জনতাভৱনত সংবিধান দিৱস পালন 

pc jagran josh

জনতা ভৱনত সংবিধান দিৱস পালন 

দিছপুৰ, ২৬ নৱেম্বৰ : সমগ্র দেশৰ লগতে অসমতাে আজি সংবিধান দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাত ভাৰতবৰ্ষৰ সংবিধানখন বিধিবদ্ধ কৰি গ্ৰহণ কৰা হয়। সেই উদ্দেশ্যৰে সার্বভৌম, সমাজবাদী তথা ধর্ম নিৰপেক্ষ গণতান্ত্রিক দেশ গঢ়ি তুলিবলৈ প্ৰতিগৰাকীনাগৰিকে সংবিধান দিৱসৰ শপত বাক্য পাঠ কৰে। জনতাভৱনতাে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি সংবিধান দিৱস পালন কৰা হয়। প্রস্তাৱনা পাঠ কৰােৱায় অসম চৰকাৰৰ কৃষি, পশুপালন আৰুপশু চিকিৎসা আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্রসাদে। অনুষ্ঠানত হস্ততাত আৰু বস্ত্রশিল্প বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিজয়েন্দ্র, সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব মনিবন্নন আৰু তথ্য, জনসংযােগ, মুদ্রন আৰু লেখন বিভাগৰ সচিবনী গগৈ সােণােৱালকে প্রমুখ্য কৰি সচিবালয়ৰ বিষয়া কর্মচাৰীসকল উপস্থিত থাকে।