ডিব্ৰুগড়ৰ নিখিল ভাৰত বংগ সাহিত্য সন্মিলনে ৫০ বৰ্ষত ভৰি দিলে::২২,২৩ নৱেম্বৰত ইণ্ডিয়া ক্লাবত সোণালী জয়ন্তী উদযাপনৰ আয়োজন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ ডিব্ৰুগড় শাখাই গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে সোণালী জয়ন্তী উদযাপনৰ ব্যাপক আয়োজন কৰিছে। অহা ২২ আৰু ২৩ নৱেম্বৰত স্থানীয় ইণ্ডিয়া ক্লাবত দুদিনীয়া কাৰ্যসূচীৰে এই সোণালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শাখাটোৱে।এই উপলক্ষে আজি সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ প্ৰতিনিধিসকলে সন্মিলনৰ ইতিহাস, উদ্দেশ্য আৰু ডিব্ৰুগড় শাখাৰ বিভিন্ন সামাজিক-সাংস্কৃতিক কৰ্মৰাজিৰ বিষয়ে অৱগত কৰে।নিখিল ভাৰত বংগ সাহিত্য সন্মিলন হৈছে ১৯২২ চনত উত্তৰ প্ৰদেশৰ এলাহাবাদত প্ৰখ্যাত বঙালী সাহিত্যিক তথা কবি অতুল প্ৰসাদ সেনৰ পৌৰোহিত্যত প্ৰতিষ্ঠা হোৱা এটা সৰ্বভাৰতীয় সাহিত্য-সাংস্কৃতিক সংগঠন। ১৯২৩ চনত বাৰাণসীত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত সংগঠনটোৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। সেই সময়ৰ পৰাই সংগঠনটোৱে দেশৰ বিভিন্ন প্ৰান্তত সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। যোৱা বছৰ পশ্চিমবংগৰ শান্তিনিকেতনত সংগঠনটোৰ ৯২সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰৰ অধিৱেশন দিল্লীত অনুষ্ঠিত হ’ব।সংগঠনটোৰ অন্যতম প্ৰধান উদ্দেশ্য হৈছে দেশৰ যিসমূহ অঞ্চলত বঙালী ভাষী লোক বসবাস কৰে, সেই অঞ্চলসমূহত শাখা স্থাপন কৰি স্থানীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে সমন্বয় সাধন কৰা। পাৰস্পৰিক সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে বিভিন্ন ভাষিক জনগোষ্ঠীৰ মাজত ঐক্যৰ এনাজৰী সুদৃঢ় কৰাই সন্মিলনৰ মূল লক্ষ্য।এই উদ্দেশ্য আগত ৰাখিয়েই ১৯৭৬ চনত ডিব্ৰুগড়ত সংগঠনটোৰ শাখা স্থাপন কৰা হৈছিল। বিশেষকৈ ২০০৬-০৭ চনৰ পৰা শাখাটোৱে অধিক সক্ৰিয়তাৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছে।সন্মিলনৰ উদ্যোগত প্ৰতিবছৰে ৰবীন্দ্ৰ জয়ন্তী, কাজী নজৰুল ইছলামৰ জয়ন্তী আদি পালন কৰাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবাৰ্ষিকীও উদযাপন কৰা হৈছে। ইয়াৰ উপৰি ডিব্ৰুগড়ত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ ক্ষেত্ৰতো শাখাটোৱে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। সংগঠনটোৰ বিভিন্ন অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া, ভীমকান্ত বৰুৱাকে ধৰি বহু বৰেণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ শাখাটোৱে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীও উদযাপন কৰিছে।আনহাতে, শাখাটোৱে নিয়মীয়াকৈ সাহিত্য আলোচনী প্ৰকাশৰ ব্যৱস্থাও কৰি আহিছে। এই আলোচনীৰ জৰিয়তে অসমীয়া আৰু বঙালী ভাষাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতিৰ বিষয়ে চৰ্চা কৰি অহা হৈছে।সাহিত্য চৰ্চাৰ লগতে ভাষিক আৰু সাংস্কৃতিক সমন্বয়ৰ এই যাত্ৰা অব্যাহত ৰখাৰ সংকল্পৰে আগন্তুক ২২ আৰু ২৩ নৱেম্বৰত ডিব্ৰুগড় শাখাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ সাজু হৈছে নিখিল ভাৰত বংগ সাহিত্য সন্মিলন। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদমেলত উপস্থিত থাকে সম্পাদক ড° ৰীতা পোদ্দাৰ, সভাপতি ড° শ্বেখৰ পুৰুকায়স্হ, উপ-সভাপতি অজিত পাল আৰু কাৰ্যনিৰ্বাহক নিৰ্মল কান্তি শীল উপস্থিত থাকে।
