ডিব্ৰুগড়ৰ কছাৰীবাৰীৰ  বয়োজ্যেষ্ঠ সৰবৰাহী মহিলা, সমাজকৰ্মী মীৰা সোনোৱাল মৃত্যু

ডিব্ৰুগড়ৰ কছাৰীবাৰীৰ  বয়োজ্যেষ্ঠ সৰবৰাহী মহিলা, সমাজকৰ্মী মীৰা সোনোৱাল মৃত্যু: শোকৰ ছাঁ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ কছাৰীবাৰী , মানকটা অঞ্চলৰ বয়োজ্যোষ্ঠ সৰবৰাহী মহিলা সমাজ কৰ্মী, পূবেৰুণ সঙ্ঘৰ প্ৰতিষ্ঠা কালৰ সদস্যা, মানকটা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ সদস্য, কছাৰীবাৰী ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী মীৰা সোণোৱালৰ কালি বাৰ্দ্ধক্যজনিত কাৰণত নিজা বাসগৃহত (৮৫ ) কালি পৰলোকগামী হয় । মৃত্যু সময়ত পুত্ৰ-বোৱাৰী,চাৰি গৰাকী জী-জোঁৱাই,নাতি-নাতিনী আত্মীস্বজন ইহ সংসাৰত এৰি যায়। অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী হিচাপেও জনাজাত সোণোৱালৰ মৃত্যুত সমাজখনৰ বাবে বহু অপূৰণীয় ক্ষতি হয় বুলি  বিভিন্ন জনে মত প্ৰকাশ কৰে।কালিৰে পৰা আৰম্ভ হোৱা ৪৭ সংখ্যক কছাৰীবাৰী ৰঙালীবিহ সন্মিলন চলি থকা কাৰ্যসূচী তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে  বিহু সন্মিলনখনি সাময়িকভাৱে স্থগিত ৰাখি বিদেহ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হয় । আনহাতে আজিৰ পুৱা ভাগৰ সকলো কাৰ্যসূচী আৰু প্ৰতিযোগিতাসমূহ বাতিল কৰে। তেখেতৰ বিয়োগত কছাৰীবাৰী পূবেৰুণ সংঘ, ৰামধেনু মইনা পাৰিজাত,মানকটা শাখা সাহিত্য সভা, হাটীমূৰা সম্বনয় নগৰ উন্নয়ন সমিতি, লক্ষীনগৰ উন্নয়ন সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।