সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন- বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ:: ডিব্ৰুগড় সাহিত্য সভাইও পালন কৰিলে সুধাকণ্ঠৰ জন্মদিন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী শতবৰ্ষ উপলক্ষে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ চৌহদত আয়োজিত অনুষ্ঠানত সংবাদকৰ্মীসকলে বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্পণেৰে সুধাকণ্ঠ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।ক্লাবৰ যুটীয়া সম্পাদক মুক্তামণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি আৰু আদৰ্শ নতুন প্ৰজন্মৰ মাজলৈ অধিক ব্যাপকভাৱে লৈ যোৱাৰ ক্ষেত্ৰত সমাজৰ দায়িত্বৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। সভাপতি সাংবাদিক মনজিৎ বৰাই কয় যে ভূপেন হাজৰিকা কোনো ৰজাঘৰৰ শিল্পী নাছিল, তেওঁ আছিল ৰাইজৰ শিল্পী, প্ৰজাঘৰৰ শিল্পী। তেওঁৰ গীত আৰু সৃষ্টিত প্ৰতিফলিত মানৱতাবাদী, জাতীয়তাবাদী তথা সামাজিক চেতনাক নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰাই দিয়াটো সকলোৰে দায়িত্ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে সুধাকণ্ঠৰ গীতৰ যিদৰে ৰাজ্যজুৰি নতুন প্ৰজন্মৰ মাজত চৰ্চা হ’ব লাগিছিল, সেই ধৰণৰ ব্যাপক সামাজিক উদ্যোগ এতিয়াও অধিক প্ৰয়োজন। কেৱল জন্মজয়ন্তী বা মৃত্যুদিৱসত স্মৰণ কৰাত সীমাবদ্ধ নাথাকি তেওঁৰ সৃষ্টিৰাজি আৰু চিন্তাধাৰাক নিয়মীয়াকৈ চৰ্চা কৰাৰ আহ্বান জনায় ।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই সুধাকণ্ঠৰ গীত, সাহিত্য আৰু সমাজ-মানৱতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা স্মৰণ কৰি তেওঁৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে আগভাগ ল’বলৈ আহ্বান জনায়।অনাগত দিনতো উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে অন্যান্য কাৰ্যসূচীৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু আদৰ্শক জনসাধাৰণৰ মাজত অধিক ব্যাপকভাৱে প্ৰচাৰ আৰু চৰ্চা কৰাৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি সংকল্প গ্ৰহণ কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যুটীয়া সম্পাদকদ্বয় মুক্তামণি হাজৰিকা আৰু টমাচ বুঢ়াগোহাঁই প্ৰচেষ্টাত আয়োজন কৰা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক দীনেশ দাস, সহকাৰী সম্পাদক খগেন দত্ত, কাৰ্যলয় সম্পাদক সন্তোষ যাদৱ,সদস্য জিতু দাস, জীতেন্দ্ৰ শ্ৰীবাস্তৱ, ভিডিঅ জাৰ্ণেলিষ্ট স্বপ্নশ্ৰী গোস্বামী,বাসু দেৱনাথ, শ্বাহনাৱাজ আহমেদ, মুন্না আহমেদ,বিশাল পাণ্ডে, চন্দন ৰজক লগতে অন্যান্য বিষয়ববীয়া আৰু সদস্যসকলৰ উপস্থিতিত কাৰ্যসূচীৰ সফল ৰূপায়ন কৰা হয়। আনহাতে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰেক্ষাগৃহত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈয়ে। সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সুধাকণ্ঠৰ অমৰ সৃষ্টিৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে।
