ডিব্ৰুগড়ত মানকটা শতদল শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু ৰাভা-দিৱস আয়োজন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- শিল্পী-সংস্কৃতিৰ সাধক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱস পালনৰ চিন্তা এতিয়া সৰ্বজনবিদিত। কলাগুৰু ৰাভাক স্মৰণ কৰিবলৈ জাতিয়ে সাজু হৈছে আৰু তেখেতৰ আদৰ্শক হৃদয়ংগম কৰি অসমীয়াৰ উদাৰ চিন্তাধাৰাক চিৰউদজ্জ্বিবীত কৰি তুলিবলৈ চৰকাৰীৰ, বে- চৰকাৰীৰ অনুষ্ঠান-প্ৰতিষ্ঠান ,দল সংগঠনকে ধৰি ৰাভাৰ আদৰ্শক সন্মান জনোৱা অসংখ্য লোকে আগবাঢ়ি অহাদৰে ‘ডিব্ৰুগড় জিলা সাহিত্য সভা’ৰ অন্যতম শক্তিশালী ৰূপে পৰিচিত মানকটা শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু চিফুঙ’ৰ ব্যৱস্থাপনাত ২০ জুন শনিবাৰে ডিব্ৰুগড় মিলন নগৰস্থিত ” চিফুং ইন” হোটেলৰ প্ৰেক্ষাগৃহত ৰাভা দিৱস উদযাপন কৰাৰ উদ্দেশ্যে বিশেষ কাৰ্মসূচী গ্ৰহণ কৰিছে বুলি জনাইছে সংশ্লিষ্ট শাখাৰ প্ৰচাৰ সম্পাদকে। কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে এই পৱিত্ৰ ক্ষণত একাঁজলী শ্রদ্ধাঞ্জলী জ্ঞাপন কৰাৰ বাবে এই অনুষ্ঠানত অসমীয়া সাহিত্য সংস্কৃতিৰ ঐতিহ্য যুগজয়ী অসমীয়া ভাষা- সংস্কৃতিৰ প্রাণ প্রতিফলিত হব লগা ৰাভা দিৱস’ৰ পৱিত্ৰ অনুষ্ঠান পুৱা ৭.৩০- বজাৰ পৰা আৰম্ভ হব । উক্ত অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত সংশ্লিষ্ট শাখাৰ বিষয়ববীয়া, সদস্য তথা সংস্কৃতিপ্ৰেমী ৰাইজক কাৰ্য্যসূচীত উপস্থিত থাকিবলৈ আহ্বান জনাইছে শাখাৰ সভাপতি কুসুম সোনোৱাল শইকীয়া, সম্পাদক,নৱনীতা শ্যাম উৰঙীয়া আৰু সাংস্কৃতিক সম্পাদক কুশল কোঁৱৰে।
