ডিচেম্বৰত পতাকা উত্তোলনেৰে পূব কামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী শুভাৰম্ভ 

Pc Facebook

ডিচেম্বৰত পতাকা উত্তোলনেৰে পূব কামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী শুভাৰম্ভ 

ৰঙিলী বাৰ্ত্তাসেৱা- বাইহাটা চাৰিআলিস্থিত পূব কামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষ উদ্যাপনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে।মহাবিদ্যালয় পেক্ষাগৃহত আয়োজিত ৰাজহুৱা সভাত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক মুখ্য সভাপতি, প্রাক্তন অধ্যক্ষ ফুলেশ্বৰ ধিঙক সভাপতি, শিক্ষাবিদ মোহন ডেকাক কাৰ্যকৰী সভাপতি আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ নাৰায়ণ চন্দ্ৰ গোস্বামীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। চলিত বৰ্ষৰ ডিচেম্বৰত পতাকা উত্তোলনেৰে সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব। ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰীত প্রয়াত দেৱেন শৰ্মা সোঁৱৰণী গ্রন্থমেলা, ৪খন ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ, ২খন আন্তর্জাতিক আলোচনা-চক্র অনুষ্ঠিত কৰিব। এপ্ৰিলত ১০০খন বিছনাযুক্ত মহাবিদ্যালয় ছাত্ৰাৱাসৰ আধাৰশিলা স্থাপন, আগষ্টত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস, কৃষক সমাৰোহ, আন্তঃমহাবিদ্যালয় কুইজ প্রতিযোগিতা আৰু আন্তঃজিলা ভলীবল প্রতিযোগিতা অনুষ্ঠিত হ’ব। ২০২২ বৰ্ষৰ ডিচেম্বৰত সোণালী জয়ন্তী বৰ্ষৰ সামৰণী উৎসৱ অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।