ড্ৰাগছসহ দুই মহিলা গ্ৰেপ্তাৰ

pcIndiaspend

ড্ৰাগছসহ দুই মহিলা গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা – লতাশিল আৰক্ষীয়ে গুৱাহাটী ক্লাবত অভিযান চলাই ড্ৰাগছসহ দুই মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই মমিৰণ বেগম (৩০) আৰু চুকিতান বেগম (২০) নামৰ দুই মহিলাক গ্ৰেপ্তাৰ কৰে। ধৃত দুই মহিলা সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে। ঘটনা সন্দৰ্ভ ত এনডিপিএছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।