ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গণিত আৰু লোকগণিত বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গণিত আৰু লোকগণিত বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ইন্টাৰনেচনেলকনফাৰেন্সঅনগ্লোবেল ট্ৰেণ্ডছ‘ ইন মেথেমেটিক্স এণ্ড এথনো মেথমেটিক্স: পিওৰ এণ্ড এপ্লাইড পাৰ্চস্পেক্টিভ ২০২৬’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ হয়।১৯ৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ মূল উদ্দেশ্য হৈছে গণিতৰ বিশুদ্ধ আৰু প্ৰায়োগিক দিশৰ লগতে লোকগণিতৰ সাংস্কৃতিক আৰু পৰম্পৰাগত ভিত্তিসমূহৰ বিষয়ে আলোচনা আৰু গৱেষণাৰ আদান-প্ৰদানৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক মঞ্চ গঢ়ি তোলা। সন্মিলনখনত দেশ-বিদেশৰ গৱেষক, শিক্ষাবিদ, অধ্যাপক, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে।উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা উপস্থিত থাকি উদ্বোধনী ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইটালীৰ ইউনিভাৰ্চিটি অফ ৰোমৰ ভাৰ্গেটৰ অধ্যাপক ৰেনে স্কুফ। আনহাতে, সন্মিলনৰ মূল বক্তা হিচাপে উপস্থিত থাকে আই আই টি মুম্বাইৰ চেন্টার পর ট্ৰেডিচনেল ইণ্ডিয়ান নলেজ এণ্ড স্কিলৰ অধ্যাপক কে. ৰামাসুব্ৰমনিয়ান। অনুষ্ঠানত পশ্চিম বংগৰ কল্যাণী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কোল্লল পাল, সন্মিলনৰ আয়োজক সমিতিৰ অধ্যক্ষ অধ্যাপক পৰমানন্দ ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক অনুষদৰ ডীন অধ্যাপক গীতিকা বৰা, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল আৰু গণিত বিভাগৰ মুৰব্বী তথা সন্মিলনৰ আয়োজক সমিতিৰ আহ্বায়ক অধ্যাপক তাজিদ আলী উপস্থিত থাকে। লগতে বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰুণ কুমাৰ বৰুৱা আৰু অধ্যাপক বিশ্বৰাম শৰ্মাকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ জৰিয়তে আনুষ্ঠানিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আদৰণী ভাষণ প্ৰদান কৰে গণিত বিভাগৰ মুৰব্বী অধ্যাপক তাজিদ আলীয়ে। ইয়াৰ পিছতে সন্মিলনৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে ব্যাখ্যা কৰে আয়োজক সমিতিৰ অধ্যক্ষ অধ্যাপক পৰমানন্দ ডেকাই। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল আইচিজিইএম-২০২৬ৰ সাৰাংশ গ্ৰন্থ ‘এবষ্ট্ৰেক্ট বুক” উন্মোচন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিশিষ্ট অতিথিসকলে গ্ৰন্থখন উন্মোচন কৰে। সন্মিলনৰ সহযোগী প্ৰতিষ্ঠান বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক কুমাৰ কৰেও সন্মিলনৰ সফলতা কামনা কৰি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে, যিটো সাৰাংশ গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছে।অনুষ্ঠানত মুখ্য অতিথি অধ্যাপক ৰেনে স্কুফৰ লগতে অধ্যাপক কোল্লল পাল আৰু মূল বক্তা অধ্যাপক কে. ৰামাসুব্ৰমনিয়ানৰ ভাষণৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হয়। বিজ্ঞান আৰু অভিযান্ত্ৰিক অনুষদৰ ডীন অধ্যাপক গীতিকা বৰাইও অনুষ্ঠানত ভাষণ প্ৰদান কৰে।শেষত সন্মিলনৰ যুটীয়া সমন্বয়ক ড০ নিৰঞ্জন বৰাই শলাগৰ শৰাই আগবঢ়ায়। ৰাষ্ট্ৰীয় সংগীত আৰু অসম ৰাজ্যিক সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে।এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনে গণিতৰ বিভিন্ন শাখাৰ গৱেষণা, নতুন চিন্তা-চৰ্চা আৰু পৰম্পৰাগত জ্ঞানৰ সৈতে আধুনিক গণিতৰ সম্পৰ্ক অন্বেষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।