“জীৱনসংগী”-হিমাদ্ৰি বৰকটকী

“জীৱনসংগী”

তুমি মোৰ হৃদয়ৰ নিচিদ্ৰ প্ৰহৰী

        তুমিয়েইতো মোৰ জীৱন লগৰী….

        সুখে – দুখে ২৩ টা বছৰ গৰকী

        তোমাৰ হাতত হাত ধৰি….

        হৈ পৰিলোঁ মই তোমাৰ জীৱনসংগী

        সুখে- দুখে প্ৰতিটো খোজতেই

        তুমিয়েই মোৰ লগৰী….

        তুমিয়েইতো মোৰ সাহস

        মোৰ যাত্ৰা পথত আগুৱাই যোৱাৰ

        তোমাৰ অবিহনে মোৰ জীৱন অসাৰ

        তুমিয়েইতো মোৰ জীৱনসংগী

        চিৰদিন চিৰকাল….

হিমাদ্ৰি বৰকটকী

শিৱনগৰ , ২ নং উপপথ

 নগাঁও