ডিব্ৰুগড়ৰ ৰেডক্ৰছ ছ’চাইটিৰ বিশিষ্ট লেখক ডাঃ বিপিন্দ্ৰ নাথ কাকতিক সম্বৰ্ধনা লগতে ছয় শ্বহীদক স্মৰণ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ৰেডক্ৰছ ছ’চাইটিৰ এটি প্ৰতিনিধি দলে ২২ অক্টোবৰত চহৰখনৰ দূৱৰাচুক বাসিন্দা , অৰুণাচল প্ৰদেশ চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিশিষ্ট চিকিৎসক, প্ৰথিতযশা সাহিত্যিক, প্ৰবন্ধকাৰ , সমাজসেৱক, সাহিত্য সুহৃদ ডাঃ বিপিন্দ্ৰ নাথ কাকতিক তেখেতৰ বাসগৃহলৈ গৈ সাক্ষাৎ কৰি ছ’চাইটিৰ ফালৰ পৰা চেলেং চাদৰ, ফুলাম গামোচা, শৰাই, ফুলৰ থোপা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সম্পাদক অনুজ কুমাৰ বৰুৱাই সম্বৰ্ধনা-পত্ৰখন পাঠ কৰে ।অনুষ্ঠানত ৰেডক্ৰছ ছ’চাইটিৰ সভাপতি ডঃ পঙ্কজ কুমাৰ শ্ৰুতিকৰ, উপ-সভাপতি ড: মহেশ কুমাৰ জৈন, বিত্তীয় বিভাগৰ সভানেত্ৰী ড: ৰুনুমা শৰ্মা, যুটীয়া সম্পাদকদ্বয় ক্ৰমে ড: গায়ত্ৰী দেৱী গোস্বামী, সমীৰ কুমাৰ শৰ্মা, সদস্য জ্যোতি প্ৰকাশ ভট্ব আৰু বিৰিঞ্চি কুমাৰ গগৈ আদি সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে । ৰেডক্ৰছ ছ’চাইটিৰ আদৰ্শ, মানৱ সেৱাৰ দৃষ্টি ভংগী সাৰোগত কৰি কাম কৰি যোৱা এই অনুষ্ঠানটিৰ বিষয়ে ডা: কাকতিয়ে ছ’ছাইটিৰ সভাপতি ডঃ পঙ্কজ কুমাৰ শ্ৰুতিকৰৰ লগত বিস্তৰ ভাৱে আলোচনা কৰে আৰু এই মহান কাৰ্যত ব্ৰতী হোৱা প্ৰত্যেক গৰাকী ব্যক্তিলৈ তেখেতৰ কৃতজ্ঞতা জ্ঞাপন কৰে ।ইয়াৰ পুৰ্বে চছাইটিৰ সদস্যা সকলে পুৱা ১৯৫০ চনৰ ২২ অক্টোবৰত প্ৰলয়ংকৰী বানত দুখনকৈ নাওঁত ৰাইজক সাহাৰ্য আগবঢ়াবলৈ গৈ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গৈ সলিল সমাধি ঘটি শ্বহীদ হোৱা ডিব্ৰুগড়ৰ জীৱন ৰাম ফুকন, হনুমান প্রসাদ সিংহানিয়া, কলকাতাৰ মাৰৱাড়ী ৰিলিফ ছ’চাইটিৰ বাবুলাল পোদ্দাৰ, চক্ৰ বিষয়া অজয় মেচ, আৰক্ষী কনিষ্টবল গুৰচৰণ সিং , উত্তৰ পাৰৰ বৰদলনিৰ নিবাসী ১৮ বছৰীয়া ছাত্ৰ ৰুদ্ৰ বৰঠাকুৰক শ্ৰদ্ধাৰে স্মৰণ কৰে।
