জলবায়ু ধৰ্মঘট – গ্ৰেটা থুনবাৰ্গ আৰু আমাৰ নৱপ্ৰজন্ম- বন্দিতা শৰ্মা কন্দলি

Pc Vox

জলবায়ু ধৰ্মঘট – গ্ৰেটা থুনবাৰ্গ আৰু আমাৰ নৱপ্ৰজন্ম

প্ৰকৃতি আৰু মানুহৰ সম্বন্ধ অতি নিবিড়।জীৱ, জগত আৰু প্ৰকৃতি- এই তিনিওটা পৰিবেশৰ সমতাৰ ওপৰতে নিৰ্ভৰশীল। একবিংশ শতিকাত পৰিবেশৰ অসমতাৰ ফলত সৃষ্টি হোৱা জলবায়ু পৰিবৰ্তনৰ সমস্যাই হৈছে প্ৰধান। জলবায়ু পৰিবৰ্তন পৃথিৱীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান,যাৰ প্ৰভাৱৰ পৰা কোনো জীৱই নিজকে মুক্ত কৰি ৰাখিব নোৱাৰে। জলবায়ু পৰিবৰ্তনৰ প্ৰধান কাৰণ হ’ল গোলকীয় উষ্ণতা বৃদ্ধি। উদ্যোগ,গাড়ী- মটৰ, জীৱাশ্ম ইন্ধনৰ দহন,তাপ-বিদ্যুৎ প্ৰকল্প ইত্যাদিৰ পৰা নিৰ্গত হোৱা মিথেন, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইডৰ দৰে সেউজগৃহ গেছবোৰে গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগায়। অৰ্থাৎ এই গেছবোৰে সূৰ্যৰ পৰা লাভ কৰা তাপশক্তি ধৰি ৰখাত সহায় কৰে; ফলত পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পায়। ফলস্বৰূপে মেৰুত আৱদ্ধ হৈ থকা বৰফ গলি সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি,খেতি- বাতিত বিৰূপ প্ৰভাৱ, নতুন নতুন বেমাৰৰ বীজাণুৰ প্ৰৱেশ আৰু অস্বাভাৱিক বানপানী, ধুমুহা,ঘুৰ্ণীবতাহ, খৰাং বতৰ ইত্যাদি নানান বিসংগতি য়ে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।

বিশ্বায়নৰ যুগত, বিজ্ঞান- প্ৰযুক্তিৰ অগ্ৰগতিয়ে জনগণক উন্নয়নৰ জখলাত দোপত দোপে আগবঢ়াৰ সপোন দেখুৱাৰ বিপৰীতে পৃথিৱীলৈ ভয়ানক বিপদ মাতি অনাৰ অশনি সংকেত দেখুৱাইছে। কিন্তু ৰাষ্ট্ৰনেতা বা কৰ্প’ৰেট খণ্ডৰ নীতি-নিৰ্ধাৰক বিষয়াসকলে “উন্নয়নৰ স্বাৰ্থত আমি যিয়েই নকৰোঁ কিয়,তাত আনৰ আপত্তি নৰজিব” মতবাদত প্ৰাধান্য দি পৃথিৱীলৈ অহা ভাবুকি অৰ্থাৎ জলবায়ু পৰিবৰ্তনক আওকাণ কৰি পৃথিৱীৰ নতুন প্ৰজন্মৰ জীৱন ৰক্ষাৰ অধিকাৰ অনিশ্চয়তা দিশলৈ ঠেলি দিছে। সেয়ে নতুন প্ৰজন্মই হাতে কামে নামি পৰি বিশ্বৰ ১৭০ খন দেশত ২০১৯ চনৰ ২০ৰ পৰা ২৭ ছেপ্টেম্বৰলৈকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল। এই প্ৰতিবাদৰ মূল উদ্দেশ্য হ’ল জলবায়ু পৰিবৰ্তনৰ দৰে গুৰুতৰ বিষয়টোৰ প্ৰতি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰা। বিশ্বজোৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে প্ৰধানতঃ বিদ্যালয়- মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰায় ৪০ লাখ লোকে প্ৰতিবাদ কাৰ্যসূচী লানিত অংশগ্ৰহণ কৰিছিল। ২০ ছেপ্তেম্বৰৰ প্ৰতিবাদী কাৰ্যসূচী আছিল জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় প্ৰতিবাদী কাৰ্যসূচীৰ ইতিহাসতে সৰ্ববৃহৎ প্ৰতিবাদ। সেইদিনা জাৰ্মানীত ১৪ লাখ , অষ্ট্ৰেলিয়াত তিনিলাখ, ব্ৰিটেইনত তিনিলাখ, আমেৰিকাৰ নিউয়ৰ্ক চহৰতে আঢ়ৈলাখ লোকে প্ৰতিবাদী কাৰ্যসূচীত যোগ দিয়ে।২০১৯ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ছুইডেনৰ কিশোৰী পৰিবেশকৰ্মী গ্ৰেটা থুনবাৰ্গৰ আহ্বানত ৰূপায়িত সপ্তাহজোৰা এই কাৰ্যসূচী মানৱ জাতিৰ ইতিহাসত প্ৰথম টো “জলবায়ু ধৰ্মঘট” । এই কাৰ্যসূচীক ‘ ভৱিষ্যতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সপ্তাহ’ (global week for future) বুলিও অভিহিত কৰা হৈছে। গ্ৰেটা থুনবাৰ্গে সুচনা কৰা জন আন্দোলনটোৰ আৰম্ভণি হৈছিল ২০১৮ চনত পোলেণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় মহিলাক অভিৱৰ্তনক কেন্দ্ৰ কৰি। এটা বছৰৰ ভিতৰতে গ্ৰেটা থুনবাৰ্গে জলবায়ু পৰিবৰ্তনৰ ফলত ঘটা গোলকীয় উষ্ণতা বৃদ্ধিক মানৱ জাতিৰ মৃত্যু ঘণ্টা ৰ মৃত্যুঘণ্টা ৰূপে চিহ্নিত কৰি এটা জন আন্দোলনৰ বাৰ্তা দিবলৈ সক্ষম হ’ল। ৰাষ্ট্ৰসংঘ আৰু বতৰ বিশেষজ্ঞসকলে “জলবায়ুৰ আপদকালীন স্থিতি (climate emergency ) ঘোষণা কৰিবলৈ আহ্বান জনাইছিল। ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত ” জলবায়ু সক্ৰিয়তাৰ যুৱ সন্মিলনত” গ্ৰেটা থুনবাৰ্গে বিশ্বৰ ক্ষমতাশালী ৰাজনৈতিক নেতা তথা ৰাষ্ট্ৰ মূৰব্বী আৰু কৰ্প’ৰেট খণ্ডৰ পৰিচালক সকলক উদেশ্যি কৈছে “আপোনালোকে মোৰ সপোন, মোৰ শৈশৱ কাঢ়ি নিছে; সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধ কৰাত চৰম উদাসীনতাৰ পৰিচয় দিছে, আৰু আমাৰ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ ঠেলি পঠিয়াইছে, আমাক এনেদৰে প্ৰতাৰণা কৰাৰ দঃসাহস আপোনালোকে দেখুৱাব পাৰে কেনেকৈ?”

গ্ৰেটা থুনবাৰ্গে কেৱল এগৰাকী পৰিৱেশ কৰ্মীয়েই নহয়, তেওঁ এটা প্ৰজন্মৰ প্ৰতিনিধি। উন্নয়নৰ নামত চলা প্ৰকৃতিৰ ধ্বংসযজ্ঞ আৰু অবাধ উদ্যোগীকৰণ তথা ভাৰসাম্যহীন নগৰীকৰণে গোলকীয় উষ্ণতা বৃদ্ধি কৰি জলবায়ুৰ ওপৰত যি প্ৰভাব পেলাইছ সেইটো ৰোধ কৰিবলৈ গ্ৰেটাই বিশ্বজোৰা জন আন্দোলন গঢ়ি তুলিবলৈ বিচাৰে।তাৰ বাবে তেওঁ ২০১৮ চনত প্ৰথমে তিনিসপ্তাহ আৰু পাছলৈ প্ৰতি শুকুৰবাৰে স্কুল খতি কৰি জলবায়ু ৰক্ষাৰ হকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। “য়ুথ ষ্ট্ৰাইক ফৰ ক্লাইমেট ” নামৰ আন্দোলনটোত ” শুকুৰবাৰ বোৰ ভৱিষ্যতৰ বাবে” (Fridays for future) নামেৰে শুকুৰবাৰে শুকুৰবাৰে জলবায়ু সুৰক্ষিত কৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৃথিৱীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ আন্দোলনৰ পথ লোৱাৰ বাবে থুনবাৰ্গে ” এমনেষ্টি ইণ্টাৰনেচনেল” ৰ মানৱ অধিকাৰ বঁটা লাভ কৰে। তেওঁ গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাৱা ক্ৰিয়া- কলাপৰ পৰা যথাসম্ভৱ বিৰত থাকে। সেয়ে আটলান্টিক মহাসাগৰ পাৰ হৈ নিউয়ৰ্কৰ সজাগতা মূলক সভাত উপস্থিত হ’বৰ বাবে এখন সৰু সৌৰশক্তি চালিত জাহাজেৰে গৈছিল। ফ্ৰান্সৰ ‘নেশ্যনেল এছেম্বলি’ আৰু আমেৰিকাৰ সংসদীয় প্ৰতিনিধিক থুনবাৰ্গে কৈছে যে শিশুহঁতক এখন সুৰক্ষিত পৃথিৱী উপহাৰ দিয়াটো জ্যেষ্ঠ সকলৰ কৰ্তব্য। সেই কৰ্তব্য পালনত সবাতোকৈ বেছি ভূমিকা সংশ্লিষ্ট দেশবোৰৰ চৰকাৰ সমূহে লোৱা উচিত।
জলবায়ু পৰিবৰ্তনৰ বিভিন্ন কুফল যেনে- বৰষুণৰ তাৰতম্য, গ্ৰীষ্মকালৰ উত্তাপ বৃদ্ধি ,শীতকালৰ শীত আদি স্পষ্ট ৰূপত ধৰা দিছে। এনে ক্ষেত্ৰত নবপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে থুনবাৰ্গেৰ পদক্ষেপ অতি আদৰণীয়। ইমানতে যদি আমি সেউজ গৃহ গেছ সমুহৰ নিৰ্গমন ৰোধ কৰিব নোৱাৰো তেতিয়া অষ্ট্ৰেলিয়াৰ গৱেষকে প্ৰকাশ কৰা তথ্য মতে “এনেদৰে উষ্ণায়ন চলি থাকিলে ২০৫০ চনৰ পাছত পৃথিৱীত মানুহ বাচি থকাই টান হ’বগৈ ” কথাষাৰ বাস্তৱত পৰিণত হ’ব। কঠোৰ নিয়ন্ত্ৰণ আইন আৰু সেউজ প্ৰযুক্তিৰ অবিহণে ” সেউজ গৃহ গেছ” নিৰ্গমন প্ৰতিৰোধ কৰা সম্ভৱ নহয়। থুনবাৰ্গৰ মতে সাধাৰণ মানুহ সজাগ হ’লেও যদিও চৰকাৰীভাৱে কোনো স্থিতি লোৱা নহয়, তেন্তে গোটেই বিষয়টো নিষ্ক্ৰিয় হৈ পৰিব। সেয়ে তেওঁৰ ভাষণত কৈছে – ” এতিয়া আমি তেওঁলোকক ( নেতা, ৰাষ্ট্ৰমূৰব্বী আৰু ব্যৱসায়ী গোষ্ঠীৰ পৰিচালক সকল) ক’ম , আমাৰ কথা নুশুনিলেও আপোনালোকে অন্ততঃ বিজ্ঞানীসকলৰ কথা শুনক ।—– আমাক আমাৰ পৃথিৱীখনৰ সুৰক্ষিত ভৱিষ্যৎ লাগে।” যিহেতু পৃথিৱীৰ বিকল্প আন এটা গ্ৰহ নাই গতিকে পৃথিৱীখনত সুৰক্ষিত ভৱিষ্যৎ সকলোৰেই কাম্য । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঢ়ি উঠা “স্বচ্ছ ভাৰত অভিযান” আৰু প্লাষ্টিক বৰ্জনৰ কাৰ্যসূচী আমি সদিচ্ছাৰে গ্ৰহণ কৰিও গোলকীয় জলবায়ু সক্ৰিয়তা আন্দোলনত কিঞ্চিৎ মান হ’লেও সঁহাৰি জনাব পাৰিম।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও