ডিব্ৰুগড়ত বিদ্যালয় সমূহত বিশৃংখলতা দূৰ কৰি শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰাৰ দায়িত্ব শিক্ষকৰ : বিদ্যালয়সমূহৰ পৰিদৰ্শক- কবিতা ডেকা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে শ্ৰেণীটোৰ পৰিৱেশৰ লগত খাপ খুৱাই ল’বলৈ প্ৰস্তুত হ’ব লাগে। এটা সম্পূর্ণভাৱে সু-সজ্জিত কোঠাক তেওঁ শ্ৰেণীকোঠা হিচাপে বাছি ল’ব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি ল’ব পাৰে। ইয়াৰ উপৰি শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বিশৃংখলতা দূৰ কৰি এক শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰাৰ দায়িত্ব শিক্ষকৰ। এই মন্তব্য ডিব্ৰুগড় বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাৰ। আজি ঐতিহাসিক বাগ্মীবৰ নীলমণি ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা আঁচনি বিষয়খ দীপক বুঢ়াগোহাঁই আঁতধৰা শিক্ষা বিভাগৰ শৈক্ষিক সভাত উপস্থিত থাকি পৰিদৰ্শক কবিতা ডেকাই কয় যে- আজি জিলাখনৰ আমোলাপট্টি শৈক্ষিক কেন্দ্ৰৰ শতাধিক শিক্ষকৰ উপস্থিতি এই বিশেষ শৈক্ষিক সভাখন আয়োজন কৰা হৈছে। জিলা খনৰ মুঠ ১৫৮ টা শৈক্ষিক কেন্দ্ৰৰ ভিতৰত এই আমোলাপট্টি শৈক্ষিক কেন্দ্ৰতে প্ৰথম আৰম্ভণি। সভাখনৰ যোগেদি শিক্ষক সকলৰ সৈতে মতবিনিময় দ্বাৰাই শিক্ষাৰ অগ্ৰগতি আভাষ লোৱা। শিক্ষা অনুষ্ঠানত যদি শিক্ষাৰ পৰিৱেশ নাথাকে তেন্তে ছাত্ৰ-ছাত্ৰী কেনেকৈ পাঠ গ্ৰহণ কৰিব? শিক্ষকেই শৈক্ষিক পৰিৱেশ গঢ় দিব লাগিব। শিক্ষকেই মানৱ সম্পদ গঢ় দিব লাগিব। এজন শিক্ষকৰ ওপৰতেই একো একোজন ছাত্ৰৰ ভৱিষ্যত জীৱনৰ গতিপথ নিৰ্ণয় কৰে। গতিকে বিদ্যালয়ত প্ৰৱেশ কৰা লগে লগে শিক্ষকে ব্যক্তিগত সকলো সমস্যাৰ ত্যাগ কৰাটো অতি প্ৰয়োজন। কিয়নো অভিভাৱ সকলে তেওঁলোকৰ সন্তানক শিক্ষকৰ ওপৰতে এৰি যায়। সেয়েহে ছাত্ৰসকলৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো দিশৰে অনুশাসন ৰক্ষা কৰাটো শিক্ষকৰ কৰ্তব্য। অনুশাসন ৰক্ষাৰ বাবে তেওঁ সততে দৈহিক শাস্তিৰ প্ৰয়োগৰ পৰা বিৰত থাকিব লাগে। ব্যক্তিগত আৰু পাঠ্য সম্বন্ধীয় যিকোনো সমস্যা ছাত্র-ছাত্রীসকলে যাতে বীনা দিদ্ধাই শিক্ষকজনক সুধিব পাৰে তাৰ বাবে তেওঁ বন্ধুভাৱাসম্পন্ন মনোভাৱ গঢ়ি লোৱা উচিত। শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ সময়ত বিভিন্ন কথা কোৱাৰ পৰিৱৰ্তে প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিবলৈ উৎসাহিত কৰিব লাগে। ছাত্ৰ-ছাত্ৰীক কেৱল মুখস্থ কৰাৰ পৰিৱৰ্তে, চিন্তা কৰা, প্ৰশ্ন কৰা আৰু বিশ্লেষণাত্মকভাৱে কথা বুজি পোৱাৰ ক্ষমতা বৃদ্ধি কৰা।শিক্ষক-অভিভাৱকৰ সম্পৰ্ক সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নতিৰ বাবে অভিভাৱকসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখা আৰু আলোচনা কৰি ৰোল মডেল হিচাপে নিজে আদৰ্শ আচৰণ আৰু অনুশাসন মানি চলি ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰা । এনে কাৰ্যৰ পৰা ছাত্ৰ-ছাত্ৰী সকল শিকনৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাটো নিশ্চিত। আনহাতে শিক্ষক আৰু অভিভাৱকৰ মাজত সু-সম্পৰ্ক স্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰা আৰু শিশুৰ চৰিত্ৰ গঠনত সহায় কৰা।প্ৰকৃততে, প্ৰাথমিক শিক্ষকে শিশুৰ জীৱনৰ আধাৰশিলা স্থাপন কৰে আৰু তেওঁলোকক এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ প্ৰেৰণা যোগায় বুলি উল্লেখ কৰি পৰিদৰ্শক কবিতা ডেকাই ভাষণ প্ৰসংগত কয় যে- শিক্ষাই মানুহক বিভিন্ন জ্ঞান আৰু গুণ আহৰণত সহায় কৰে, কর্মহীন শিক্ষা অবাস্তব। কর্ম শিক্ষাই মানুহক ভালদৰে জীয়াই থাকিবলৈ শিকায়। মুল্যবোধৰ শিক্ষাই মানুহক যোগ্য নাগৰিক ৰূপে জীৱন- যাপন আৰু সু-চিন্তা কৰিবলৈ শিকায়। উভয় পদ্ধতিৰ সমন্বয় শিক্ষাই হ’ল সমাজৰ সকলোৰ কাৰণে মঙ্গল বা কল্যাণকৰ। ভাল-বেয়া, সুন্দৰ- অসুন্দৰ, সত্য-অসত্য, ন্যায়-অন্যায়, হিত-অহিতৰ মাজত পাৰ্থক্য সৃষ্টি কৰাৰ জ্ঞান অর্জনেই হৈছে প্রকৃত শিক্ষা।বিদ্যালয়ত শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ আন্তঃগাঁথনি উন্নয়ন, বিনামূলীয়া পাঠ্যপুথি বিতৰণ, আৰু ডিজিটেল শিক্ষাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন। ইয়াৰ লগতে শিক্ষানুষ্ঠান আৰু অভিভাৱকৰ মাজত সজাগতা সৃষ্টি কৰাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় এৰাৰ প্ৰৱণতা হ্ৰাস কৰিব পাৰি।’চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মান নিম্নগামী হোৱাৰ কাৰণে যদি ছাত্ৰ-ছাত্ৰী কমি যায়, চৰকাৰী শিক্ষা ব্যৱস্থাত অভিভাৱকসকলে যদি আস্থা হেৰুৱাই তেনেহ’লে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা কমিব। সেই ব্যৱস্থা দূৰ কৰিবলৈ শিক্ষকে সদায়ে সচেতন অৱলম্বন কৰাতো অত্যন্ত প্ৰয়োজন। সভাত জিলা আঁচনি বিষয়া দীপক বুঢ়াগোহাঁই কয় যে- বিদ্যালয় সমূহত এফ এল এন , টি এল এমৰ উপযুক্ত ব্যৱহাৰৰ, শিক্ষকৰ দিনলিপি পাঠ পৰিকল্পনা, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, আন্ত:গাঁথনি ইত্যাদি সমূহ সঠিক কাৰ্যকৰী কৰাৰ লগতে লিখন ,পঠন আৰু সাংখ্যিকতা বিষয়ে দক্ষতা অৰ্জন কৰাতো অতি গুৰুত্বপূৰ্ণ। সেই বাবে শিক্ষকে অতি সচেতন হোৱাটো বাঞ্চনীয়। তেওঁ লগতে কয় যে- বিদ্যালয়ৰ বিজ্ঞানাগাৰ আৰু পুথিভঁৰাল ছাত্ৰ-ছাত্ৰী সকলৰ সম্পদ। এই সম্পদক সঠিক ব্যৱহাৰ আৰু ৰক্ষা কৰা দায়িত্ব শিক্ষক সমাজৰ। সকলো ছাত্ৰ-ছাত্ৰীক ইয়াৰ সৈতে যুক্ত কৰাটো শ্ৰেয়।তেওঁ বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শন কৰি পোৱা কিছু অভিজ্ঞতা সভাত উল্লেখ কৰে। সভাত জিলা শৈক্ষিক পৰিষদৰ সভাপতি ড০ উইন কেন, প্ৰভাত দেউৰী আৰু শিক্ষক সকলৰ হৈ স্মৃতা বৰবৰা, চন্দন ফুকন, মিতালি মহন্ত, তজমুল আলি, জুৰি দেৱী আদিয়ে নিজ নিজ মতা-মত আগবঢ়ায়।সভাত ছয় নং আমোলাপট্টি নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় শিক্ষক সকল ইউনিৰ্ফৰ বিষয়ে আলোচনাত ঠাই পায়। পৰিদৰ্শন ডেকাই বিদ্যালয়ৰ শিক্ষক সকলৰ একে সাজ-পোছাক পিন্ধনৰ কাৰ্যক ভূয়শী প্ৰসংশা কৰে। উল্লেখযোগ্য যে- উক্ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লগতে শিক্ষক সকলেও একে সাজ- পোছাক পৰিধান কৰে।সভাত জিলা শৈক্ষিক পৰিষদৰ সভাপতি ড০ উইন কেন, সম্পাদক উদয়শংকৰ গগৈ, সদস্য অজয় কোঁৱৰ, ডিব্ৰুগড় চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত দেউৰী, ভিক্টোৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ ৰঞ্জন ফুকন, বিএন পিৰ অধ্যক্ষ মিনাক্ষী ফুকন, বৰবৰুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিপালী নৰহ য়েইন, বি আৰ পি ৰূমী কোঁৱৰ, বি আৰ পি আই চি স্মৃতা বৰবৰা চি আৰ চিচি চৌভিক বৰদলৈ, মঞ্জু দিহিংঙীয়া,ভাস্কৰ বৰা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
