প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো স্মৃতি দিৱস ডিব্ৰুগড়ত উদযাপন অসম অনুসূচিত জাতি সংযুক্ত মর্চাৰ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পীৰ সোঁৱৰণত অসম অনুসূচিত জাতি সংযুক্ত মর্চা, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত নতুন গাওঁ ৰাইজৰ সহযোগত আজি নতুন গাঁও তিনিআলিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্রথম বার্ষিকী স্মৃতি দিৱস উদযাপন কৰে। ডিব্ৰুগড়ৰ নতুন গাঁও তিনিআলিত সন্ধিয়া মানৱতাবাদী জুবিনৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰে লুইতপৰীয়া লোক সাংস্কৃতিক কলা কেন্দ্র নৃত্য গুৰু নিয়ন্ত দাসে।অসম অনুসূচিত জাতি সংযুক্ত মর্চা, ডিব্রুগড় জিলা সমিতিৰ সভাপতি বিপিন বড়াৰ নেতৃত্বত অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকাশ জয় কৰা “মায়াবিনী” গীত পৰিবেশন কৰে। চন্দন দাসে আঁতধৰা অনুষ্ঠানত বৰপথাৰ কোঁৱৰগাওঁৰ নামতি দল -পৰিচালনা গৌৰী গগৈ আৰু শংকৰদেৱ ৰে’লৱে কলনীৰ নামতি দল, পৰিচালনা নিভা দাস আৰু নিশা শেনছোৱা,বগীবিল ব্রহ্মপুত্র কলাকেন্দ্ৰৰ প্ৰকাশ লোহাৰ, স্মৃতিৰানি চুতীয়াৰ- হৰি নাম আৰু নেগেৰা বাদন ,আশাৰ ৰেঙনি নাট্য গোষ্ঠীৰ লাৱন্য দাস আৰু ধন দাসৰ লগতে বহুশিল্পীসকলে সাংস্কৃতিক অনুষ্ঠানত সংগীতৰ এক মহান যাদুকৰ জুবিন গাৰ্গৰ গীত-আৰু নৃত্য আধাৰত নৃত্য পৰিবেশন কৰে। অনুষ্ঠানত বহুসংখ্যক ৰাইজ উপস্থিত থাকে।
