ডিব্ৰুগড়ৰ আৰ্তজনৰ সেৱাত নিয়োজিত চিকিৎসক- সন্ন্যাসিনী ছিষ্টাৰ ডাঃ এণ্টনিয়াক শেষ বিদায়

ডিব্ৰুগড়ৰ আৰ্তজনৰ সেৱাত নিয়োজিত চিকিৎসক- সন্ন্যাসিনী ছিষ্টাৰ ডাঃ এণ্টনিয়াক শেষ বিদায়

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-   অসুস্থ আৰু আৰ্তজনৰ সেৱাত নিয়োজিত জীৱনৰ ৬৭টা বছৰ উৎসৰ্গা কৰা ডিব্ৰুগড়ৰ  সুপৰিচিত চিকিৎসক- সন্ন্যাসিনী ছিষ্টাৰ ডাঃ এণ্টনিয়া মাম্পিলীক আজি ডিব্ৰুগড়ৰ বৈৰাগমঠস্থিত ভি জি হাস্পতাল চৌহদত অন্তিম সৎকাৰ কৰা হয়। ধৰ্মীয় জীৱন, চিকিৎসা সেৱা আৰু মানৱতাৰ প্ৰতি নিঃস্বাৰ্থ সমৰ্পণেৰে সমৃদ্ধ তেওঁৰ জীৱনযাত্ৰাৰ অন্তিম বিদায় অনুষ্ঠানত বৃহৎ সংখ্যক পুৰোহিত, ধৰ্মীয় সন্ন্যাসিনী, চিকিৎসক, হাস্পতালৰ কৰ্মচাৰী, ৰোগী, শুভাকাংক্ষী আৰু স্থানীয় বহুতো গণ্যমান্য লোক উপস্থিত থাকে। কেবাটাও স্বেচ্ছাসেৱী অনুষ্ঠানৰ সদস্য ছিষ্টাৰ ডাঃ এণ্টনিয়াৰ ভি জি হাস্পতালতে দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ৬৭ বছৰত মৃত্যু হয়। ১৯৩৫ চনৰ ১০ জুনত কেৰালাৰ নৰ্থ পাৰাভূৰত জন্মগ্ৰহণ কৰা ছিষ্টাৰ ডাঃ এণ্টনিয়াই ১৯৫৪ চনত ধৰ্মীয় সংঘত যোগদান কৰে। কলকাতাৰ ছেক্ৰেড হাৰ্ট কনভেণ্টত নৱিচিয়েট সম্পূৰ্ণ কৰি ১৯৫৯ চনৰ ১৯ মাৰ্চত কলকাতাত প্ৰথম ধৰ্মীয় প্ৰতিজ্ঞা গ্ৰহণ কৰে। ইয়াৰ পাঁচ বছৰৰ পিছত, ১৯৬৪ চনৰ ১৯ মাৰ্চত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালৰ ধৰ্মীয় সমাজত চূড়ান্ত ধৰ্মীয় প্ৰতিজ্ঞা গ্ৰহণ কৰি ঈশ্বৰ আৰু মানৱ সেৱাৰ প্ৰতি নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰে।তেওঁ অসম মেডিকেল কলেজ আৰু হাস্পতালত ১৯৫৯ৰ পৰা ১৯৬৫ চনলৈ এমবিবিএচ  অধ্যয়ন কৰে আৰু পিছত স্ত্ৰীৰোগ আৰু প্ৰসূতিবিদ্যাত ডিপ্ল’মা লাভ কৰে। চিকিৎসা শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ১৯৬৫-৬৬ চনত পশ্চিমবংগৰ কৃষ্ণনগৰৰ ছেইণ্ট জোচেফছ ডিছপেনছাৰীত সেৱা আগবঢ়ায়। ১৯৬৬ৰ পৰা ১৯৭৪ চনলৈ ইটালী আৰু জাম্বিয়াত মিছনেৰী চিকিৎসা সেৱাত নিয়োজিত হৈ তেওঁ বিশেষকৈ সমাজৰ অতি দুৰ্বল আৰু অসহায় লোকসকলৰ চিকিৎসা আৰু যত্নত নিজকে নিয়োজিত কৰে। সেই সময়ছোৱাত এইডছ-ত আক্ৰান্ত ৰোগীৰ প্ৰতিও তেওঁ বিশেষ সহানুভূতিৰে সেৱা আগবঢ়াইছিল। ভাৰতলৈ উভতি আহি তেওঁ স্ত্ৰীৰোগ আৰু প্ৰসূতিবিদ্যাৰ  প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত বিভিন্ন মিছন কেন্দ্ৰত চিকিৎসা সেৱা অব্যাহত ৰাখে। তেওঁৰ সেৱা-পথ ডিব্ৰুগড়ৰ ভি জি হাস্পতালৰ লগতে পশ্চিমবংগ, মেঘালয়, ইটালী আৰু আফ্ৰিকাৰ বিভিন্ন অঞ্চললৈ বিস্তৃত আছিল।১৯৯০ চনত তেওঁ পুনৰ ভি জি হাস্পতাল, ডিব্ৰুগড়লৈ উভতি আহে আৰু ১৯৯৮ চনলৈ সেৱা আগবঢ়ায়। ১৯৯৮ৰ পৰা ২০০২ চনলৈ মেঘালয়ৰ মাউব্ৰিৰ এপিফেনি কনভেণ্ট হাস্পতালত সেৱা আগবঢ়োৱাৰ পিছত ২০০২ চনত পুনৰ ভি জি হাস্পতাললৈ উভতি আহে। পৰৱৰ্তী সময়ত তেওঁ হাস্পতালখনৰ মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট হিচাপেও দায়িত্ব পালন কৰে।জীৱনৰ শেষ পৰ্যায়ত অসুস্থতা আৰু বয়সৰ বাবে সক্ৰিয় চিকিৎসা সেৱাৰ পৰা আঁতৰি তেওঁ প্ৰাৰ্থনা আৰু আধ্যাত্মিক সেৱাৰ এক নীৰৱ জীৱন বাছি লয়। তথাপিও সহকৰ্মী সন্ন্যাসিনীসকলৰ প্ৰতি তেওঁৰ মাতৃসুলভ মৰম আৰু যত্ন অব্যাহত আছিল। তেওঁৰ অন্তিম সৎকাৰ আৰু শেষকৃত্য ডিব্ৰুগড় ধৰ্মপ্ৰদেশৰ বিত্তীয় প্ৰশাসক ফাদাৰ ফিলিপ পুৰ্টিয়ে ভি জি হাস্পতাল চৌহদত সম্পন্ন কৰে। অন্তিম প্ৰাৰ্থনা আৰু সৎকাৰ অনুষ্ঠানত বহু পুৰোহিত, ধৰ্মীয় সন্ন্যাসিনী, চিকিৎসক, হাস্পতালৰ কৰ্মচাৰী আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰি তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰায় সাত দশকজুৰি চিকিৎসা আৰু ধৰ্মীয় সেৱাৰ মাজেৰে তেওঁ অসংখ্য ৰোগীক কেৱল চিকিৎসাই নহয়, সাহস, সান্ত্বনা আৰু আশাও প্ৰদান কৰি গৈছে। তেওঁৰ বৰ্ণাঢ্য জীৱন আৰু নিঃস্বাৰ্থ সেৱা ডিব্ৰুগড়ৰ চিকিৎসা আৰু ধৰ্মীয় সমাজত এক স্থায়ী স্মৃতি হিচাপে ৰৈ যাব।