শব্দবোৰ
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
প্ৰতিদিনে প্ৰিয়াৰ বতৰা
কঢ়িয়াই অনা
শব্দবোৰে
আজি দেখোন
ঠেঁহ পাতি জপনাখনত
ওলমি আছেহি ৷
প্ৰতিদিনে প্ৰিয়াৰ বতৰা
কঢ়িয়াই অনা
শব্দবোৰে
আজি দেখোন
ভয় কৰিছে
চুচুক চামাক কৰি
দূবৰিৰ এখিলা পৃষ্ঠাত
থমকি ৰৈছেহি ৷
প্ৰতিদিনে মোৰ প্ৰিয়াৰ বতৰা
কঢ়িয়াই অনা
শব্দবোৰে
আজি দেখোন
হেঁপাহৰ জুপুৰিটোত মোৰ
ভঙা বেৰৰ কাষত আহি
উচুপিছেহি
অংকন কৰিছে সংগোপনে
পিৰালিৰ এচুকত বহি
প্ৰিয়াৰ প্ৰতিচ্ছবি…!
