জীৱন বীমাৰ বিষয়ে কেইটামান জানিবলগীয়া কথা-কৌশিক চক্ৰৱৰ্তী

জীৱন বীমাৰ বিষয়ে কেইটামান জানিবলগীয়া কথা
আজিকালি সকলোৰে ঘৰে ঘৰে পেট্ৰ’ল চালিত বা ডিজেল চালিত বাহন দেখা যায়। বাহন খন কিনাৰ দিনাই আমি কৰা প্ৰথম কামটোৱে হ’ল – বাহন খনৰ insurance. কিন্তু আমি কেতিয়াবা ভাবি চাওঁ নে – বাহন খনৰ insurance গৰাকী জনৰ বাবে যিমান প্ৰয়োজনীয়, বাহন খন চলোৱা মানুহ জনৰ insurance তেওঁৰ পৰিয়ালটোৰ বাবে তাতকৈ বেছি প্ৰয়োজনীয়। ঘৰ এখনৰ উপাৰ্জনকাৰী ব্যক্তিজন যদি আকস্মিক ভাৱে অসময়ত কোনো দূৰ্ঘটনাত বা কোনো অসুখ হৈ ঢুকায়, তেওঁৰ পৰিয়ালটোৰ ওপৰত ভয়ংকৰ আৰ্থিক সংকট নামি আহে । বহু পৰিয়ালে এনেকুৱা সংকটৰ মোকাবিলা কৰিবলৈ কোনো পথ বিচাৰি নাপায়। ফলত তেওঁলোকৰ সামাজিক আৰু আৰ্থিক স্থিতি লগতে পৰিয়ালটোৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰে। গতিকে আমাৰ পৰিয়ালবোৰৰ বাবে জীৱন বীমা এটা গুৰুত্বপূৰ্ণ বিষয়। আমাৰ পাৰিবাৰিক আলোচনাত এই বিষয়টোৱে যথোচিত গুৰুত্ব পোৱা উচিত।
জীৱন বীমা কোনে কৰা উচিত – —
জীৱন বীমাৰ উদ্দেশ্য হ’ল – পৰিয়াল এটাৰ উপাৰ্জনকাৰী ব্যক্তি , যাৰ আয়ৰ ওপৰত বেলেগ মানুহৰ জীৱনো নিৰ্ভৰশীল, তেনেকুৱা লোকৰ আকস্মিক মৃত্যুৰ পাছতো পৰিয়ালটোৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰা। যিসকল ব্যক্তিৰ কোনো ধৰণৰ আৰ্থিক দ্বায়িত্ব নাই , তেওঁলোকে জীৱন বীমা নকৰাই ভাল। জীৱন বীমা মাচুলৰ বিনিময়ত লোৱা এটা সেৱা , ইয়াক বিনিয়োগ হিচাবে কেতিয়াও লব নালাগে। আমি প্ৰায়ে দেখা পাও – ঘৰৰ উপাৰ্জনকাৰী সদস্যজনৰ বাহিৰেও আন সদস্যৰ নামতো বিভিন্ন লোকে জীৱন বীমা আচনি ক্ৰয় কৰে। বিনিয়োগৰ দিশৰ পৰা এইটো এটা ভুল সিদ্ধান্ত। কাৰণ উপাৰ্জনকাৰী সদস্য জনৰ বাহিৰে বেলেগ সদস্য এজন কিবা কাৰণত মৃত্যু মুখত পৰিলে পৰিয়ালটো আৰ্থিক ভাবে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা নাই। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ জীৱন বীমাৰ প্ৰয়োজন নাই।
কেনেকুৱা ধৰণৰ আঁ‌চনি ক্ৰয় কৰা উচিত –
২০০১ চনলৈ কোম্পানী সমুহে ঘাইকৈ দুই ধৰণৰ আঁ‌চনি চলাইছিল – money back policy আৰু endowment policy . আজিকালি জীৱন বীমা কোম্পানীবিলাকে বিভিন্ন ধৰণৰ আঁ‌চনি বজাৰত চলাই আছে। তাৰ ফলত ক্ৰেতা ৰাইজ দিগভ্ৰান্ত হোৱা দেখা যায়। কোনোবাটো আঁ‌চনিয়ে যদি লৰা ছোৱালীৰ ভৱিষ্যতে হ’ব পৰা পঢ়া শুনাৰ খৰছৰ কথা কয় , আন কোনোবাতো আঁ‌চনিয়ে ভৱিষ্যতে উচ্চ লাভ অৰ্জনৰ কথা কয়। কিন্তু আচলতে জীৱন বীমাৰ উদ্দেশ্য হ’ল উপাৰ্জনকাৰী লোকজনে অপ্ৰত্যাশিত মৃত্যুক আঁ‌কোৱালি ললে পৰিয়ালটোৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰা। যদি আমি ভৱিষ্যৎ লাভৰ কথা ভাৱো জীৱন বীমাতকৈ bank ত fixed deposit কৰা বা mutual fund ত বিনিয়োগ কৰা বেছি লাভজনক।
বিশেষজ্ঞ সকলৰ মতে বিনিয়োগ আৰু বীমা দুটা ভিন্নধৰ্মী আৰ্থিক প্ৰয়োজন। আমি কেতিয়াও দুয়োটা একেলগ কৰিব নালাগে। বীমাৰ প্ৰয়োজন পূৰাবৰ বাবে সকলোতকৈ উৎকৃষ্ট আঁ‌চনি হ’ল – term policy বা কালগত আঁ‌চনি। এই আঁ‌চনিত premium বা কিস্তিৰ পৰিমাণ কম। আন অৰ্থত একে premium তে বেলেগ আঁ‌চনিতকৈ এই আঁ‌চনিত বেছি টকাৰ আৰ্থিক সুৰক্ষা বা life coverage পোৱা যায়। কিন্তু এই আঁ‌চনিত কোনো survival benefit নাথাকে । আন অৰ্থত আঁ‌চনিভুক্ত লোক জন জীয়াই থাকোতে আঁ‌চনিৰ ম্যাদ শেষ হলে তেওঁ কিস্তি হিচাবে দিয়া টকা ঘূৰাই নাপাব। যিবিলাক জীৱন বীমা আঁ‌চনিত কিস্তিৰ পইচা ঘুৰাই পাই তাতো বীমাকাৰী জন বিশেষ লাভান্বিত নহয়। গতিকে বিনিয়োগৰ বাবে আমাৰ হাতত উদ্বৃত্ত ধন থাকিলে প্ৰয়োজন অনুসৰি term insurance আঁ‌চনি ক্ৰয় কৰি বাকী ৰৈ যোৱা ধন খিনি বেংক , পোষ্ট অফিচ বা mutual fund ত বিনিয়োগ কৰিলে আমাৰ বেছি লাভ হ’ব।
ক’ত বিনিয়োগ কৰিলে কিমান লাভ হ’ব কেনেকৈ হিচাব কৰিম –
ইংৰাজীত এটা কথা আছে – rule of 72. কোনোবাই যদি কয় – আপুনি আমাৰ আঁ‌চনিত বিনিয়োগ কৰক ৯ বছৰত দুগুণ ধন ঘূৰাই দিম। তাৰ মানে তেওঁ নকলেও আপুনি বুজিব তেওঁ আপোনাক ( ৭২ ÷ ৯=৮ ) শতকৰা ৮ টকা বছৰি সুত দিয়াৰ কথা কৈছে। ঠিক তেনেদৰে কোনোবাই ৬ বছৰত দুগুণ ধন দিয়াৰ কথা কয়, আপুনি গম পাব যে তেওঁ বছৰি ১২% ( ৭২÷৬=১২) সুত দিয়াৰ কথা কৈছে। এনেকুৱা ধৰণে আপুনি বিভিন্ন আঁ‌চনিৰ মাজত তুলনা কৰি চালে আপুনি আমাৰ বক্তব্যৰ সত্যতা উপলব্ধি কৰিব।
কিমান টকাৰ বীমা আঁ‌চনি ক্ৰয় কৰা উচিত-
সকলো পৰিয়ালৰ আৰ্থিক প্ৰয়োজন বেলেগ বেলেগ । উপাৰ্জনকাৰী সকলোৰো আৰ্থিক স্থিতিও বেলেগ বেলেগ। গতিকে কাক কিমান পৰিমাণৰ জীৱন বীমাৰ প্ৰয়োজন সেইটো নিৰ্ভৰ কৰিব তিনিটা কথাৰ ওপৰত – ১) পৰিয়ালটোৰ ভৱিষ্যতৰ আৰ্থিক প্ৰয়োজন। ২) ব্যক্তি জনৰ সাচতীয়া ধনৰ পৰিমাণ আৰু ৩) ব্যক্তি জনৰ ব্যক্তিগত ঋণৰ পৰিমাণ। এই
তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰি সকলোৱে নিজৰ নিজৰ সিদ্ধান্ত লোৱা উচিত।
জীৱন বীমা কৰাৰ সময়ত কেইটামান গুৰুত্ব দিবলগীয়া কথা –
১) জীৱন বীমা বিনিয়োগ নহয়। গতিকে আপোনাৰ সমস্ত উদ্বৃত্ত ৰাশি বীমাত বিনিয়োগ নকৰিব। আপোনাৰ অনুপস্থিতিত পৰিয়ালটোৰ আৰ্থিক প্ৰয়োজনৰ কথা ভাবিহে বীমা কৰিব। আনকি আয়কৰ নিয়মাৱলীৰ 80C শিতানৰ লাভৰ কথা ভাবি বীমা কৰাৰ প্ৰয়োজন নাই। 80C ৰ সুবিধা লবৰ বাবে আন লাভজনক আঁ‌চনি আছে। সঠিক আঁ‌চনি নিৰ্বাচন কৰক আৰু পৰিয়ালৰ প্ৰয়োজন অনুসৰি সঠিক পৰিমাণৰ বীমা কৰিছে নে নাই সময়ে সময়ে হিচাব ৰাখক।
২) বীমা কৰা সময়ত প্ৰপত্ৰ খন পুৰাওতে সাৱধান হ’ব। আপোনাৰ বৰ্ত্তমান চলি থকা বেমাৰ সম্বন্ধীয় তথ্য বা মদ বা চিগাৰেট খোৱা তথ্য সমূহ শুদ্ধকৈ দিব। বেছিভাগ লোকেই এই কথাখিনিৰ ওপৰত গুৰুত্ব নিদিয়াকৈ প্ৰপত্ৰ খনত চহী কৰে। তাৰ ফলত আঁ‌চনি নিষ্পত্তি কৰিবলগীয়া হলে তথ্য গাপ দিয়াৰ অপৰাধত বীমা কোম্পানীয়ে পইচা দিবলৈ অমান্তি হ’ব পাৰে।
৩) বীমা পত্ৰখন ( policy documents) হাতত পৰাৰ লগে লগে আপোনাৰ ব্যক্তিগত তথ্য খিনি পত্ৰখনত সঠিক ভাৱে সন্নিৱিষ্ট হৈছে নে নাই চাই লব। কৰবাত যদি কিবা ভুল ৰৈ গৈছে সেইখিনি যিমান পাৰি সোনকালে শুদ্ধ কৰি লোৱা ভাল। কোনোবাই মুখেৰে হৈ যাব, কৰি দিম জাতীয় কথা কলে বিশ্বাসত নলব। ভুল খিনি শুদ্ধ হোৱা বুলি বীমা কোম্পানীৰ পৰা লিখিত ৰূপত একো উত্তৰ নোপোৱালৈকে ক্ষান্ত নহব। তথ্য গাপ দিয়াৰ অপৰাধত উপাৰ্জনকাৰী ব্যক্তিৰ মৃত্যুৰ পাছতো বহু পৰিয়ালে বীমা কোম্পানীৰ পৰা বীমাৰাশি আদায় কৰিবলৈ সক্ষম নহয়।
পৰিয়াল কেন্দ্ৰিক লোকৰ বাবে জীৱন বীমা এটা অতি প্ৰয়োজনীয় বিষয়। নিজৰ অবৰ্ত্তমানত যাতে পৰিয়ালটো আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন নহয় তাৰ ব্যৱস্থা কৰাতো প্ৰতিজন লোকৰে কৰ্ত্তব্য।

কৌশিক চক্ৰৱৰ্তী