ডিব্ৰুগড়ত সামজিক শৈক্ষিক কল্যাণ সংস্থা ‘সেৱা’ৰ ঐতিহাসিক পদক্ষেপ: চাহ শ্ৰমিকৰ জীৱন সুৰক্ষাৰ লক্ষ্যৰে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে ‘এবিচি’ কাৰ্যসূচী
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচা কৰ্তৃপক্ষ আৰু ‘সেৱা’ৰ যৌথ উদ্যোগত ‘এক্টিভ ব্লিডিং কণ্ট্ৰ’ল’ বা চমুকৈ এ বি চিৰ কাৰ্যসূচী সফলতাৰে কালি সমাপ্তি হয়। অনুষ্ঠানত স্থানীয় স্বেচ্ছাসেৱক সকলৰ বাবে একোখনকৈ প্ৰমাণপত্ৰ বিতৰণ হয়। পেডিষ্টাৰ্ছ ,দ্য ছিলড্ৰেনছ হস্পিটেল অৱ ফিলাডেলফিয়া আৰু জিভিকে ইএমআৰআইৰ কাৰিকৰী সহযোগত ‘সেৱা’ই হাতত লোৱা এই জীৱন ৰক্ষাকাৰী পদক্ষেপ হৈছে উত্তৰ-পূব ভাৰততেই এনেধৰণৰ প্ৰথম প্ৰচেষ্টা। এই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে চাহ শ্ৰমিকসকলক জৰুৰী অৱস্থাত পেছাদাৰী চিকিৎসা সেৱা লাভ কৰাৰ পূৰ্বেই গুৰুতৰ ৰক্তক্ষৰণ ৰোধ কৰাৰ ব্যৱহাৰিক কৌশলসমূহ প্ৰশিক্ষণ দিয়া হয়। অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক সকলে ৰক্তক্ষৰণ নিয়ন্ত্ৰণৰ কৌশল প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকক আনুষ্ঠানিক প্ৰমাণপত্ৰ আৰু একোটাকৈ এবিচি কিট প্ৰদান কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিলৈ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ প্ৰণৱ কুমাৰ সোণোৱাল, জিভিকে ইএমআৰ আইৰ উজনি অসমৰ ইন-চাৰ্জ নয়ন কোঁৱৰ; খোৱাং চাহ বাগিচাৰ সহকাৰী জেনেৰেল মেনেজাৰ দিব্যজ্যোতি নেওগ; সহকাৰী প্ৰবন্ধক ক্ৰমে নীলাদ্ৰী বেনাৰ্জী, পদম কুমাৰ থাপা আৰু অংকুশ বৰ্মন। লগতে ‘সেৱা’ৰ কাৰ্যসূচী সমন্বয়ক তথা এবিচি মাষ্টাৰ ট্ৰেইনাৰ ময়ূৰী চেতিয়া আৰু গৱেষণা সহযোগী তথা এবিচি মাষ্টাৰ ট্ৰেইনাৰ হিমাংশু বৰাও অনুষ্ঠানত উপস্থিত থাকে। এই পদক্ষেপে তৃণমূল পৰ্যায়ত প্ৰাথমিক সঁহাৰিকৰ্তাৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলি চাহ বাগিচাৰ সামূহিক জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক অধিক সুদৃঢ় কৰি তুলিব।
