ডিব্ৰুগড়ত ছাত্ৰ নিৰ্যাতনৰ ঘটনাক জাতীয় পৰিষদৰ গৰিহণা

Pc twitter

ডিব্ৰুগড়ত ছাত্ৰ নিৰ্যাতনৰ ঘটনাক জাতীয় পৰিষদৰ গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত ছাত্ৰৰ ওপৰত আৰক্ষীয়ে চলোৱা শাৰিৰীক নিৰ্যাতন আৰু গ্ৰেপ্তাৰৰ ঘটনাক অসম জাতীয় পৰিষদে তীব্ৰ গৰিহণা দিয়ে৷ এক প্ৰেছ বিবৃতিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ছাত্ৰ নেতাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ আৰু শাৰিৰীক নিৰ্যাতন চলোৱা কাৰ্য্য দিছপুৰৰ নিৰ্দেশ মতে কৰা হৈছে৷ এয়া দিছপুৰৰ দমন নীতিৰে অংশ৷ আনহাতে শাসনাধিষ্ট দল বিজেপিৰ ছাত্ৰ সংগঠন এ বি ভি পি আৰু অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদে সন্মিলিত হৈ জাতীয় ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে অৱস্থান কৰাটো আশ্চৰ্যকৰ বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷ বিবৃতিটোত গগৈ আৰু ভূঞাই লগতে কয়, “জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্পৰে গঠন হোৱা আঞ্চলিক দল অসম গণ পৰিষদে নিজৰ সকলো আদৰ্শ বিসৰ্জন দি কেৱল ক্ষমতা লিপ্সুতাৰ বাবেই জাতীয় স্বাৰ্থক জলাঞ্জলী দি বিজেপিৰ দৰে অসম আৰু অসমীয়া স্বাৰ্থ বিৰোধী দলৰ নেগুৰত ধৰি নিজৰ স্বাভিমান আৰু জন্মলগ্নৰ আদৰ্শ বিসৰ্জন দিয়া কাৰ্য এক ঐতিসাহিক জাতীয় বিস্বাসঘাটকতা ৰূপে জাতীয় বুৰজ্ঞীত সদায়েই চিহ্নিত হৈ ৰ’ব।” সময় থাকোতেই এই সত্য উপলদ্ধি কৰিবলৈও অগপৰ প্ৰতি গগৈ আৰু ভূঞাই আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ প্ৰতিও অসম জাতীয় পৰিষদে সমৰ্থন থাকিব বুলি মত প্ৰকাশ কৰে৷