ডিব্ৰুগড়ত তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভা

ডিব্ৰুগড়ত তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভা::৩৩ জনীয়া নতুন সমিতি গঠন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান ডিব্ৰুগড় তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভাখনি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰৰ সভাপতি হেম কান্ত দিহিঙ্গীয়াই। ইয়াৰ পিছতে চাও চেং ৰেণত বন্তি প্ৰজ্বলন আৰু মাংগলিক কাৰ্যসূচী সম্পন্ন কৰে কেন্দ্ৰৰ ম’লুংসকলে। সভাপতি হেম কান্ত দিহিঙ্গীয়াৰ সভাপতিত্বত মূল সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে কেন্দ্ৰৰ প্ৰয়াত সদস্যসকলৰ লগতে শেহতীয়াকৈ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত সংঘটিত বানপানীত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।সভাত কেন্দ্ৰৰ সাধাৰণ সম্পাদক দুৰ্লভ গগৈয়ে সম্পাদকীয় প্ৰতিবেদন উত্থাপন কৰি বিগত কাৰ্যকালত কেন্দ্ৰটোৱে গ্ৰহণ কৰা বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক কাৰ্যসূচী তথা কেন্দ্ৰৰ সামগ্ৰিক কাম-কাজৰ বিস্তৃত বিৱৰণ দাঙি ধৰে।  সদস্যসকলে বিভিন্ন পৰামৰ্শ আৰু সংযোজন আগবঢ়োৱাৰ পিছত সম্পাদকীয় প্ৰতিবেদনখন সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে।  কেন্দ্ৰৰ বাৰ্ষিক আয়-ব্যয়ৰ হিচাপৰ প্ৰতিবেদনো সভাই সৰ্বসন্মতিক্ৰমে অনুমোদন কৰে।সভাত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। সংগীত পৰিচালক গন্ধেশ্বৰ চমুৱা আৰু জনপ্ৰিয় সংগীত শিল্পী ভূৱন গগৈয়ে গীত পৰিৱেশন কৰে। বিশিষ্ট নৃত্য পৰিচালিকা  ৰুবি গগৈ সন্দিকৈৰ পৰিচালনাত কেইবাটিও নৃত্য পৰিৱেশন কৰা হয়।সভাত কেন্দ্ৰৰ উপদেষ্টা মহেন বুঢ়াগোহাঁই, তৰুণ গগৈ, কৃষ্ণ কান্ত চেতিয়া, কাৰ্যকৰী সভাপতি দীপক কুমাৰ চাংমা , উপ-সভাপতি ৰঞ্জিত বৰুৱা, মদন চন্দ্ৰ কোঁৱৰ, ম’লুং নৱ ফুকন, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক খগেন্দ্ৰনাথ চেতিয়া ফুকন, তাই সাহিত্য সভাৰ উপ-সভাপতি ইন্দ্ৰ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।সভাৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে পৰৱৰ্তী তিনিটা কাৰ্যকালৰ বাবে হেম কান্ত দিহিঙ্গীয়াক সভাপতি হিচাপে লৈ নতুন সমিতি গঠন কৰা হয়। দীপক কুমাৰ চাংমাই আৰু ৰঞ্জিত বৰুৱাক কাৰ্যকৰী সভাপতি, শশাংক নেওগ, মদন কোঁৱৰ আৰু জীৱন বড়াক উপ-সভাপতি, দুৰ্লভ গগৈক সাধাৰণ সম্পাদক, ধ্ৰুৱজ্যোতি গগৈ, দিগন্ত ফুকন আৰু প্ৰাঞ্জল গগৈক সহকাৰী সম্পাদক আৰু পুতুল দুৱৰাক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। মুঠ ৩৩ জনীয়া নতুন সমিতিখনে আগন্তুক কাৰ্যকালত তাই ভাষা-সাহিত্য, সংস্কৃতি, শিক্ষা আৰু সামাজিক ক্ষেত্ৰত কেন্দ্ৰটোৰ কাম-কাজ অধিক গতিশীল কৰি তোলাৰ লগতে তাই জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক স্বকীয়তা সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ আশা প্ৰকাশ কৰা হয়।