নুবুজা সাঁথৰ..- নন্দেশ্বৰ মিলি

Pc Istock

নুবুজা সাঁথৰ..

চৌদিশে কি কলৰৱ
নিনাদিত আকাশ-পাতল
কঁপিছে বসুমতীৰ বুকু
থৰ্-থৰকৈ।
হাঁড় কঁপোৱা
ইমান জাৰ
ভেঁদিছে প্ৰাণ
সীমাহীন বাট নেওচি
কি ৰণ লাগিছে
সেই সেনানী দল।
জোতা-বন্দুক
কিহৰ ঝন্ ঝননি
হৰিছে নিদ্ৰা
ভাঙিছে নিঃশব্দ
অৰণ্যৰ জয়াল নিশাত
কি ফান্দ পাতিছে
সেই নেদেখা বিধাতা।
ৰাখে হৰি মাৰে কোন
মাৰে হৰি ৰাখে কোন
অবুজ সাঁথৰ প্ৰশ্ন।
নন্দেশ্বৰ মিলি