টোপ- লক্ষী প্ৰসাদ ৰেগন

Pc The Indian express

টোপ

লক্ষী প্ৰসাদ ৰেগন

কালি ৰাতি মোক হত্যা কৰা হ’ল
আৰু মই
নিজক বচাবলৈ দৌৰিছো ডাঙৰ মানুহৰ হাত বিচাৰি

প্ৰথমে লোভ
মুখত এটুকুৰা শুকান মাংসৰ হাড়
তাৰ পাছতে
বৃত্ত এটাৰ কেন্দ্ৰত ৰাখি প্ৰশ্ন কৰা হ’ল
কোনটো পথ আপোনাৰ প্ৰিয়- সত্য নে অসত্য

মই এতিয়া মুখ মেলো কেনেকৈ
বহুদিনৰ মূৰকত টোপ এটা পালো