ছিৰাজুদ্দিন-বদৰুদ্দিনৰ প্ৰতিকৃতি দাহ, ক্ষমা খোজাৰ দাবী

ছিৰাজুদ্দিন-বদৰুদ্দিনৰ প্ৰতিকৃতি দাহ, ক্ষমা খোজাৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা–  অসমীয়া ভাষাক অপমান কৰা এ আই ইউ ডি এফ দলৰ বিধায়ক ছিৰাজুদ্দিন আজমল আৰু দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি অসম জাতীয় পৰিষদ দলে আজমল বাহিনীৰ সাম্প্ৰদায়িক আৰু অসমীয়া বিদ্বেষী ৰাজনীতিৰ তীব্ৰ প্ৰতিবাদ কৰে৷ গুৱাহাটীৰ জুৰোড স্থিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত আজি বিয়লি শতাধিক দলীয় কৰ্মী সমবেত হৈ ‘বদৰুদ্দিন আজমল মুৰ্দাবাদ’, ‘ছিৰাজুদ্দিন আজমল মুৰ্দাবাদ’, ‘অসমত সাম্প্ৰদায়িক ৰাজনীতি নচলিব’, ‘অসমত অসমীয়া বিদ্বেষ নচলিব’, ‘অসমত অসমীয়া ভাষা কবই লাগিব’, ‘এ আই ইউ ডি এফ বিজেপিৰ দালাল’ আদি শ্লোগান দিয়ে৷ কালি ৰাজ্যসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ পক্ষ্যত ভোট দিয়া এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ তথা বিধায়ক ছিৰাজুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি জাতীয় পৰিষদৰ প্ৰতিবাদকাৰীসকলে পৰিস্থিতি উত্তাল কৰি তোলে৷ প্ৰতিবাদস্থলীত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয়, “বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভাতৃ তথা বিধায়ক ছিৰাজুদ্দিন আজমল ডাঙৰীয়াই আজি দুপৰীয়া অসম বিধানসভাৰ বাহিৰত সাংবাদিকসকলৰ আগত অসমীয়া ভাষাত কথা কবলৈ অস্বীকাৰ কৰে৷ তেওঁ কয় যে তেওঁ ইন্টাৰনেচনেল মানুহ, গতিকে তেওঁ ইন্টাৰনেচনেল ভাষাত কথা কব৷ ইন্টাৰনেচনেল মানুহৰ অসমত কি কাম? তেওঁ ইন্টাৰনেচনেল ভাষাত কথা কওক, তাত আপত্তি কৰিবলগীয়া নাই৷ কিন্তু তেওঁ অসমীয়া ভাষা কেইজনে জানে বুলি কিয় কব৷ তেওঁ নিজেই দেখোন লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি লিখায়৷ তেওঁৰ ভাতৃ বদৰুদ্দিন আজমলে নিজকে এজন শ্ৰেষ্ঠ অসমীয়া বুলি দাবী কৰে, ডিঙিত গামোচা লৈ ফুৰে৷ গতিকে অসমীয়াত কথা নকওঁ আৰু অসমীয়া কেইজনে কয় বুলি কৈ ছিৰাজুদ্দিন আজমল নিজৰ মন-মানসিকতাৰ আচল স্বৰূপ উদঙাই দিলে৷ উক্ত বক্তব্যৰে তেওঁ অসমীয়া ভাষা আৰু জাতিক অপমান কৰিলে৷ এনে কাৰ্য সহ্য কৰা নহ’ব৷’ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলটোৰ বিজেপিৰ সৈতে থকা গোপন বুজাবুজি কালি ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফ বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ জৰিয়তে উন্মোচিত হ’ল বুলি মত প্ৰকাশ কৰি ৰহমানে কয় যে বিজেপিৰ ‘এক দেশ এক ধৰ্ম এক ভাষা’ নীতিৰ অংশ স্বৰূপে বিজেপিয়ে অসমীয়া ভাষাক হত্যা কৰাৰ হকে কাম কৰি থকাৰ ষড়যন্ত্ৰ ইতিমধ্যেই ফাদিল হৈছে৷ বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলৰ উক্ত অসমীয়া-বিদ্বেষী বক্তব্য বিজেপিৰ ষড়যন্ত্ৰৰে অংশবিশেষ বুলি ৰহমানে মত প্ৰকাশ কৰে৷ ছিৰাজুদ্দিন আজমলে অসমীয়া ভাষা আৰু জাতিক অপমান কৰা কাৰ্যৰ বাবে অসমীয়া জাতিৰ ওচৰত ৰাজহুৱা ক্ষমা খোজাৰো দাবী উত্থাপন কৰে জাতীয় পৰিষদৰ মুখপাত্ৰগৰাকীয়ে৷