ডিব্ৰুগড়ত মহিলা টি টুৱেন্টি ক্ৰিকেট প্ৰতিযোগিতাত বোকাখাত জিলা দল মাণ্ডলিক চেম্পিয়ন

ডিব্ৰুগড়ত মহিলা টি টুৱেন্টি ক্ৰিকেট প্ৰতিযোগিতাত বোকাখাত জিলা দল মাণ্ডলিক চেম্পিয়ন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত জালান আউটডৰ ষ্টেডিয়ামত অনুষ্ঠিত কনকলতা বৰুৱা মহিলা টি টুৱেন্টি ক্ৰিকেট প্ৰতিযোগিতাত বোকাখাত জিলা দল মাণ্ডলিক চেম্পিয়ন হয়। আজি অনুষ্ঠিত মাণ্ডলিক ফাইনেল খেলত বোকাখাত জিলা দলে ঘৰুৱা দল ডিব্ৰুগড়ক শোচনীয় ভাৱে ১০ উইকেটত পৰাস্ত কৰে। ডিব্ৰুগড় দলে টছত জিকি প্ৰথমে বেট ধৰি ১৪.৪ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫১ ৰান কৰে। দলৰ হৈ স্বাস্তি বিশ্বকৰ্মাই সৰ্বাধিক ১৪ ৰান কৰে। বোকাখাতৰ  অমন্তিকা মুড়াই সৰ্বাধিক ৪ টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত বোকাখাত জিলা দলে ৬.১ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয়। অপেনাৰ মুস্কান মল্লিকে ২২ ৰান আৰু অবন্তিকাই ২৯ ৰান কৰি দলক বিজয়ৰ লক্ষ্যত উপনীত কৰোৱায়। অবন্তিকাক প্লেয়াৰ অফ দা ফাইনেল ঘোষণা কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়া, কোষধ্যাক্ষ প্ৰণৱ সোনোৱাল, যুটীয়া সম্পাদক অঞ্জন বৰুৱা, ক্ৰিকেট বিভাগটোৰ সম্পাদক আব্দুল ৰহমান উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে। অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ পৰা অহা মেটচ অৱজাৰ্ভাৰ তথা চিলেক্টৰ নাজনিনা চুলতানাক জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।