ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালযয়ে প্ৰত্যাহাৰ কৰিলে বিতৰ্কিত নিৰ্দেশনা

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালযয়ে প্ৰত্যাহাৰ কৰিলে বিতৰ্কিত নিৰ্দেশনা:: পিজি চিকিৎসাৰ্থীক বিবাহ পিছুৱাই দিবলৈ দিছিল পৰামৰ্শ- শিক্ষাৰ্থীক মনত আঘাত দিয়াৰ অভিপ্ৰায় নাছিল- ডাঃ দিহিঙীয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (এএমচিএইচ) মেডিচিন বিভাগে স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰশিক্ষণৰত চিকিৎসকসকলক (পিজিটি) ৰেছিডেন্সি সম্পূৰ্ণ নোহোৱালৈকে বিবাহকে ধৰি জীৱনৰ গুৰুত্বপূৰ্ণ ব্যক্তিগত সিদ্ধান্তসমূহ পিছুৱাই দিবলৈ পৰামৰ্শ দি যোৱা ১৮ নৱেম্বৰত জাৰি কৰিছিল এখন চাৰ্কুলাৰ। এই নিৰ্দেশটো সেই একেটা দিনতে প্ৰত্যাহাৰ কৰে।এই নিৰ্দেশনাই স্নাতকোত্তৰ চিকিৎসা শিক্ষাৰ্থীসকলৰ ব্যক্তিগত স্বাধীনতা আৰু পেছাগত অধিকাৰক লৈ চিকিৎসক সমাজৰ মাজত এক বিতৰ্কৰ সূচনা কৰিছিল। বিভাগটোৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰশান্ত দিহিঙীয়াই ১৮ নৱেম্বৰত জাৰি কৰা প্ৰথমটো নিৰ্দেশনাত মেডিচিন বিভাগৰ জেনেৰেল মেডিচিন ইউনিটৰ সকলো পিজিটিক তেওঁলোকৰ ৰেছিডেন্সিৰ সময়ছোৱা সফলতাৰে সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিছু পিছুৱাই দিবলৈ পৰামৰ্শ দিছিল। নিৰ্দেশনাটোত উল্লেখ কৰা হৈছিল যে স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত চিকিৎসকসকলে তেওঁলোকৰ সময় মূলতঃ চিকিৎসা সেৱা, ৰোগীৰ যত্ন, শৈক্ষিক কাম-কাজ আৰু গৱেষণাৰ ক্ষেত্ৰত নিয়োজিত কৰিব লাগে। লগতে সকলো প্ৰশিক্ষণৰত চিকিৎসকে এই পৰামৰ্শ ইতিবাচকভাৱে মানি চলিব লাগে বুলি এক পৰামৰ্শ আগবঢ়াৱা হৈছিল বুলি ডাঃ দিহিঙীয়াই আশা প্ৰকাশ কৰিছিল বুলি তেখেতে কয়। কিন্তু এই নিৰ্দেশনাই বিভাগটোৰ চিকিৎসকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। বহুতে প্ৰশ্ন উত্থাপন কৰে যে শৈক্ষিক প্ৰশিক্ষণৰ সময়ছোৱাত যুৱ চিকিৎসকসকলক তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ ব্যক্তিগত সিদ্ধান্তসমূহ স্থগিত ৰাখিবলৈ কোৱাৰ যুক্তি নাই।সমালোচনা আৰু প্ৰতিক্ৰিয়াৰ পিছতে অধ্যাপক ডাঃ দিহিঙীয়াই একেদিনাই আন এখন কাৰ্যালয় নিৰ্দেশ জাৰি কৰি পূৰ্বৰ নিৰ্দেশটো আনুষ্ঠানিকভাৱে বাতিল কৰে। উল্লেখযোগ্য যে এমইডি/ ২০২৬/৫৯০০ নম্বৰৰ পৰৱৰ্তী নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰা হয় যে ১৮ নৱেম্বৰত জাৰি কৰা এমইডি/২০২৬/৫৭০০ নম্বৰৰ পূৰ্বৰ নিৰ্দেশটো তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰা হৈছে। লগতে পূৰ্বৰ নিৰ্দেশনাটো বাতিল কৰা হৈছে আৰু জাৰিৰ তাৰিখৰ পৰাই ইয়াক প্ৰত্যাহাৰ কৰা বুলি গণ্য কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়া হয়।চিকিৎসক সকলৰ অধিকাৰ আৰু স্বাৰ্থৰ হকে মাত মাতি অহা সংগঠন ইউনাইটেড ডক্টৰ্ছ ফ্ৰণ্টে (ইউডিএফ) বিভাগটোৰ এই পৰামৰ্শৰ তীব্ৰ বিৰোধিতা কৰিছিল। সংগঠনটোৱে লগতে কয় যে বিবাহ বা আন ব্যক্তিগত সিদ্ধান্তক পেছাগত দায়বদ্ধতাৰ ক্ষেত্ৰত বাধা হিচাপে চোৱা উচিত নহয়। চিকিৎসা সেৱাৰ সৈতে জড়িত আৱাসিক চিকিৎসকসকলে সন্মুখীন হোৱা অত্যধিক কৰ্মবোজা আৰু কঠিন কৰ্মপৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো উচিত নহয় বুলিও সংগঠনটোৱে মত প্ৰকাশ কৰে। প্ৰথমটো নিৰ্দেশ জাৰি কৰাৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি অধ্যাপক দিহিঙীয়াই কয় যে স্নাতকোত্তৰ প্ৰশিক্ষণৰত চিকিৎসকসকলে যাতে তেওঁলোকৰ চিকিৎসা সেৱা আৰু শৈক্ষিক দায়িত্বৰ প্ৰতি পৰ্যাপ্ত মনোযোগ দিয়ে, সেই উদ্দেশ্যৰেই এই পৰামৰ্শ দিয়া হৈছিল। তেওঁৰ মতে, এই যোগাযোগৰ ভুল ব্যাখ্যা কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে কাকো শাস্তি দিয়াৰ উদ্দেশ্য নাছিল।তেওঁ লগতে ইংগিত দিয়ে যে একাংশ প্ৰশিক্ষণৰত চিকিৎসকে অনুমোদিত ছুটীৰ সীমাতকৈ অধিক ছুটী লোৱাৰ অভিযোগৰ পৰিপ্ৰেক্ষিততে এই পৰামৰ্শ দিয়া হৈছিল। অৱশ্যে, শিক্ষাৰ্থীসকলৰ প্ৰাপ্য ছুটীৰ সুবিধা কৰ্তন কৰাৰ কোনো উদ্দেশ্য নাছিল বুলি ডাঃ দিহিঙীয়াই স্পষ্ট কৰি দিয়ে। উল্লেখ যোগ্য যে চাৰ্কুলাৰখন অধ্যক্ষ ডাঃ দিহিঙীয়াই নিজৰ লৰা ছোৱালীক যেনেকৈ পৰামৰ্শ দি কয় ঠিক সেইদৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীকো সেই একেই ভাবি এটি পৰামৰ্শহে আগবঢ়োৱা বুলি তেখেতে সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে কোনো শিক্ষাৰ্থীক মনত আঘাত দিয়াৰ অভিপ্ৰায় নাছিল। ১৯৪৭ চনৰ ৩ নৱেম্বৰ প্ৰতিষ্ঠা হোৱা অসম চিকিৎসা মহাবিদ্যালয় অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিকিৎসা শিক্ষা প্ৰতিষ্ঠান। সম্প্ৰতি এই মহাবিদ্যাল়খনত ৰোগীৰ চিকিৎসা বাবে বহুতো অত্যাধুনিক প্ৰযুক্তিৰ মেচিন আদি আনি ৰোগীক চিকিৎসা কৰি আছে। পূৰ্বতে অসমৰ বাহিৰত গৈ ধন খৰচ কৰি ৰোগীক চিকিৎসা প্ৰদান কৰিছিল আৰু সেই সুবিধা এই চিকিৎসা মহাবিদ্যালয়তে লাভ কৰিব বুলি মহাবিদ্যালয় সূত্ৰে জানিবলৈ দিয়ে।