টেলিকম টাৱাৰৰ সঁজুলি চুৰি কাণ্ড,পলাশবাৰীত এজন গ্ৰেপ্তাৰ, লাখ টকাৰ সামগ্ৰী উদ্ধাৰ

টেলিকম টাৱাৰৰ সঁজুলি চুৰি কাণ্ড,পলাশবাৰীত এজন গ্ৰেপ্তাৰ, লাখ টকাৰ সামগ্ৰী উদ্ধাৰ

মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰদুৱাৰ ৰঙামাটি অঞ্চলত সংঘটিত হোৱা এটা টেলিকম টাৱাৰৰ সঁজুলি চুৰি কাণ্ডৰ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ সন্দৰ্ভত পিন্টু কলিতা নামৰ এজন ব্যক্তিয়ে দাখিল কৰা লিখিত এজাহাৰৰ ভিত্তিত পলাশবাৰী আৰক্ষী থানাত ১৬২/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছিল। এজাহাৰ লাভ কৰাৰ পিছতেই আৰক্ষীৰ এটা দলে ক্ষিপ্ৰতাৰে অভিযান চলায়। নিশা প্ৰায় ৩:৩০ বজাত মনিআৰি তিনিআলিৰ ওচৰত আৰক্ষীয়ে এজন সন্দেহযুক্ত যুৱকক কৰায়ত্ত কৰে। ধৃত যুৱকজন কামৰূপ মহানগৰ জিলাৰ সাতগাঁও থানাৰ অন্তৰ্গত পঞ্জাবাৰীৰ বতাহঘূলিৰ বাসিন্দা প্ৰয়াত অনিশ ৰহমানৰ পুত্ৰ ৰিয়াজ ৰহমান (২৮) বুলি চিনাক্ত কৰা হৈছে।বাহনসহ চুৰি সামগ্ৰী জব্দআৰক্ষীয়ে অভিযুক্ত ৰিয়াজ ৰহমানৰ জিম্মাত থকা AS-12L-2752 পঞ্জীয়ন নম্বৰৰ এখন বাহন তালাচী চলাই এয়াৰটেল টাৱাৰৰ পৰা চুৰি হোৱা মূল্যবান ‘ৰিম’ট ৰেডিঅ’ ইউনিট’ (RRU, নম্বৰ, CN39526497) টো উদ্ধাৰ কৰাৰ লগতে বাহনখনো জব্দ কৰে। ধৃত যুৱকজনে এই সামগ্ৰীসমূহৰ কোনো বৈধ নথি-পত্ৰ আৰক্ষীৰ সন্মুখত দাঙি ধৰিব নোৱাৰিলে।আন্ধাৰৰ সুযোগ লৈ তিনি সহযোগীৰ পলায়ন আৰক্ষীৰ অভিযানৰ সময়ত বাহনখনত থকা ৰিয়াজৰ আন তিনিজন সহযোগীয়ে আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ৯ জুলাইত আৰক্ষীয়ে যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ধৃত অভিযুক্তক অমিংগাঁওস্থিত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। বৰ্তমান পলাতক বাকী তিনিজন অপৰাধীৰ সন্ধানত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে।