৬ মাহলৈ ঋণৰ কোনো কিস্তি ঘূৰাই দিব নালাগেঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ এবাৰ ফেচবুক লাইভৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ উজনিৰ বানাক্ৰান্ত চাৰি জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িতলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রদান কৰিলে আন এক বিশেষ সকাহ। লাইভটোৰ প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কে শেহতীয়া তথ্যসমূহ প্ৰকাশ কৰে ৷ সেই অনুসৰি, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ১৯ টা ৰাজহ চক্ৰৰ ১,১৩১ খন গাঁও বানত প্লাৱিত হৈছে ৷ ৯,৯৬,০৬৬ গৰাকী লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ চৰকাৰে ১৮৫ টা সাহায্য শিবিৰ পৰিচালনা কৰিছে আৰু বৰ্তমানেও ৬৭,৬৯৭ গৰাকী ব্যক্তি এই মুহূৰ্তলৈকে সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ মুখ্যমন্ত্ৰীয়ে সদৰী কৰা তথ্য অনুসৰি, এই বানত ৭১ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে আৰু শিৱসাগৰৰ এজন ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে ৷ উল্লেখ্য যে বানে সর্বস্বান্ত কৰা এই চাৰি জিলাৰ বহু লোকে এতিয়া সন্মুখীন হৈছে বেংকৰ ঋণক লৈ। আর্থিকভাৱে ভাগি পৰা এই পৰিয়ালসমূহৰ বেংকৰ ঋণ ৰেহাই দিয়াৰ ক্ষেত্ৰত উঠি থকা দাবীৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঋণগ্রহণকাৰী প্ৰতিগৰাকী ব্যক্তিলৈ বিশেষ সকাহ প্রদান কৰি ঘোষণা কৰে যে বানাক্রান্ত জিলাকেইখনত যিসকল লোকৰ গৃহ, শিক্ষা আৰু বাহনৰ ঋণ আছে, তেওঁলোকে অহা ছমাহলৈ ঘূৰাই দিব নালাগে ঋণৰ কিস্তি। ফেচবুক লাইভযোগে এই কথা ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে বানত ক্ষতিগ্রস্ত প্রতিজন ক্ষুদ্ৰ ব্যৱসায়ীকো কৰা হ’ব বিশেষ সহায়। যিসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ বেংকৰ ঋণ আছে, তেনে ব্যৱসায়ীক পুনৰ বেংকে অতিৰিক্তভাৱে প্ৰদান কৰিব ১০ হাজাৰ টকাৰ ঋণ। উল্লেখ্য যে চাৰি জিলাৰ বন্যাক্রান্তৰ বেংক ঋণক লৈ মুখ্যমন্ত্ৰীৰ উদ্যোগত বিশেষ ৰাজ্যিক বেংকাৰ্ছ কমিটীৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকতে বন্যাক্রান্ত লোকসকলক বেংকৰ ঋণৰ ক্ষেত্ৰত কিদৰে সকাহ দিব পাৰি, এই সন্দৰ্ভত গ্রহণ কৰা হয় সিদ্ধান্ত। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° শর্মাই আজি এই কথা অৱগত কৰি উল্লেখ কৰে যে গৃহ, শিক্ষা, বাহন ঋণৰ লগতে কৃষি ঋণ আৰু আত্মসহায়ক গোটে লোৱা বেংকৰ ঋণৰ ক্ষেত্ৰতো সকাহ প্রদান কৰা হৈছে। সেই অনুসৰি সেই ঋণ লাভ কৰাসকলে অহা ছমাহলৈ ঋণৰ কোনো কিস্তি ঘূৰাই দিব নালাগে আৰু ছমাহৰ পিছতো এবছৰ বা দুবছৰলৈ ঋণ ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ফিছাৰী, পল্ট্রী আৰু ডেইৰী ফাৰ্মৰ ঋণৰ ক্ষেত্ৰতো ছমাহলৈ কিস্তি ঘূৰাই দিব নালাগে আৰু ঋণ ওভতাই দিয়াৰ সময়সীমা দুবছৰলৈ বৃদ্ধি কৰা হয়। একেদৰে এমএছএমইৰ ঋণৰ ক্ষেত্ৰতো একেই ধৰণৰ সকাহেৰে ছমাহলৈ কিস্তি ঘূৰাই দিব নালাগে লগতে ঋণ ঘূৰাই দিয়াৰ সময়সীমা তিনি বছৰৰ পৰা সাত বছৰলৈ বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বন্যাক্রান্তৰ ঋণ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে বিস্তৃত আলোচনা হৈছে আৰু এইক্ষেত্ৰত সবিশেষ উল্লেখ কৰা হৈছে। যোৰহাট, শিৱসাগৰ জিলাত বৰ্তমান বেংকৰ ঋণৰ পৰিমাণ হৈছে ১১,৪০০ কোটি টকা। অৱশ্যে ঋণ থকা লোকসকলৰ সঁচাকৈ ক্ষতি হৈছে নে নাই এই দিশটো বেংকে পৰীক্ষা কৰিব। এই আঁচনি কেবল বন্যাক্রান্ত লোকৰ বাবেহে প্রযোজ্য হ’ব। সমান্তৰালভাৱে ১৯ জুলাইৰ পৰা কাৰ্যকৰী হ’বলগা এই সকাহ আঁচনিৰ ক্ষেত্ৰত এটা দিশ স্পষ্ট হ’ব লাগিব যে যিসকলৰ ঋণ আছে, তেওঁলোকৰ বেংক একাউন্ট এনপিএ হৈ থাকিব নালাগিব। ইফালে যিসকল ক্ষুদ্ৰ ব্যৱসায়ীক অতিৰিক্তভাৱে ১০ হাজাৰ টকাৰ ঋণ প্রদান কৰা হ’ব, তেওঁলোকে এই ঋণৰ বাবে কোনোধৰণৰ বন্ধকী দিব নালাগে। ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে কয়- ৰাজ্য চৰকাৰে বন্যাক্রান্তক তাৎক্ষণিক সহায়ৰ বাবে যি ১৫ হাজাৰ টকা আগবঢ়াইছে সেয়া মাত্র অন্তর্বর্তীকালীন সহায়হে। অহা ৭ আগষ্টৰ পৰা চাৰিখন জিলাৰ ক্ষয়-ক্ষতি, পশুধন, তাঁতশাল আৰু কৃষিভূমিকে ধৰি ক্ষতি হোৱা দিশসমূহ জৰীপ কৰা হ’ব। এই জৰীপৰ পাছতে প্রতিটো পৰিয়ালক অতিৰিক্তভাৱে সহায়ৰ হাত আগবঢ়োৱা হ’ব। ইয়াৰ পূৰ্বেই শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ গৈ মই জৰীপৰ প্ৰক্ৰিয়া যাতে ক্ষিপ্র হয়, তাৰ বাবে জিলা আয়ুক্তৰ সৈতে বৈঠক অনুষ্ঠিত কৰিম। ইফালে মহিলা উদ্যমিতা আঁচনিৰ অধীনত যিসকল মহিলাই ১০ হাজাৰ টকাকৈ লাভ কৰিছিল, সেই মহিলাসকলৰ যি ক্ষতি হ’ল, এই ক্ষতিপূৰণৰ বাবেও অচিৰেই গ্ৰহণ কৰা হ’ব এক আঁচনি। ইফালে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ প্ৰতিটো নামঘৰ মেৰামতিৰ বাবে ডেৰ লাখ টকাকৈ আগবঢ়োৱাৰ কথাও আজি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। অসম দর্শন আঁচনিৰ অধীনত এই অর্থ-সাহায্য আগবঢ়োৱা হ’ব। মুখ্যমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি জিলা দুখনৰ ৪৫টা পথৰ ১৬টা পথৰ বোকা আঁতৰাই যাতায়াতৰ বাবে মুকলি কৰা হৈছে। বানাক্ৰান্ত চাৰি জিলাত ৰাইজলৈ এতিয়ালৈকে আগবঢ়োৱা সাহায্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ১৯,৪৬৯ কুইণ্টল চাউল, ৩,৬২২ কুইণ্টল দাইল, ৮৪ হাজাৰ লিটাৰ মিঠাতেলকে ধৰি বিভিন্ন সহায় চৰকাৰে ৰাইজলৈ আগবঢ়াইছে। ইতিমধ্যে বান সাহায্য কিট এটা বনাই ৮ কিলোগ্রাম চাউল, ৩ কিলোগ্রাম দাইল, ১ লিটাৰ মিঠাতেলৰ বটলৰ সৈতে প্ৰতিটো পৰিয়ালক আগবঢ়োৱা হৈছে। এই কিট এতিয়ালৈকে শিৱসাগৰ জিলাত ২,৩৭,৫১৩টা প্ৰেৰণ কৰা হৈছে। আনহাতে চৰাইদেউ জিলালৈ ৬৩,০০০টা কিট প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া কিতাপ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে স্কুল ইউনিফৰ্মৰ ধন অতি সোনকালে প্ৰেৰণ কৰা হ’ব বুলিও উল্লেখ কৰে।
