ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে পঞ্জাৱলৈ ৰাওনা কাৰাবন্দী অমৃতপাল সিং

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে পঞ্জাৱলৈ ৰাওনা কাৰাবন্দী অমৃতপাল সিং

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বিমানযোগে পঞ্জাৱলৈ কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি লৈ যোৱা হয়। আদালতৰ নিৰ্দেশত মাত্ৰ তিনি ঘণ্টাৰ বাবেহে নিজা গাঁৱত উপস্থিত থাকিব খাডুৰ চাহিবৰ সাংসদ ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ থকা অমৃত পাল সিং। আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ লৈ যোৱা হ’ল খাডুৰ চাহিবৰ সাংসদ তথা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক। পঞ্জাৱৰ অমৃতসৰ জিলাৰ নিজা গাঁও জল্লুপুৰ খেৰাত আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে আদালতে প্ৰদান কৰা বিশেষ অনুমতিৰ ভিত্তিত তেওঁক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ যোৱা হয়।উল্লেখ্য যে, ৮৪ বছৰ বয়সত যোৱা ৮ নৱেম্বৰত মৃত্যু হৈছিল অমৃতপাল সিঙৰ আইতাক চৰণ কৌৰৰ। নাতিয়েকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰাৰ আশাৰে পৰিয়ালটোৱে অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী পিছুৱাই ৰাখিছিল। পৰৱৰ্তী সময়ত অমৃতপালক আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ অনুমতি বিচাৰি পৰিয়ালৰ তৰফৰ পৰা আদালতৰ দ্বাৰস্থ হৈছিল। ইয়াৰ পূৰ্বে ১৪ নৱেম্বৰত তেওঁক পঞ্জাৱলৈ নিয়াৰ বাবে আদালতে অনুমতি প্ৰদান কৰিছিল যদিও ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ নিয়াৰ বাবে উপযুক্ত যাতায়াতৰ ব্যৱস্থা কৰিব নোৱাৰাত সেই নিৰ্দেশ কাৰ্যকৰী কৰিব পৰা নগ’ল। পৰৱৰ্তী সময়ত ১৭ নৱেম্বৰত অমৃতসৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে নতুন নিৰ্দেশ জাৰি কৰি ২১ নৱেম্বৰত দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ তিনি ঘণ্টাৰ বাবে জল্লুপুৰ খেৰা গাঁৱত অমৃতপালৰ উপস্থিতি নিশ্চিত কৰিবলৈ পঞ্জাৱ চৰকাৰক নিৰ্দেশ দিয়ে। আদালতে মানৱীয় দৃষ্টিভংগীৰে এই অনুমতি প্ৰদান কৰাৰ লগতে নিৰ্ধাৰিত সময়ছোৱাতো তেওঁ আৰক্ষীৰ জিম্মাত থাকিব লাগিব বুলি স্পষ্ট কৰি দিছে। আনহাতে, ২২ নৱেম্বৰত আইতাকৰ অস্থি সংগ্ৰহ আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোগ অনুষ্ঠানত তেওঁক শাৰীৰিকভাৱে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা নাই। এই অনুষ্ঠানসমূহত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব লাগিব অমৃতপালে। আদালতে যাতায়াত আৰু নিৰাপত্তা ব্যৱস্থাৰ ব্যয় অমৃতপাল সিঙে নিজে বহন কৰিব লাগিব বুলিও নিৰ্দেশ দিছে। লগতে কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা দেখা দিলে কৰ্তৃপক্ষই তেওঁক অনুষ্ঠানস্থলীৰ পৰা আঁতৰাই নিয়াৰ ক্ষমতা লাভ কৰিছে।উল্লেখযোগ্য যে, ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ উচ্চ নিৰাপত্তাবেষ্টিত কোঠাত বন্দী হৈ আছে অমৃতপাল সিং। পঞ্জাৱৰ অজনালা আৰক্ষী থানাৰ ঘটনাৰ সৈতে জড়িত হৈ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন এন এচ এ ৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাগাৰত থাকিয়েই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত খাডুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল সিঙে। কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত।