জাতীয় পৰিষদৰ জাতীয় স্বাভলম্বিতাৰ দিন

Pc Facebook

জাতীয় পৰিষদৰ জাতীয় স্বাভলম্বিতাৰ দিন

ৰঙিলী বাৰ্ত্তাসেৱা-  জনপ্ৰিয় শিল্পী মানস ৰবীনৰ কেৰীয়াৰ কেনেকৈ আৰম্ভ হৈছিল জানে নহয়? তেওঁ গুৱাহাটীত পান দোকান দিছিল৷ সংগীত তেতিয়া তেওঁৰ বাবে সপোন আছিল৷ পান দোকানত পান বিক্ৰী কৰি থাকোঁতেই এদিন জুবিন গাৰ্গৰ লগত চিনাকি৷ তাৰ পিছৰখিনি ইতিহাস৷মানস ৰবীনে অধ্যৱসায়ৰ জৰিয়তে পান দোকানীৰ পৰা গৈ আজি অসমৰ অন্যতম জনপ্ৰিয় সংগীত শিল্পী৷অনিল বৰুৱা? ইন্টাৰনেটৰ ছফ্টৱেৰ জগতৰ চিনাকি নাম অনিল বৰুৱাই জীৱন আৰম্ভ কৰিছিল কাঠমিস্ত্ৰীৰ জোগালি হিচাপে৷ লক্ষ্যপ্ৰাপ্তিৰ সপোন খেদি আজি অনিল বৰুৱা এটা বাণিজ্যিকভাৱে সফল ছফ্টৱেৰ কোম্পানীৰ মালিক৷আৰু সৌৰভ নাথ? সাংবাদিককাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত চাকৰিৰ পিচত নদৌৰি গুৱাহাটীৰ ছয়মাইল চন্দন নগৰত এখন মুৰ্গীৰ দোকান আৰম্ভ কৰে৷ নিজৰ ভৰিত থিয় দিয়াৰ হাবিয়াসে আজি তেওঁক এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত কৰিলে৷ তেনেহ’লে কোনে কয় অসমীয়া ডেকাৰ মনত উৎসাহৰ অভাৱ বুলি? কোনে কয় অসমীয়া ডেকা-গাভৰুৱে অনুপ্ৰেৰণা হিচাপে ল’বলৈ নাই কোনো সহোদৰ? মানস ৰবীন, অনিল বৰুৱা আৰু সৌৰভ নাথৰ দৰে আত্ম-সৃষ্ট অসমীয়া অনেক আছে; তেওঁলোকক কেৱল বিচাৰি উলিওৱাৰ প্ৰয়োজন৷ আৰু প্ৰয়োজন তেওঁলোকৰ যাত্ৰাপথৰ কাহিনী আন দহজন ডেকাৰ সন্মুখত দাঙি ধৰাৰ যাতে উৎসাহিত হৈ তেওঁলোকো আগবাঢ়ি আহে৷ এনে এক মহৎ উদ্দেশ্য আগত লৈ, অসম জাতীয় পৰিষদে পালন কৰি থকা দহদিনীয়া ‘জাতীয় স্বাভিমান যাত্ৰা’ৰ ষষ্ঠ দিনা ১৫ ডিচেম্বৰত পালন কৰিবলগীয়া ‘স্বাভলম্বিতাৰ দিন’ত উল্লিখিত তিনিগৰাকী আত্ম-সৃষ্ট (self made) অসমীয়াক সম্বৰ্ধনা জনোৱা হয়৷ জিলা পৰ্যায়তো অনুৰূপ কাৰ্যসূচী পালন কৰা হয়৷ কেন্দ্ৰীয়ভাৱে গুৱাহাটীত অনুষ্ঠিত হোৱা উল্লিখিত কাৰ্য্যসূচী পালন কৰা হ’ব ছয়মাইল ভি আই পি ৰোডৰ চন্দন নগৰ চাৰিআলিৰ গৌৰীল হোটেলত, দিনৰ ১১ বজাত৷