কামাখ্যা দেৱালয় দর্শন উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে নীলাচলস্থিত মা কামাখ্যা মন্দিৰ দৰ্শন কৰে । মা কামাখ্যা মন্দিৰ দৰ্শন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে যে দেশবাসীৰ ধাৰাবাহিক বিকাশ আৰু প্ৰগতিৰ লগতে সকলোৰে মংগল, শান্তি আৰু সমৃদ্ধিৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। উপ-ৰাষ্ট্ৰপতিৰ লগত পর্যটন মন্ত্রী অজন্তা নেওগৰ লগতে জ্যেষ্ঠ বিষয়া দিগন্ত বৰাই সংগ দিয়ে। স্মর্তব্য যে দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দুটা কাৰ্যসূচীত অংশগ্রহণ কৰিছিল।

শংকৰদেৱ কলাক্ষেত্ৰত মহানগৰীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিছিল। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিলান্যাস অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে অসম ভ্রমণ সামৰি মেঘালয় অভিমুখে ৰাওনা হয়। তাত তেওঁ শ্বিলংস্থিত ছ’ছ’থাম অডিটৰিয়ামত ৰাজহুৱা অভ্যর্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে চাৰিদিনীয়া উত্তৰ-পূব ভ্ৰমণৰ সময়ত মণিপুৰ আৰু অৰুণাচল প্রদেশো ভ্ৰমণ কৰিব। অহা ৯ তাৰিখে ভ্ৰমণ সামৰি উপ-ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীলৈ উভতি যাব।
