জগদীপ ধনখৰ ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি ৰূপে নির্বাচিত

Pc assam.news18.com

জগদীপ ধনখৰ ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি ৰূপে নির্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা- জগদীপ ধনখৰ ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি ৰূপে নির্বাচিত হয়। এন ডি এৰ প্ৰাৰ্থী জগদীপ ধনখৰে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত বিৰোধী পক্ষৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰিটানিং বিষয়া উৎপল কুমাৰ সিংহই প্ৰকাশ কৰা মতে আছি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৭২৫গৰাকী সাংসদে ভোটদান কৰে। ইয়াৰে ভিতৰত ১৫টা ভোট অযোগ্য হিচাপে বিবেচিত হয়। ভোটগণনাৰ অন্তত এন ডি এৰ প্ৰাৰ্থী ধনখৰে ৫২৮টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী প্রার্থী আলভাই লাভ কৰে মাত্ৰ ১৮২টা। বিৰোধী শিবিৰৰ কেইবাটাও দলে আলভাৰ সলনি ধনখৰক ভোটদান কৰে। পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে জগদীপ ধনখৰক এন ডি এৰ উপৰাষ্ট্ৰপতিৰ পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছে এই ভোটদানৰ পৰা বিৰত থাকে । বৰ্তমানৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কার্যকাল ১০ আগষ্টত অন্ত পৰাৰ পাছত ১১ আগষ্টত উপ-ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিব জগদীপ ধনখৰে ।