ডার্কৱেবত ফাদিল ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহকৰ তথ্য
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ বেংক ‘‘ষ্টেট বেংক অৱ ইণ্ডিয়া’’ চমুকৈ এছবিআইত চাইবাৰ আক্ৰমণ। ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক (এছ বি আই)ৰ হাজাৰ হাজাৰ গ্ৰাহকৰ তথ্য ডাৰ্ক ৱেবত ফাদিল হৈছে।ইতিমধ্যে এই আক্ৰমণৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে বেংকে। এই সমগ্র ঘটনাটোক লৈ ইতিমধ্যে ব্যাপক হুৱাদুৱাৰ সৃষ্টি হৈছে। অৱশ্যে বেংক কর্তৃপক্ষই জনাইছে যে এই আক্ৰমণৰ ফলত তেওঁলোকৰ মূল কাম-কাজৰ ওপৰত কোনো প্ৰভাৱ নপৰে। বেংকটোৱে নিজেই ২১ অক্টোবৰত ষ্টক এক্সচেঞ্জত অফিচিয়েল ফাইলিঙত এই তথ্য ফাদিল হোৱাটো নিশ্চিত কৰিছে ।এছবিআয়ে জনোৱা মতে, ডাৰ্ক ৱেবত উপলব্ধ প্ৰায় ৩,৭৫,০০০ ৰেকৰ্ডৰ প্ৰাৰম্ভিক বিশ্লেষণৰ সময়ত ব্যক্তিগতভাৱে চিনাক্তকৰণযোগ্য তথ্য (PII) থকা ৩,৮৯৭টা গ্ৰাহকৰ ৰেকৰ্ড চিনাক্ত কৰা হৈছে ৷ বেংকটোৰ মতে, প্রাথমিক মূল্যায়নত এই কথা কোৱা গৈছে যে ডার্কৱেবত ফাদিল হোৱা তথ্যসমূহৰ ভিতৰত অন্যতম হ’ল গ্ৰাহকৰ নাম, ম’বাইল নম্বৰ, জন্মৰ তাৰিখ, ই-মেইল ঠিকনা, আবাসিক ঠিকনা, ব্ৰেণ্ড আৰু গ্ৰাহকৰ চিনাক্তকৰণ তথ্যৰ লগতে ঋণ সম্পর্কীয় অভিলেখ। চাইবাৰ নিৰাপত্তা পর্যবেক্ষণকাৰী সংস্থা ‘চাইবাৰ পাল্ল্ফ-৫৬’য়ে শেহতীয়াকৈ সামাজিক মাধ্যমত দিয়া পোষ্টত দাবী কৰে যে এছবিআইৰ ট্ৰাই ৩ লাখ ৮০ হাজাৰ গ্ৰাহকৰ তথ্য ডার্কৱেবত ফাদিল হৈ গৈছে। তাৰ ভিতৰত আছে গ্রাহকসকলৰ ব্যক্তিগত তথ্য, আৱাসিক ঠিকনা, ঋণৰ আবেদন, প্রয়োজনীয় নথিপত্ৰ আৰু আবেদন সম্পর্কীয় অন্যান্য ৰেকৰ্ড। যোৱা ১৬ অক্টোবৰত প্ৰথমে খবৰটো পোহৰলৈ আনে চাইবাৰ পাল্লু-৫৬য়ে। তেওঁলোকে দাবী কৰে যে এই চাইবাৰ আক্ৰমণৰ নেপথ্যত আছে ‘ছিৰিয়াছিম’ নামৰ এটা হেকাৰ গোষ্ঠী। চাইবাৰ নিৰাপত্তা সংস্থাটোৱে আৰু দাবী কৰে যে এই সংবেদনশীল তথ্যসমূহ কমা-ছেপাৰেটিভ ভেল্যু বা চিভিএছ ফর্মেটত আছে হেকাৰসকলৰ ওচৰত। লগতে তেওঁলোকৰ ওচৰত আছে ২,৭২২টা পিডিএফো। চাইবাৰ পাল্ল্ফ-৫৬ৰ এই দাবীৰ চাৰি দিন পিছত মুখ খুলিছে এছবিআয়ে। তেওঁলোকে খবৰটো নিশ্চিত কৰিছে। বেংক কর্তৃপক্ষৰ ফালৰ পৰা জনোৱা মতে, বৃহৎ চাইবাৰ আক্ৰমণৰ জৰিয়তে হেকাৰসকলৰ বেংকৰ গ্ৰাহকসকলৰ তথ্য ভাণ্ডাৰত প্ৰৱেশ কৰি উলিয়াই নিছে বহুতো সংবেদনশীল তথ্য। ডার্কৱেবত ফাদিলৰ বিষয়টোও স্বীকাৰ কৰি লৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয়কৃত বেংকটোৱে। সমগ্র ঘটনাটোত পুংখানুপুংখ তদন্ত কৰা হ’ব বুলিও জনাইছে তেওঁলোকে। ডাটা লীক হোৱাৰ কথা নিশ্চিত হোৱাৰ লগে লগে এছ বি আয়ে তৎক্ষণাত নিজৰ চাইবাৰ ইনচিডেণ্ট ৰেছপ’ণ্ড (Cyber Incident Response) আৰু প্ৰিভেনচন প্ৰট’কল কাৰ্যকৰী কৰে । ইয়াৰ উপৰিও এই ডাটা লীকৰ সম্পূৰ্ণ তদন্তৰ বাবে এটা স্বতন্ত্ৰ চাইবাৰ সুৰক্ষা সংস্থাক নিয়োগ কৰা হৈছে । এই সংস্থাই নিৰ্ধাৰণ কৰিব যে হেকাৰসকলে বেংকৰ ব্যৱস্থাসমূহ ক’ত আৰু কেনেকৈ ভংগ হ’লে, ভৱিষ্যতে ডাটা লীক হোৱাৰ সম্পূৰ্ণ প্ৰতিৰোধ নিশ্চিত কৰিব ।
