জীয়াই থাকিবলৈ নিচা লাগে ! – স্মৃতিৰেখা সোণোৱাল

Pc The Hans India

জীয়াই থাকিবলৈ নিচা লাগে !

স্মৃতিৰেখা সোণোৱাল
শান্তিপুৰ , জিলিকনি চ’ক

নিচাৰ অভাৱত দিন আৰু ৰাতিবোৰ পুৰি পেলোৱা মানুহ দেখিছেনে ? নিচাৰ অভাৱত এক বেকাৰ আৰু অৰ্থহীন জীৱন কটোৱা মানুহ লগ পাইছেনে ? মই পাইছোঁ । নিচাহীন দিনবোৰ স্বাদহীন আঞ্জাৰ দৰে , গন্ধহীন ফুলৰ দৰে । নিচাহীন জীৱন অৰ্থহীন । জীৱন নদীত মাথোঁ উটি গৈ থাকে । কোনো লক্ষ্য নাই , প্ৰাপ্তি-অপ্ৰাপ্তি বুলিবলৈ একো নাই । নিচাই উকা জীৱনক গতি দিয়ে । নিচাই জীৱনটো এক ৰঙীন কেনভাচত পৰিণত কৰে । সমৃদ্ধিশালী জীৱন এটাৰ অধিকাৰী সকলোৱে হ’ব নোৱাৰে । সেয়ে বহুতৰে জীৱনবোৰ নিৰস , ৰংহীন আৰু গতানুগতিক ।

এবাৰ নিচাত ডুব যোৱা মানুহে নিচাৰ বাহিৰে অন্য কথা ভাবিবলৈ বিশেষ আহৰি নাপায় । নিচাই যাৰ সংগী – তেওঁলোকে একে মনৰ , একে পথৰ সংগীকে অহৰহ বিচাৰি থাকে । দুজন একে নিচাত ডুব যোৱা মানুহ লগ হ’লে সময়ৰ হিচাপ পাহৰি যায় । নিচাৰ মিলে মন দুটাকো কাষ চপাই আনে । তেনে লোকৰ বন্ধুত্ব বছৰ বছৰ ধৰি অটুট থাকে । সম্পৰ্ক সুদৃঢ় হ’বলৈ একে পথৰ সংগী হোৱাটোও খুউব দৰকাৰী – কেতিয়াবা অনুভৱ কৰোঁ ।

এই নিচা বোলা বস্তুটো এদিনতে গঢ় লৈ উঠা তাড়না নহয় । ই মানুহৰ চেতন-অৱচেতন মনক আৱৰি ক্ৰিয়া কৰি থকা এক সত্তা । কিছুমান মানুহে আশৈশৱ বুকুৰ মাজত এক নিচা কঢ়িয়াই লৈ ফুৰে । কাৰোবাৰ নিচাই জীৱন পথত ফুলি উঠি সুগন্ধি বিলায় আৰু কাৰোবাৰ নিচাই জীৱম পথত মুখ থেকেচা খায় । কাৰোবাৰ নিচাই শিলৰ ছেপাতো জী উঠে । আটাইতকৈ ডাঙৰ কথাটো হ’ল বহু সংখ্যক মানুহৰ জীৱনত নিচাই নাথাকে । নিচাহীন জীৱন এটা তেওঁলোকে কেনেকৈ জীয়াই থাকে ? কিয় জীয়াই আছে – এই কথাটো সুধিলে সাৱলীলভাৱে এটা উত্তৰ দিব নোৱাৰে । নিজকে কোনোদিন এই প্ৰশ্নটো সুধি চোৱা নাই । নিজৰ ঘৰখন চাফ-চিকুনকৈ ৰখা – ইও এক নিচা হ’ব পাৰে । সুস্বাদু ৰন্ধন-প্ৰকৰণো কাৰোবাৰ বাবে নিচা হ’ব পাৰে । গ্ৰন্থ অধ্যয়ন – মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ এক উত্তম নিচা । ভ্ৰমণো এক প্ৰকাৰৰ নিচা । সেয়ে নিচা নথকা মানুহে এটা সময়ৰ পাছত জীৱনটো বোজা যেন অনুভৱ কৰে , কোনোবাই অসাৰ যেন ভাবিব পাৰে । তেতিয়ালৈ বহুত দেৰি হৈ যায় । নিচা থকা মানুহে জীৱনত সতকাই হাৰ নামানে । নিচাই সিহঁতৰ ভিতৰৰ মন আৰু আত্মাক জীয়াই ৰাখে । নিচাৰ মিঠা ৰাগীত নিচাপ্ৰেমীবোৰ মগন হৈ থাকে । সাহিত্যৰ নিচা , সংগীতৰ নিচা , চিত্ৰশিল্পৰ নিচা , খেলা-ধূলাৰ নিচা , নাটকৰ নিচা , আধ্যাত্মিকতাৰ নিচা , আৰ্তজনক সহায় কৰাৰ নিচা ইত্যাদি বিভিন্ন ধৰণৰ জীৱনদায়িনী নিচাত মানুহবোৰ ডুবি থাকে । নতুন কিবা সৃষ্টিৰ নিচাত জীৱনবোৰ অহৰহ ব্যস্ত থাকে । নিচাৰ যোগেদি বহুতৰ সমাজত এক পৰিচয় গঢ় লৈ উঠে । এদিন নিচাই বৃক্ষৰ ৰূপ লয় , সমাজে সেই বৃক্ষৰ ছাঁ লাভ কৰে । নিচা থকা মানুহে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে , হতাশাৰ কৰাল গ্ৰাসত নপৰে । নিচাপ্ৰেমী লোকৰ জীৱনবোধ গভীৰ । জীৱনত বহুত কিবা-কিবি কৰাৰ হাবিয়াস থাকে ।

আমি আমাৰ সন্তানক সৰুতেই সিহঁতৰ ঈপ্সিত নিচাৰ স’তে চিনাকি হোৱাৰ সুযোগ প্ৰদান কৰিব লাগে । কোনো সন্তানৰ একাধিক নিচা থাকিব পাৰে । নিচাই কোনো সন্তানক পিছুৱাই নানে বৰং জীৱনত আগবাঢ়ি যোৱাত সহায়হে কৰে ।

সময়ৰ লগে লগে নিচাত সাৰ-পানী যোগোৱা মানুহৰ সংখ্যা কমি যায় । মা-দেউতাৰ মৃত্যু হয় , ভাই-ভনীবোৰ দূৰৈত থাকে , বন্ধুবৰ্গ কমি যায় । একমাত্ৰ সাৰথি হৈ ৰয় : নিচা – আত্মাৰ সম্বল । এক বিশ্বস্ত সংগী ।

বৃদ্ধ বয়সত কাৰো নিচা গঢ় লৈ নুঠে । হ’ব পাৰে সময় কটোৱাৰ মাধ্যম । নিচা – আশৈশৱ বুকুত কঢ়িয়াই লৈ ফুৰা এক অনামী ৰাগী ।