জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত মিছা কথা কৈ আলফা স্বাধীনত যোগদান

জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত মিছা কথা কৈ আলফা স্বাধীনত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  এজন উদয়ীমান যুৱকৰ আলফা স্বাধীনত যোগদান কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত মিছা কথা কৈ আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল টংলাৰ এজন উদয়ীমান যুৱক।টংলাৰ বিকাশ ডেকা নামৰ যুৱকজন অসম ৰাইফলচৰ হাতত গ্ৰেপ্তাৰ হয়৷ আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডৰ মন’ জিলাত গ্ৰেপ্তাৰ হৈছিল তিনিজন যুৱক।তাৰে মাজৰে এজন বিকাশ বুলি জানিব পৰা গৈছে৷বিগত এবছৰ ধৰি গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত হৈ আছিল বিকাশ ডেকা৷মঙলবাৰৰ পৰা নিখোজ হৈ আছিল বিকাশ ডেকা৷পৰিয়ালৰ লোকে জনোৱা মতে,সৰুৰে পৰা সংগীতৰ চৰ্চা কৰি অহা বিকাশ ডেকাই মাজে মাজে জুবিন গাৰ্গক লগ কৰিবলৈ গৈছিল।