কলাগুৰু বিষ্ণুৰাভা – ইভা গন্ধীয়া ফুকন 

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

কলাগুৰু বিষ্ণুৰাভা 

ইভা গন্ধীয়া ফুকন 

সুৰৰে দেউলত সুৰ তুলি বিষ্ণুৰাভা
সাংস্কৃতিক জগতত আভা বিলায় সদা জ্যোতিষ্মান
জনতাৰ মাজত জ্বলি উঠা অগ্নিশিখা
কৃষক বনুৱাৰ দুখ -যন্ত্ৰণা
মৰ্মে মৰ্মে উপলব্ধি কৰি
তোমাৰ বাঁহীৰ সুৰে মাতিলে শ্ৰমিকক
তোমাৰ তুলিকাই আঁকিলে খেতিয়কৰ সুখ
অসমীয়া সাংস্কৃতিক জগতত
তুমি সাজি গ’লা অসমীয়া কলাৰ ভেটি
বিপ্লৱৰ গীত গালা, শোষণৰ বিৰুদ্ধে মাতিলা
“মই শিল্পী, মই যুঁজাৰু”—এই পণ ল’লা
জেলৰ আন্ধাৰতো তোমাৰ কবিতা উজ্বলিল
কৃষ্টি সংস্কৃতিৰ বীজ, মুকুতিৰ আশা
অসমৰ প্ৰান্তে প্ৰান্তে বিয়পিল
শাসন শোষণৰ বাঘজৰী  ছিঙিবলৈ
তোমাৰ গীতিৰে জনগণক জাগ্ৰত কৰিলা
অভাৱ অনাতনে জুৰুলা কৰিলেও
নিজৰ স্থিতি  ধৰি  ৰাখিলা
মজদুৰ হালোৱা হজুৱাৰ মাজত থাকি
নৱ প্ৰজন্মক জগাই তুলিলা
তুমি আছিলা অসমৰ প্ৰাণৰ সুৰ
গাঁৱৰ মাটিৰ গোন্ধ তোমাৰ গীতত
মুক্তিৰ সপোন তোমাৰ কবিতাত
প্ৰেয়সীৰ বিৰহত সৃষ্টি অন্তৰ স্পৰ্শী
চিৰ সেউজ ৰোমাণ্টিক গীত, কবিতা
তোমাৰ নৃত্য প্ৰতিভাৰে আজুৰি আনিলা
“কলাগুৰু” সন্মান
শিল্পী, কবি, সংগ্ৰামী ৰাভা
জনতাৰ বুকুত জ্বলাই থৈ গলা চাকি
তোমাৰ কলাই শিকাই গ’ল
মাটিক ভালপাবা, মানুহক আপোন ভাবিবা
একতাৰ ডোলেৰে বান্ধি বৰ অসম গঢ়িলা
জাতীয় ঐক্য সম্প্ৰীতি সমন্বয় সংহতিৰ
চিৰ নমস্য কলাগুৰু তুমি বিষ্ণুৰাভা ।