ডিবৰু সন্তান ডাঃ চাকিৰ আহমেদৰ সাফল্য : বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত পঞ্চম স্থানত : আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলৰ মুখ্য সম্পাদক
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ কনভ’য় ৰোড নিবাসী ডাঃ চাকিৰ আহমেদে চিকিৎসা বিজ্ঞান জগতত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। তেখেতে বিশ্বৰ বিজ্ঞানীৰ তালিকাত এশ গৰাকীৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানে ভুৱনেশ্বৰ কলিংগ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ ৰিওমে’টলজি আৰু ক্লিনিকেল ইমিউন’লজি বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত আহমেদৰ গৱেষণা পত্ৰ সমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জাৰ্ণেলত প্ৰকাশ পাই থকাৰ উপৰিও বৰ্তমানে আন্তৰ্জাতিক স্তৰৰ জাৰ্নেল এখনৰ তেওঁ মুখ্য সম্পাদকৰ দায়িত্ব বহন কৰি আছে। তদুপৰি তেওঁ পশ্চিম এছিয়া, ইউৰোপ মহাদেশৰ ভিন ভিন দেশ আৰু আমেৰিকাতো নিজা গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰিত হৈ আহিছে। উল্লেখযোগ্য যে নতুন দিল্লীত অলপতে ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত তথা দেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্বোধিত বিজ্ঞান কংগ্ৰেছলৈ তেওঁ আমন্ত্ৰিত হয়। এই ক্ষেত্ৰত যুৱ বিজ্ঞানী সকলৰ অন্যতম আছিল এই প্ৰতিভাধৰ ব্যক্তি গৰাকী। ছাত্ৰ জীৱনৰ পৰিক্ৰমাতো চিকিৎসক বিজ্ঞানী গৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ পৰীক্ষাত সৰ্বশ্ৰেষ্ঠ স্নাতক হিচাপে উত্তীৰ্ণ হোৱাৰ লগতে উক্ত শিক্ষানুষ্ঠানৰ পৰা এম ডি (মেডিচিন) পৰীক্ষাত শীৰ্ষতম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত তেওঁ লক্ষ্ণৌত অৱস্থিত এচ জি পি জিৰ পৰা বিশ্বখ্যাত ৰিউমেটল’জি বিশেষজ্ঞ অধ্যাপক ডাঃ আৰ কে মিশ্ৰৰ তত্বাৱধানত নিজা বিষয়ত ডি এম ডিগ্ৰী লাভ কৰে। বিখ্যাত ইমিউন’লজি আলোচনীৰ মুখ্য সম্পাদক আহমেদে ৱাশ্বিংটন, চেন্টডিয়েগ’, ছিংগাপুৰ, মাদ্ৰিদ(স্পেইন), ফুকুৱাকা আদি দেশত গৱেষণা পত্ৰ পাঠ কৰে। চলিত বৰ্ষত চিউলত আমন্ত্ৰিত বক্তা হিচাবে তেওঁ অংশগ্ৰহণ কৰে। তেওঁৰ ১০ খনতকৈও অধিক জাৰ্নেলত ১৫ শ ৰো অধিক গৱেষণা পত্ৰ প্ৰকাশিত হয়। ডাঃ চাকিৰ আহমেদে ২০০৩ চনত নেচনেল টেলেণ্ট স্ক’লাৰ, ২০০৬ চনত নেচনেল কেডেট ক’ৰ্পছৰ বি গ্ৰেড, ২০০৭ চনত প্ৰয়োগিক বিষয়ত ভাৰত চৰকাৰৰ পাৰমাণবিক শক্তি বিভাগৰ পৰা প্ৰথম পুৰস্কাৰ লাভ কৰে। আহমেদে অতি সাম্প্ৰতিক ভবে লাভ কৰে ‘এডিটৰিয়েল কনট্ৰিবিউচন এৱাৰ্ড’। চাকিৰ আহমেদে ডিব্ৰুগড়ৰ ডনবস্কো স্কুলত প্ৰাথমিক শিক্ষা জীৱনৰ আদিপাঠ গ্ৰহন কৰাব পাচত ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ অসম চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। আহমেদ শিৱসাগৰ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জেবিন আহমেদৰ একমাত্ৰ পুত্ৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিভাগৰ প্ৰতিষ্ঠাপক তথা মূৰব্বী অধ্যাপক প্ৰয়াত ডাঃ এ জেড আহমেদৰ কন্যা নাতি।
