জুবিন দা বিহীন ৰঙালী বিহু
হেঁপাহৰ ৰঙালী বিহু পালেহি, কিন্তু এইবাৰ বিহুত নাই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মায়াৱী কন্ঠ।
অসমৰ জীৱন-সংস্কৃতিৰ সৈতে অতি নিবিড়ভাৱে জড়িত উৎসৱ হৈছে ৰঙালী বিহু। এই বিহু কেৱল উৎসৱ নহয়, ই অসমীয়াৰ জীৱনৰ আনন্দ, আশা আৰু নতুনত্বৰ প্ৰতীক। ঢোল-পেঁপাৰ মিঠা সুৰ, গগনভেদী “বিহু নাম”, ডেকা-গাভৰুৰ বিহুনাচ—এই সকলোবোৰে মিলি ৰঙালী বিহুক এক অনন্য ৰূপ দিয়ে। কিন্তু এইবাৰ সেই আনন্দ ম্লান কাৰণ জুবিন দা যে নাই ।
জুবিন দা অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁৰ কণ্ঠৰ যাদু আৰু গীতৰ গভীৰ অনুভূতিয়ে মানুহৰ হৃদয় স্পৰ্শ কৰে। বিহুৰ সময়ত তেওঁৰ গীতসমূহে উৎসৱৰ আনন্দক বহু গুণে বৃদ্ধি কৰে। “বিহু নাম”, “বিহু গীত” তেওঁৰ সৃষ্টিবোৰে প্ৰতিখন ঘৰ, আৰু প্ৰতিখন মঞ্চক সজীৱ কৰি তোলে। কিন্তু এইবাৰ সকলোবোৰ ব্যতিক্ৰম। মঞ্চৰ আগত বোকাত বাগৰি , গছত উঠি নচা সকলো নিয়ম ভাঙি উল্লাস কৰা যুৱকসকল এইবাৰ নীৰৱ।
ৰঙালী বিহুৰ মঞ্চত জুবিন দাৰ উপস্থিতি যেন এক বিশেষ আকৰ্ষণ। তেওঁৰ লাইভ প্ৰদৰ্শন চাবলৈ আৰু শুনিবলৈ হাজাৰ হাজাৰ লোকে মানুহে একেলগে সমবেত হয়। তেওঁৰ গীতত মানুহে নিজৰ সংস্কৃতি, ভালপোৱা আৰু আবেগ বিচাৰি পায়।
কিন্তু এইবাৰ ৰঙালী বিহু জুবিন বিহীন, তেওঁৰ অবিহনে সকলোৰে জীৱনত শূন্যতাৰ সৃষ্টি কৰিছে।মঞ্চত তেওঁৰ শক্তিশালী মায়াৱী কণ্ঠ আৰু উদ্দীপনাৰ অভাৱত ৰঙালী বিহুৰ উৎসৱৰ উল্লাস কমি গৈছে ।বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে তেওঁৰ অনুপস্থিতি অধিক অনুভৱযোগ্য হৈছে।
জুবিন দাৰ অৱদান ৰঙালী বিহুত অবিস্মৰণীয়।জুবিন দা বিহীন এয়া প্ৰথম ৰঙালী বিহু, কিন্তু নাই কোনো আনন্দ , উল্লাস, তুমি বিহীন ৰঙালী বিহু অসম্পূৰ্ণ হৈ ৰ’ব। তোমাৰ সৃষ্টিৰে চিৰদিন জিলিকি ৰ’বা অসমীয়াৰ হৃদয়ৰ মাজত জুবিন দা।
