ডিব্ৰুগড় অভিযাত্ৰী আত্মসহায়ক গোটৰ ১০ গৰাকী বয়ন শিল্পীয়ে তাঁতশালৰ জৰিয়তে স্বাৱলম্বী
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- “ অভিযাত্ৰী আত্মসহায়ক গোট ” নামৰ ডিব্ৰুগড়ৰ এটি স্থানীয় আত্মসহায়ক গোটৰ উদ্যোগত কেইখনমান তাঁতশালৰ জৰিয়তে কৰ্মৰ পাতনি মেলা মহিলাসকলে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰি এতিয়া এক আদর্শ হৈ পৰিছে । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ডিব্ৰুগড়ৰ উদ্যোগত ২০১১ বর্ষত মোহনাঘাটস্থিত নগাখেলীয়া গাঁৱৰ ১০ গৰাকী মহিলাই একগোট হৈ আত্মসহায়ক গোটৰ জৰিয়তে স্থাপন কৰিছিল “ অভিযাত্ৰী” নামৰ এটা ক্ষুদ্র বস্ত্ৰ উদ্যোগ। এই গোটটোৰ দ্বাৰাই সপোনে পোখা মেলিছিল মহিলাসকল স্বাৱলম্বী হোৱাৰ বাট। এতিয়া এই ক্ষুদ্র বয়ন উদ্যোগৰ জৰিয়তে মহিলাসকলে মুকলি কৰিছে অৰ্থনৈতিক উত্তৰণৰ দিশে এখোজ । গাঁওখনৰ উদ্যমী মহিলা সবিতা দত্তৰ নেতৃত্বত গঠিত আত্মসহায়ক গোটৰ পৰাই আৰম্ভ কৰা এই যাত্রাই বর্তমান পূর্ণতা লাভ কৰিছে। মহিলাসকলে প্ৰস্তুত কৰি উলিয়াইছে গামোচা, চেলেং চাদৰ তথা বহু থলুৱা বস্ত্ৰ। প্ৰস্তুত কৰি উলিয়াইছে ৰুমাল, টঙালি, চোফা বেক, পর্দা, এৰি জেকেট, ষ্টলৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাজপাৰ আদি। উল্লেখ্য যে সবিতা দত্তই শতৰূপা চিল্ক হাউচ নামৰ এই আদৰ্শনীয় কামৰ বাবে সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা বঁটা পাবলৈও সক্ষম হোৱাৰ লগতে- ডিব্ৰুগড় জিলা আয়ুক্ত আৰু জিলা দণ্ডাধীশৰ কাৰ্যালয় সন্মুখত থকা-আত্মসহায় গোটৰ বজাৰ গৃহ অনুমোদন লাভ কৰে। ইতিমধ্যে এই গোটে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ আৰু এ এচ আৰ এল এমৰ সহযোগিতা বাবে এই ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বীতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে- বুলি সংবাদ মাধ্যমৰ আগত সবিতা দত্তই কয়।
