গুৱাহাটীত এআইচালিত প্রথমটো বেংকৰ শাখা উদ্বোধন মুখ্যমন্ত্ৰী ড° শর্মাৰ

গুৱাহাটীত এআইচালিত প্রথমটো বেংকৰ শাখা উদ্বোধন মুখ্যমন্ত্ৰী ড° শর্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাজ্যৰ ডিজিটেল আৰু কৃত্রিম বুদ্ধিমত্তা খণ্ডত এক নতুন মাত্রা যোগ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ জি এছ ৰোডত ‘শ্লাইচ স্মল ফাইনেঞ্চ বেংক’ৰ দেশৰ প্ৰথমটো এআই চালিত ‘ফিজিটেল’ (শাৰীৰিক আৰু ডিজিটেলৰ সংমিশ্রণ) বেংকিং শাখা আনুষ্ঠানিকভাবে উদ্বোধন কৰে। নতুন প্ৰজন্মৰ এই বেংকিং শাখাটোত এ আই-সক্ষম স্ব-চালিত কিঅ’স্ক (Self-service kiosks), কাগজবিহীন ধন জমা আৰু উলিওৱা ব্যৱস্থাৰ লগতে সম্পূর্ণ ডিজিটেল উপায়েৰে গ্ৰাহক ভৰ্তি কৰাৰ সুব্যৱস্থা কৰা হৈছে। গ্ৰাহকৰ আস্থা আৰু ডিজিটেল সুবর্ণ সুযোগৰ এক অনন্য সংমিশ্রণেৰে নিৰ্মাণ কৰা এই আধুনিক শাখাটোৱে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে বেংকিং সেৱাক অধিক সৰল কৰি তোলা আৰু গ্ৰাহকৰ কাষ চপাই নিয়াত সহায়ক হ’ব। বিশেষকৈ যিসকল লোক বা ক্ষুদ্র ব্যৱসায়ী এতিয়ালৈকে আধুনিক বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ আছিল, তেওঁলোকক বর্ধিত শাৰীৰিক উপস্থিতি আৰু শক্তিশালী ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে সুলভ ঋণ, সঞ্চয় আৰু ধন পৰিশোধৰ সুৰক্ষিত সুবিধা প্ৰদান কৰাটোৱেই এই বেংকৰ মূল লক্ষ্য। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই নতুন ডিজিটেল আৰু এআইচালিত শাখাটো হৈছে চহৰীয়া অঞ্চলৰ লগতে চৰকাৰী সা-সুবিধা কমকৈ পোৱা পিছপৰা শ্ৰেণীৰ মাজতো এক সামগ্রিক বিত্তীয় পৰিৱেশ গঢ়ি তোলাৰ দিশত এক ডাঙৰ পদক্ষেপ। তেওঁ এনে অনন্য সেৱাৰে সমৃদ্ধ বেংকৰ আগমনে ৰাজ্যখনত প্রকৃত বিনিয়োগৰ পৰিৱেশ সৃষ্টি কৰিছে, যাৰ বাবে ৰাজ্য চৰকাৰে দীৰ্ঘদিনৰে পৰা প্ৰচেষ্টা চলাই আহিছিল। স্লাইচ স্মল ফাইনেঞ্চ বেংকৰ সৈতে চৰকাৰৰ এই অংশীদাৰিত্ব অসমৰ বৰ্তমানৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা এক উপযুক্ত সহযোগিতা বুলিও তেওঁ অভিহিত কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয়-গুৱাহাটীত দেশৰ প্ৰথমটো ডিজিটেল আৰু এআইচালিত বেংক শাখা মুকলি হোৱাটোৱে ভাৰতীয় বেংকিং খণ্ডৰ ভৱিষ্যতক আদৰি ল’বলৈ অসম সম্পূর্ণ সাজু। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্রতিষ্ঠানসমূহে নিজৰ কাৰ্যালয় অসমলৈ অনাটোৱে অসমৰ পূৰ্ণ প্রস্তুতিক স্পষ্ট কৰি তুলিছে। লাহে লাহে অসমৰ যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ গৈ কাম কৰাৰ প্ৰয়োজন নহ’ব। দৰাচলতে অসমত ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ বাবে আজি নতুন নতুন উদ্যোগৰ ভেটি স্থাপন কৰিবলৈ অসমলৈ ধাৱমান হৈছে নতুন নতুন প্রতিষ্ঠান। এই পৰিৱেশৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিলে আমাৰ ল’ৰা-ছোৱালীয়ে বাহিৰত গৈ কাম কৰিব নালাগে। গতিকে আমি ইয়াক সকলোৱে দায়িত্ব হিচাপে গ্ৰহণ কৰা উচিত। এই শাখাৰ এক বিশেষ সুবিধাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে গ্রাহকসকলে কোনো সুকীয়া ম’বাইল এপ্লিকেচন নোহোৱাকৈয়ে পোনপটীয়াকৈ ইউপিআই আইডিৰ জৰিয়তে ঋণ ল’ব পাৰিব। ইয়াৰ ফলত আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু মহিলা উদ্যোগীসকলে ব্যৱসায় বৃদ্ধিৰ বাবে প্রয়োজনীয় মূলধন মাত্র কেইমিনিটমানৰ ভিতৰতে নিজৰ ম’বাইলতে লাভকৰিবলৈ সক্ষম হ’ব। এই ব্যৱস্থাই বিত্তীয় অন্তর্ভুক্তিকৰণক আটাইতকৈ ব্যৱহাৰিক আৰু অৰ্থপূৰ্ণ ৰূপ দিছে। ৰাজ্য চৰকাৰে অসমক এক দায়িত্বশীল আৰু প্রযুক্তিচালিত বিনিয়োগৰ মুখ্য স্থান হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে কয় যে চৰকাৰে এনে এক পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ কাম কৰি আছে য’ত ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ ঘটে, যুৱপ্ৰজন্মই কর্মসংস্থাপনৰ নতুন সুযোগ লাভ কৰে আৰু ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকে এক উন্নত জীৱন গঢ়িবলৈ প্রয়োজনীয় বিত্তীয় সঁজুলিসমূহ সহজে লাভ কৰিব পাৰে। গুৱাহাটীত এই নতুন যুগৰ বেংকিং শাখা স্থাপন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে বেংক কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। এই উদ্বোধনী অনুষ্ঠানত প্রাক্তন মন্ত্রী অশোক সিংহল, স্লাইচ স্মল ফাইনেঞ্চ বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাজন বাজাজ, এন পিচি আইৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া দিলীপ আছবেৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।