কʼভিড প্ৰতিষেধক নোলোৱা লোকসকলৰ প্ৰতি সৰৱ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

pc- Facebook

কʼভিড প্ৰতিষেধক নোলোৱা লোকসকলৰ প্ৰতি সৰৱ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

অনলাইন বাৰ্ত্তাসেৱা-   স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই বৰপেটা জিলাত ক’ভিড টিকাকৰণৰ পৰ্যালোচনাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। কʼভিড প্ৰতিষেধক  টিকা লʼবলৈ যথেষ্ট লোক বাকী থকা চাৰিখন জিলাৰ অন্যতম হিচাপে পৰিগণিত হোৱা বাবেই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা জিলা ভ্ৰমণ কৰি ক’ভিড প্রতিষেধক অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মুনীন্দ্ৰনাথ নাটেৰ সৈতে বৰপেটাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত তেজপ্রসাদ ভূষালসহ জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ক’ভিড প্রতিষেধক অভিযানৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে যিবোৰ দোকান ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীয়ে দুপালি প্ৰতিষেধক গ্রহণ কৰা নাই, তেনে দোকান সাময়িকভাৱে বন্ধ কৰি দিব লাগে। জিলাখনত এতিয়াও এপালিও ক’ভিড প্রতিষেধক নোলোৱাকৈ থকা লোকসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব বুলিও তেওঁ সকীয়াই দিয়ে।