জ্যোতি-বিষ্ণুৰ কথাৰে
ধৰণী চেতিয়া, ধেমাজি
কোন জ্যোতিয়ে, কোন বিষ্ণুৱে গাইছিল মিলনৰ বৰগীত
কোন জ্যোতি-বিষ্ণুৱে ৰচিছিল
সমন্বয়ৰ ন ন সোপান
কোন জ্যোতি-বিষ্ণুৱে গাইছিল
কৃষক বনুৱাৰ জীৱন জিয়াৰ গান
কু-সংস্কাৰ, অন্ধবিশ্বাসত পচি উৱলিব ধৰা সমাজৰ
মলিন পোছাক খুলি ন-সাজ পিন্ধালে কোনে
ক চোন ককাই ক, বুকু ডাঠ কৰি ক
(সেইয়াই আমাৰ আই অসমীৰ নয়নৰ মণি জ্যোতি আৰু বিষ্ণু)
আই অসমীৰ চৰণ ধূলিৰ চামনি গুচায়
ৰাখিলে যত কীৰিতি
কত শত শোষিত, দলিত, নিষ্পেষিত, নিৰ্যাতিত
পৰ পদানত সেৱি চৰণাতিতৰ ওৰণি গুচায়
কোনে ৰাখিলে মান
ক হেৰ’ ককাই ক, বুকু ডাঠ কৰি ক
অ’ মোৰ দেশৰ আৱাল-বৃদ্ধ-বনিতা
অ’ মোৰ গাঁৱৰ নদাই-ভদাই চা চকু মেলি চা
(সেইয়াই আমাৰ আই অসমীৰ নয়নৰ মণি জ্যোতি আৰু বিষ্ণু)
কোন সপোনহাৰা, দিঠকহাৰা, দিন দুখীয়াৰ, হতভাগিনীৰ
কঠোৰ বেথাৰ তীখাৰ শাণ!
কাৰ বিজুলীৰ চমকত লৰিল গা
কাৰ নয়নত গজিল হেৰ’ ন- প্ৰভাতৰ নেজাল বন্তি গচি
জাতি, ধৰ্ম, ভাষাৰ নামত বিভাজন আনি
শোষণৰ বৰগীত গাবলৈ
কোন কাল শতৰুৱে আজি মৰসাহ কৰে
চিনা নাই, নিচিনিলে কোনোদিনে-কোনোকালে
কোন কাল বিভিষণে___
জ্যোতি-বিষ্ণুৰ আদৰ্শ সমাজ!
“নিজৰ আইক আই বুলিলে
পৰৰ আই জানো শতৰু হয়”
এইবোৰ কথা জানি বুজি
তেনে কিয় বাৰে বাৰে কৰ’ পদাঘাত
অ’ মোৰ দেশৰ নতুন পুৰুষ!
যি জ্যোতি-বিষ্ণুৰ চুমাৰ পৰসে পোহৰাই নতুন সমাজ
সেই জ্যোতি আজি নাই, সেই বিষ্ণু আজি নাই
আহিছিল, গুচি গ’ল নিজ বাটেৰে
নতুন সমাজ গঢ়ি, কাললৈ কীৰিতি ৰাখি
সৰ্বহাৰা, দিশহাৰা, দিন দুখীয়াক দি গ’ল
অযুত স্বপ্নভৰা নৱ অৰ্জ্জুনৰ নীল মুক্তাকাশ।
