জনপ্ৰিয় অভিনেতা পংকজ মহন্তৰ মৃত্যু

জনপ্ৰিয় অভিনেতা পংকজ মহন্তৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভ্ৰাম্যমাণ নাটক, ধাৰাবাহিক আদিৰ যোগেদি নিজৰ সুদক্ষ অভিনয় প্ৰতিভাৰে অসমৰ দৰ্শকক মোহিত কৰি সংস্কৃতিৰ জগতখনলৈ অনন্য অৱদান আগবঢ়োৱা অভিনেতা পংকজ মহন্তৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইহলীলা সম্বৰণ কৰে। বিশিষ্ট অভিনেতা গৰাকীৰ অকাল বিয়োগ অসমীয়া সংস্কৃতিক জগতখনৰ প্ৰতি এক অপুৰণীয় ক্ষতি।তেওঁৰ মৃত্যুত এক শোকৰ ছাঁ পৰে৷প্ৰয়াত মহন্ত সহজ সৰল,অমায়িক এজন অভিনেতা হিচাপে পৰিচিত আছিল৷তেওঁ মঞ্চৰ লগতে বৰ্তমান ৰং আৰু ৰেঙণিৰ কেইবাখনো ধাৰাবাহিকত অভিভয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে৷বৰ্তমান ৰং চেনেলৰ অনুৰাগিণী ধাৰাবাহিকত অভিনয় কৰি আছে৷পংকজ মহন্তৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে৷