অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্ততম ২০২৬ত ৰ’ব’ ছকাৰ আৰু ৰ’ব’ ৰেচ প্ৰতিযোগিতা

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্ততম ২০২৬ত ৰ’ব’ ছকাৰ আৰু ৰ’ব’ ৰেচ প্ৰতিযোগিতা

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ (এডিবিইউ) মেকানিকেল ক্লাব আৰু ৰ’ব’টিক্স ক্লাবৰ উদ্যোগত তথা মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগত প্ৰযুক্ততম২০২৬ (Prajyukttam 2026) টেকফেষ্টৰ সৈতে সংগতি ৰাখি ৰ’ব’টিক্সৰ দুটা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অহা ২৯ ছেপ্টেম্বৰত ৰ’ব’ ছকাৰ আৰু ৩০ ছেপ্টেম্বৰত ৰ’ব’ ৰেচ অনুষ্ঠিত হ’ব।

আজাৰা কেম্পাছত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাসমূহত বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু কাৰিকৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাৰ জৰিয়তে শিক্ষাৰ্থীসকলে ৰ’ব’ট ডিজাইন, প্ৰগ্ৰামিং, নিয়ন্ত্ৰণ ব্যৱস্থা, সমস্যা সমাধান আৰু দলীয় সহযোগিতাৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব।

ৰ’ব’ ছকাৰত অংশগ্ৰহণকাৰীসকলে নিজে ডিজাইন কৰা ৰ’ব’টৰ সহায়ত ফুটবলধৰ্মী খেলত অংশগ্ৰহণ কৰিব লাগিব। আনহাতে, ৰ’ব’ ৰেচত বিভিন্ন বাধা অতিক্ৰম কৰি নিৰ্ধাৰিত ট্ৰেকত ৰ’ব’ট চলোৱাৰ দক্ষতা পৰীক্ষা কৰা হ’ব।

দুয়োটা প্ৰতিযোগিতাতে প্ৰথম পুৰস্কাৰ ৭,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৩,০০০ টকাসহ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

অধিক তথ্যৰ বাবে আগ্ৰহী অংশগ্ৰহণকাৰীসকলে সংশ্লিষ্ট ক্লাবৰ সহকাৰী অধ্যাপক ড° লীনা এইচ. নেমাদে আৰু প্ৰাঞ্জল শৰ্মাৰ সৈতে যোগাযোগ কৰিব পাৰে। লগতে মেকানিকেল ক্লাবৰ ছাত্ৰ সভাপতি ৰাজকুমাৰ (৮২৫৭০৬৪০২২) আৰু ৰ’ব’টিক্স ক্লাবৰ ছাত্ৰ সভাপতি হীৰকজ্যোতি (৯৭০৬৫৪৯৮২৮)ৰ সৈতেও যোগাযোগ কৰিব পাৰিব।