্রাগ্ছৰ বেজী গ্ৰহণ কৰাসকলৰ মাজত এইচ. আই.  ভি./ এইড্ছৰ দৰে মহামাৰীও বিয়পি পৰিছে। ইয়াৰ বাবে এক শক্তিশালী ব্যবস্থাৰ প্রয়োজনীয়তাক সকলোৱে উপলব্ধি কৰিব লাগিব। ড্ৰাগ্ছৰ ব্যবহাৰ আৰু অবৈধ সৰবৰাহ আজি মানৱ সভ্যতাৰ বাবেই এক প্রত্যাহ্বান। নৱপ্রজন্মৰ মাজত ড্ৰাগ্ছৰ ব্যাপক প্রচলনে সংকট আৰু অধিক ঘনীভূত কৰি তুলিছে। জাগ্ছ হৈছে নতুন প্রজন্ম সৃষ্টিশীল মানসিকতাৰ পৰিপন্থী এক বিষয়। এনে প্রেক্ষাপটত ড্ৰাগ্ছৰ বিৰুদ্ধে যে শক্তিশালী ব্যৱস্থাৰ প্রয়োজন, তাক স্বীকাৰ কৰি ল’বই লাগিব। স্বাধীনতাৰ সাত দশক ধৰি ৰাজ্যখনত অবৈধভাৱে ড্রাগ্ছৰ বজাৰ এখন চলি আছিল। ড্ৰাগ্ছৰ কবলত পৰি বহু যুৱক বিপথে পৰিচালিত হোৱাৰ লগতে পৰিয়াল, সমাজলৈ অশনি সংকেত কাঢ়িয়াই আনিছিল।

শাসনভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই যি বলিষ্ঠ আৰু সাহসী পদক্ষেপ গ্রহণ কৰিছে, তাৰ ফলত ড্ৰাগ্ছৰ ভয়ংকৰ ছবি এখন পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী বাহিনীক ড্ৰাগ্ছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়াৰ পিছত যোৱা দুমাহত ভয়ানক পৰিসংখ্যা প্রকট হৈছে। ৰাজ্যখনক সবলভাবে আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত লোৱা স্থিতি নিত্যান্তই প্ৰসংসনীয়। অকল ড্ৰাগ্ছ আসক্ত ব্যক্তিৰ পৰিয়ালেই নহয়, সমাজ সচেতন নাগৰিকসকলে আশাৰ ৰেঙনি দেখিবলৈ আৰম্ভ কৰিছে। যিসকলে ড্ৰাগ্ছৰ এখন ৰজাৰ মেলি দিছে, তেওঁলোক নিশ্চিতভাৱে একো একোজন অপৰাধী। এইসকল অপৰাধীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰাটো নিশ্চিতভাৱে প্রয়োজন আছে। এখন অপৰাধমুক্ত অসম গঢ়ি তোলাৰ বাবে শূন্যসহনশীল নীতিৰে ড্ৰাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযান কোনো কাৰণতে ৰাজনৈতিক বিষয় নহয়। অসমৰ নতুন প্ৰজন্মক সুস্থ-সবলভাৱে আগুৱাই নিয়াৰ বাবে লোৱা এনে শক্তিশালী পদক্ষেপে অদূৰ ভৱিষ্যতে গতিশীল বাতাবৰণৰ সূচনা কৰিব। ড্ৰাগ্ছ-বিৰোধী অভিযানৰ কেন্দ্ৰীয় ভূমিকা আৰক্ষীয়ে ল’বলগীয়া হয়। আপৰাধ নিয়ন্ত্রণ ব্যৱস্থাটোত আৰক্ষীয়ে কৰা কাৰ্যসমূহ হৈছে জনসুৰক্ষাৰ উদ্দেশ্যৰেহে। ৰাজ্যখনত ড্ৰাগ্ছে এনেভাৱে শিপাইছে যে অকল চহৰ-নগৰত নহয়, গ্রামাঞ্চলতো আসন্তৰ সংখ্যা বৃদ্ধি পাইছে। ই এক ভয়ংকৰ প্ৰতিচ্ছবি। এখন শক্তিশালী অসম নির্মাণ কৰিবলৈ হ’লে ড্ৰাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযানত প্ৰতিগৰাকী ব্যক্তিয়ে সহযোগিতা আগবঢ়োৱাটো নিত্যান্তই প্রয়োজন। যি যুৱ শক্তি দেশ গঢ়াৰ ক্ষেত্ৰত এক অমূল্য সম্পদ ৰূপে পৰিগণিত হ’ব লাগে, সেই যুৱ শক্তিৰ একাংশ একমাত্র নিচাযুক্ত দ্ৰব্যৰ বাবেই বিনাশৰ দিশে ধাৱমান হৈছে। নিজকে তথা সম্ভাৱনাময় সময়ছোৱাত নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে তেওঁলোকক সর্বস্বান্ত কৰি তোলে। কোনো চিন্তাশীল আৰু দায়িত্বশীল লোকে এই ক্ষেত্ৰত উদাসীন হৈ থকাটো কেতিয়াও সমীচীন হ’ব নোৱাৰে।