টকিঅ’ অলিম্পিকত এইবাৰ প্ৰতিদ্বন্দিতা কৰিব ভাৰতৰ ৭ জন মল্লযোদ্ধাই

pc Times Now

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কিলোগ্ৰাম প্ৰতিযোগিতাত দুবাৰকৈ চি.ডব্লিউ.জি. স্বৰ্ণ পদক বিজয়ী বিনেশ ফোগাটে প্ৰতিনিধিত্ব কৰিব ভাৰতক। সীমা বিছলা, অংশু মালিক আৰু সোনম মালিকে ক্ৰমান্বয়ে ৫০ কিলোগ্ৰাম, ৫৭ কিলোগ্ৰাম আৰু ৬২ কিলোগ্ৰামৰ ইভেণ্টত অংশগ্ৰহণ কৰিব। ২০১৮ত চি.ডব্লিউ.জি.ৰ স্বৰ্ণ পদক বিজয়ী বজৰং পুনিয়া (৬৫ কিলোগ্ৰাম), ৰবি কুমাৰ দাহিয়া (৫৭ কিলোগ্ৰাম) আৰু দীপক পুনিয়া (৮৬ কিলোগ্ৰাম) হৈছে তিনিজন পুৰুষ মল্লযোদ্ধা যি ভাৰতক প্ৰতিনিধিত্ব কৰিব।

(UD.)